বতৰ ঘনে ঘনে সলনি হৈছে, ১০২ গৰাকী জোৱান সাজু হৈছে। চণ্ডীগড়ৰ পৰা লেহলৈ যাবলগীয়া এয়াৰ ক্ৰাফটখনত সকলোখিনি ইতিমধ্যে সাজু। নাৰায়ণ সিঙৰ মনটো এবাৰ ঘৰখনলৈ উৰা মাৰিছে। বাসন্তীক বছৰত এবাৰহে লগ পায়। বিয়া হোৱা ৫ বছৰ হ’ল যদিও এনেকুৱা লাগে যেন কালিহে লগ পাইছিল। আঙুলিৰ মূৰত হিচাপ কৰিলে তেওঁ। এবছৰে হ’ল। যোৱা বছৰ গ’ল যদিও বছৰ পূৰা নাই হোৱা। হিচাপবোৰ মাহত আছে। এইটো অভিযান শেষ কৰিয়ে যাবলৈ পাব। পাইনে নাই সেয়াও অৱশ্যে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। সতীৰ্থৰ চিঞৰত সম্বিত ঘূৰি আহিল নাৰায়ণৰ। দৌৰি উঠিলগৈ যাবলৈ সাজু হোৱা বিমানখনত। বতৰ বৰ বেয়া। তথাপি কৰ্তব্য আৰু দেশ ৰক্ষাৰ দায়িত্বৰ আগত এইবোৰ সৰু কথা। বিমান উৰিল। ডাৱৰ আৰু মেঘৰ মাজেৰে যাত্ৰা আৰম্ভ হৈছিল। অকণমানকে চকুলৈ কিবা আবেশে আবৰি ধৰোতে চকামকাকৈ মাকৰ মুখখনে ধৰা দিছিল হে মাথোঁ তাৰপাছত এটা বিকৎ শব্দ। উত্তৰাখণ্ডৰ চামোলী জিলাৰ এখন ভিতৰুৱা গাঁও কোলপুৰীলৈও আহিল খবৰটো। নাৰায়ণৰ ঘৰখনলৈ মানুহৰ সোঁত বৈছে। কোনে কি বুলিনো সান্ত্বনা দিব? কাৰণ ১৯৬৮ চনত খবৰটো আছিল এনেধৰণৰ “৭ ফ্ৰেব্ৰুৱাৰীৰ দিনাখন ইণ্ডিয়ান এয়াৰ ফৰ্চৰ ট্ৰান্সপ’ৰ্ট এয়াৰ ক্ৰাফট AN12 চণ্ডীগড়ৰ পৰা লেহলৈ উৰা মাৰিছিল, বতৰ বেয়া হোৱাৰ বাবে হিমাচল প্ৰদেশৰ ৰোহটাং ৰেঞ্জৰ সমীপৰ ঢাকা গ্লেচিয়াৰত দুৰ্ঘটনাত পতিত হয়। ৬ গৰাকী ক্ৰু মেম্বাৰ আৰু নাৰায়ণ সিঙৰ লগতে ১০২ গৰাকী জোৱান সন্ধানহীন।” সন্ধানহীন মানে একো ক’ব নোৱাৰি, উদ্ধাৰ হোৱাৰ আশা কৰিব পাৰি, মৃত্যু হৈছে বুলিনো মানি কেনেকৈ ল’ব? ঘৰখনত তিনিজনেই মানুহ। পিতৃ মাতৃ আৰু পত্নী বাসন্তী। অপেক্ষা কৰিব বুলিয়ে ৰাইজকো জনালে। ৰাইজেও সঁহাৰি দিলে। আহিব মানুহজন। বছৰ বাগৰি ১০ বছৰত সোমাল। বৃদ্ধ পিতৃ-মাতৃ অসুস্থ হ’ল, বাসন্তীৰ বয়সো ৰৈ নাথাকিল। শহুৰেকে চিন্তা কৰিলে আমাৰ মৃত্যুৰ পিছত বাসন্তীৰ কি হ’ব, কোনে চাব? নাৰায়ণ উভতি আহিব বুলি আৰু মনে নকয়। বহু ভাবি চিন্তি পৰিয়ালৰ এজন ভতিজাকক পুত্ৰ হিচাপে গ্ৰহণ কৰি ৰাইজক সাক্ষী কৰি বাসন্তীক আকৌ এবাৰ বিয়া পতাই দায়িত্ব পালন কৰিলে। তাৰপাছত বাসন্তীৰ জীৱন আগবাঢ়িল। ৫টি সন্তানৰ সৈতে সুখৰ সংসাৰ। হঠাৎ আকৌ কোলপুৰীত কোলাহল! ৫৬ বছৰৰ পাছত নাৰায়ণ উভতি আহিছে। কিন্তু এতিয়া কোলপুৰীত নাৰায়ণে এৰি যোৱা একোৱেই নাই। আনকি নাই বাসন্তীও। মনৰ একোণত উভতি আহিব বুলি পুহি ৰখা আশা বুকুত লৈ বাসন্তীয়ে ২০১১ চনত মৃত্যুক সাৱটিলে। বাসন্তীৰ সন্তানে তেওঁৰ কথা শুনি শুনি ডাঙৰ হৈছে। চকুত চকুলো, দেউতা বুলিয়ে আকোঁৱালি ল’বনে বৰদেউতা বুলি। সামৰিক মৰ্যাদাৰে নাৰায়ণৰ নশ্বৰ দেহ লৈ অনা হ’ল। অৱশেষত এখন কাগজৰ টুকুৰাই নাৰায়ণৰ ঠিকনা দিলে। সেই দুৰ্ঘটনাত মৃত্যু হোৱা জোৱানসকলৰ মৃতদেহ বৰফতে থকাৰ বাবে বহুখিনি ভাল হৈ আছিল। প্ৰকৃততে এই দুৰ্ঘটনাৰ পাছত বহুকেইটা উদ্ধাৰকাৰী দলে সময়ে সময়ে অভিযান চলাই গৈছিল। ২০০৩ চনতো কিছু অৱশিষ্ট পোৱা গৈছিল। কিন্তু শেহতীয়াকৈ চলোৱা উদ্ধাৰ অভিযানত আৰু কেইজনমানৰ মৃতদেহৰ লগতে পোৱা গ’ল নাৰায়ণ সিঙৰ মৃতদেহ। ইউনিফৰ্মৰ নাম প্লেট সঠিকভাৱে আছিল। মৃতদেহবোৰো চিনিব পৰা অৱস্থাত আছিল আৰু শেষত সহায়ক হৈছিল পকেটত থকা কাগজৰ টুকুৰাটো, য’ত বাসন্তীৰ নাম আছিল, ঘৰৰ ঠিকনা আছিল। ত্ৰিৰংগ পতাকাৰে আবৃত হৈ অৱশেষত আহিল নাৰায়ণ। বাসন্তীৰ জ্যেষ্ঠ পুত্ৰই ক’লে, “মা জীয়াই থকা হ’লে এই সন্মান তেওঁ চাই যাব পাৰিলেহেতেন।” None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.