NEWS

Health Tips: শৰীৰৰ অতিৰিক্ত চৰ্বি কমাবলৈ কি কি কৰা উচিত? চৰ্বি কমাবলৈ কি কি খাব লাগে?

অতিমাত্ৰা চৰ্বি হৈ পৰিছে নেকি আপোনাৰ মূৰৰ কামোৰণি? চৰ্বি কমাবলৈ কি কি খাব আৰু কি কি নাখাব? বৰ্তমান সময়ত অতিৰিক্ত ওজন আৰু মেদবহুলতা এক বৃহৎ স্বাস্থ্য সমস্যা হিচাপে দেখা দিছে। এই সমস্যাৰ পৰা হাত সাৰিবলৈ বহুতেই বিভিন্ন ধৰণৰ ডায়েট আৰু ব্যায়ামৰ আশ্ৰয় লয়। কিন্তু আচলতে কি খালে শৰীৰৰ চৰ্বি কমিব? কোনবোৰ খাদ্য এৰাই চলিব লাগে? এই সন্দৰ্ভত চিকিৎসক পল ৰবচন মেধিয়ে কয় যে, ‘চৰ্বি কমাবলৈ হ’লে আমি প্ৰথমে জানিব লাগিব কি খাব নালাগে। মদ্যপান, আইচক্ৰীম, ঐত্যাধিক ফলৰ ৰস, চকলেট, ভজা খাদ্য আৰু ঘিউ, ক’লড্ৰিংছ, ফাষ্টফুড-এইবোৰ খাদ্য সম্পূৰ্ণৰূপে এৰাই চলাটো ভাল।’ তেওঁ লগতে জনায় যে, ‘এই খাদ্যবোৰত অধিক কেলৰি, চেনি আৰু চৰ্বি থাকে। ইয়াৰ উপৰি এইবোৰৰ পুষ্টিমূল্য অতি কম। বিশেষকৈ কোলড্ৰিংছ, সুৰা, বতলৰ জুচত কেৱল ‘কেলৰি’ থাকে,যিয়ে শৰীৰক কোনো উপকাৰ নকৰে।’ তেনেহ’লে কি খাব লাগে? এই সন্দৰ্ভত চিকিৎসক মেধিয়ে কয় যে,পাচলি, ফলমূল, মাছ, সম্পূৰ্ণ শস্যদানা, বাদাম, দৈ আৰু এভকাডো-এইবোৰ খাদ্য নিয়মীয়াকৈ খাব লাগে। এইবোৰ খাদ্যত কম কেলৰি থকাৰ লগতে প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ লৱণ আৰু ফাইবাৰ থাকে। বিশেষকৈ মাছৰ বিষয়ে ডাক্তৰ মেধিয়ে কয় যে, মাছত আন মাংসৰ তুলনাত চৰ্বিৰ পৰিমাণ যথেষ্ট কম। গতিকে সপ্তাহত অন্ততঃ দুবাৰ মাছ খোৱাটো উচিত। এভকাডোৰ বিষয়েও তেওঁ বিশেষভাৱে উল্লেখ কৰে। এভকাডোত স্বাস্থ্যকৰ চৰ্বি থকাৰ লগতে ফাইবাৰো থাকে। ই পেট ভৰাৰ অনুভৱ দিয়ে যাৰ ফলত আমি কম খাওঁ। শেষত ডাক্তৰ মেধিয়ে কয়, মনত ৰাখিব, কেৱল খাদ্য নিয়ন্ত্ৰণেই যথেষ্ট নহয়। নিয়মীয়া ব্যায়াম আৰু সুষম আহাৰৰ কোনো বিকল্প নাই। এই দুয়োটা মিলি গ’লেহে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ’ব পাৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.