NEWS

ভাৰতীয় পতাকা লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে জংগী প্ৰতিবাদ POKবাসীৰ

ভাৰতত চামিল হ’ব বিচাৰে পাক অধিকৃত কাশ্মীৰবাসী। ভাৰতীয় পতাকা লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে PoKবাসীয়ে সাব্যস্ত কৰিছে জংগী প্ৰতিবাদ। পাক আৰক্ষীলৈ শিল দলিয়াই, লাঠীৰে কোবাই আক্ৰমণ কৰিছে পাক অধিকৃত কাশ্মীৰৰ প্ৰতিবাদকাৰীয়ে।পাকিস্তানে PoK বাসীৰ ওপৰত জাপি দিয়া অত্যধিক কৰৰ বোজা, সামগ্ৰীৰ মুল্যবৃদ্ধি, চূড়ান্ত অনিয়মীয়া বিদ্যু যোগান আদিক লৈ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত PoKবাসী। সেয়ে বহু পাক অধিকৃত কাশ্মীৰ বাসীয়ে ভাৰতত চামিল হ’ব বিচাৰে। পাক অধিকৃত কাশ্মীৰ বাসীয়ে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে এনেবোৰ বিষয়ক লৈ কৰা প্ৰতিবাদৰ সময়ত প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰে পাকিস্তান আৰক্ষী-নিৰাপত্তাৰক্ষী। আৰু তাৰ পাছতে অধিক জংগী হৈ পৰে প্ৰতিবাদকাৰী। প্ৰতিবাদকাৰীয়ে ওলোটাই আৰক্ষী নিৰাপত্তাৰক্ষীক শিল দলিয়াই, লাঠীৰে কোবাই আক্ৰমণ কৰে। ক্ৰমে অধিক অৱনতি ঘটে পৰিস্থিতি। প্ৰতিবাদকাৰীক আৰক্ষীৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পাক অধিকৃত কাশ্মীৰ ৰাাজধানী মুজাফৰবাদ যোৱা শুকুৰবাৰৰে পৰা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটিয়ে জনোৱা আহ্বানত শুকুৰবাৰে মুজাফৰবাদত পালিত হৈছিল হৰতাল তথা চকাবন্ধ, পাক চৰকাৰ বিৰুদ্ধে ওলাই আহিছিল পাক অধিকৃত কাশ্মীৰৰ প্ৰতিবাদী জনতা। এই প্ৰতিবাদী জনতাৰ ওপৰত জপিয়াই পৰে পাক আৰক্ষী। পাক আৰক্ষীক শিল দলিয়াই প্ৰত্যাক্ৰমণ কৰে প্ৰতিবাদ কাৰীয়ে। পাক আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে প্ৰতিবাদকাৰীক। কেৱল মুজাফৰবাদতে নহয় প্ৰতিবাদ সাব্যস্ত হয় ছামাহনি, ছেহনছা, মিৰপুৰ, ৰাৱালকোট, খুৰাট্টা, টাট্টাপানি, হাট্টিন বালাকে ধৰি পাক অধিকৃত কাশ্মীৰৰ প্ৰায়বোৰ স্থানতে। ইয়াৰ পূৰ্বে পাক আৰক্ষীয়ে মুলত মুজাফৰবাদ আৰু মিৰফুৰৰ ভিন্ন স্থানত তালাচী অভিযান চলাই নিশাৰ ভিতৰতে জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটিৰ কেইবাজনো নেতাক গ্ৰেপ্তাৰ কৰিছিল। লক্ষণীয়ভাৱে জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটিয়ে যোৱা মাহতে ১১ মে’ত পাক চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ পাক অধিকৃত কাশ্মীৰত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰিছিল। পাক অধিকৃত কাশ্মীৰৰ প্ৰতিবাদী সংগঠনটোৱে ভিন্ন প্ৰান্তৰ পৰা ৰাজধানী চহৰ মুজাফৰবাদলৈ প্ৰতিবাদী সমদল উলিওৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু তাৰ পূৰ্বেই পাক আৰক্ষীয়ে জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটিৰ কেইবাগৰাকী নেতাক গ্ৰেপ্তাৰ কৰে। তাৰ পাছতে প্ৰতিবাদ মুখৰ হৈ পৰে জম্মু কাশ্মীৰ জইণ্ট আৱামী এক্সন কমিটিৰ নেতা কৰ্মীসকল। পূৰ্বে ঘোষণা কৰাৰ দৰেই পাক অধিকৃত কাশ্মীৰৰ প্ৰতিটো প্ৰান্তৰে লোক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে। ভিন্ন স্থানত পাকিস্তান আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে সংঘৰ্ষ হয় প্ৰতিবিদকাৰীৰ। আনহাতে পাক আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ বাবে শুকুৰবৰীয়া নামাজতো ব্যাঘাত জন্মাক লৈ ক্ষুদ্ধ আন একাংশ লোক।এনেদৰেই এতিয়া পাক চৰকাৰৰ ককোৰাচেপাত ব্যতিব্যস্ত হৈ পাক অধিকৃত জনতাই বিচাৰে ভাৰতত চামিল হ’বলৈ। লক্ষণীয়ভাৱে ১১ মে’ত বিহাৰৰ বেগুচৰাইত নিৰ্বাচনী প্ৰচাৰ চলায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, প্ৰধানমন্ত্ৰী মোদীৰ পৰৱৰ্তী কাৰ্যকালৰ প্ৰধান এজেণ্ডাৰ ভিতৰত পাক অধিকৃত কাশ্মীৰ পুনৰ ভাৰতত চামিল কৰোৱাৰ কথা উল্লেখ কৰিছিল। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে নেটৱৰ্কৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পাক অধিকৃত কাশ্মীৰবাসীয়ে ভাৰতৰে চামিল হ’ব বিচাৰে বুলি প্ৰকাশ কৰিছিল। শনিবাৰে তেলেংগনাৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লৈয়ো গৃহমন্ত্ৰীগৰাকীয়ে পাক অধিকৃত কাশ্মীৰ ভাৰতত চামিল কৰোৱাৰ ইংগিত দিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.