NEWS

ৰোহিত শৰ্মাৰ এটা ফোনকলে ৰাহুল দ্ৰাবিড়ৰ জীৱনক দিলে শ্ৰেষ্ঠতম উপহাৰ

ভাৰতীয় ক্ৰিকেট দলৰ বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অধিনায়ক ৰোহিত শৰ্মাই কৰা আহ্বানক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ আহ্বান বুলি অভিহিত কৰিছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতীয় দলৰ বাবে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে ৰাহুল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ প্ৰশিক্ষণৰ অধীনত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপত জয়লাভ কৰে। যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পাছত ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকৰ কাৰ্যকাল শেষ হৈছিল। কিন্তু পিছত অধিনায়ক ৰোহিত শৰ্মাৰ অনুৰোধত পুনৰ তেঁওৰ কাৰ্যকাল বৃদ্ধি কৰে। এতিয়া দ্ৰাবিড়ৰ মনত পৰিছে ৰোহিতৰ সেই বিশেষ ফোনকলটো। ভাৰতীয় দলটোৱে বাৰ্বাডোছত বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ঘৰলৈ উভতি আহে দলটো। ঘৰলৈ উভতি অহাৰ লগে লগে মুম্বাইত তেওঁলোকৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিমান বন্দৰৰ পৰা ষ্টেডিয়ামলৈ সমগ্ৰ ৰাজপথতে ভাৰতীয় দলটোক চাবলৈ বিপুল জনসমাগমৰ সৃষ্টি হয়। বিশ্বকাপ জয় কৰি ভাৰতলৈ ঘূৰা দলটোক মুম্বাইৰ ৰাজপথত বিপুল আদৰণি জনোৱা হৈছিল। ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ ভাৰতীয় দলৰ খেলুৱৈসকলৰ প্ৰতি থকা মৰম আৰু সন্মান দেখি ৱাংখেড়েত আৱেগিক হৈ পৰিছিল দলটোৰ প্ৰতিগৰাকী খেলুৱৈ। সম্বৰ্ধনা অনুষ্ঠানতে ৰোহিতৰ সেই বিশেষ ফোনকলটোৰ কথা সুঁৱৰি পুনৰ আৱেগিক হৈ পৰে ‘মিষ্টাৰ ডিপেণ্ডেবল’ খ্যাত ভাৰতৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Rahul Dravid: ৰোহিত শৰ্মাৰ এটা ফোনকলে ৰাহুল দ্ৰাবিড়ৰ জীৱনক দিলে শ্ৰেষ্ঠতম উপহাৰ, কি কৈছিল এই বিশেষ ফোনকলটোত? Rahul Dravid: ৰোহিত শৰ্মাৰ এটা ফোনকলে ৰাহুল দ্ৰাবিড়ৰ জীৱনক দিলে শ্ৰেষ্ঠতম উপহাৰ, কি কৈছিল এই বিশেষ ফোনকলটোত? ভাৰতীয় ক্ৰিকেট দলৰ বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অধিনায়ক ৰোহিত শৰ্মাই কৰা আহ্বানক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ আহ্বান বুলি অভিহিত কৰিছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতীয় দলৰ বাবে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে ৰাহুল দ্ৰাবিড়ে। অধিক পঢ়ক … 1-MIN READ Assam Mumbai,Maharashtra Last Updated : July 5, 2024, 1:04 am IST Whatsapp Facebook Telegram Twitter Published By : Subham Goswami Written By : NILUTPAL BORAH সম্পৰ্কীয় বাতৰি ভাৰতীয় ক্ৰিকেট দলৰ বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে অধিনায়ক ৰোহিত শৰ্মাই কৰা আহ্বানক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ আহ্বান বুলি অভিহিত কৰিছে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ভাৰতীয় দলৰ বাবে আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে ৰাহুল দ্ৰাবিড়ে। দ্ৰাবিড়ৰ প্ৰশিক্ষণৰ অধীনত ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপত জয়লাভ কৰে। যোৱা বছৰ এদিনীয়া বিশ্বকাপৰ পাছত ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষকৰ কাৰ্যকাল শেষ হৈছিল। কিন্তু পিছত অধিনায়ক ৰোহিত শৰ্মাৰ অনুৰোধত পুনৰ তেঁওৰ কাৰ্যকাল বৃদ্ধি কৰে। এতিয়া দ্ৰাবিড়ৰ মনত পৰিছে ৰোহিতৰ সেই বিশেষ ফোনকলটো। ভাৰতীয় দলটোৱে বাৰ্বাডোছত বিশ্ব চেম্পিয়ন হোৱাৰ পিছত ঘৰলৈ উভতি আহে দলটো। ঘৰলৈ উভতি অহাৰ লগে লগে মুম্বাইত তেওঁলোকৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। বিমান বন্দৰৰ পৰা ষ্টেডিয়ামলৈ সমগ্ৰ ৰাজপথতে ভাৰতীয় দলটোক চাবলৈ বিপুল জনসমাগমৰ সৃষ্টি হয়। বিজ্ঞাপন বিশ্বকাপ জয় কৰি ভাৰতলৈ ঘূৰা দলটোক মুম্বাইৰ ৰাজপথত বিপুল আদৰণি জনোৱা হৈছিল। ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ ভাৰতীয় দলৰ খেলুৱৈসকলৰ প্ৰতি থকা মৰম আৰু সন্মান দেখি ৱাংখেড়েত আৱেগিক হৈ পৰিছিল দলটোৰ প্ৰতিগৰাকী খেলুৱৈ। সম্বৰ্ধনা অনুষ্ঠানতে ৰোহিতৰ সেই বিশেষ ফোনকলটোৰ কথা সুঁৱৰি পুনৰ আৱেগিক হৈ পৰে ‘মিষ্টাৰ ডিপেণ্ডেবল’ খ্যাত ভাৰতৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Icc T20 World Cup , Rahul Dravid , Rohit sharma , T20 World Cup , Team India First Published : July 5, 2024, 1:04 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.