NEWS

Jorhat News: যোৰহাট পৌৰসভাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ স্বাৰ্থত ৰাজপথৰ মাজত বজাৰ বহোৱাৰ অভিযোগ

ৰাজহৰ নামত ধন সংগ্ৰহৰ বাবে কি নকৰে যোৰহাট পৌৰসভাই! যোৰহাট পৌৰসভাই ধন সংগ্ৰহৰ বাবে সংঘটিত কৰি অহা কামৰ নমুনা দেখিলে সকলোৰে চকু কপালত উঠাটো নিশ্চিত। যোৰহাট পৌৰসভাই নগৰৰ এটি ঐতিহাসিক পথৰ ওপৰতে বজাৰ বহুৱাই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই বজাৰৰ দৃশ্য দেখিলে আপুনি আচৰিত হৈ পৰাটো নিশ্চিত । সাধাৰণ লোকে নিয়ম ভঙ্গ কৰিলে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জাননী জাৰি কৰা যোৰহাট পৌৰসভাই যোৰহাট নগৰৰ এটা ঐতিহাসিক পথৰ ওপৰতে বজাৰ খুলিবলৈ লেচীক গটাই দি ধন সংগ্ৰহ কৰি আহিছে। আহোমৰ শেষ ৰাজধানী যোৰহাট নগৰৰ স্বৰ্গদেউ পুৰন্দৰ সিংহ আৰু স্বৰ্গদেউ কামেশ্বৰ সিংহৰ মৈদামৰ কাষেৰে যোৱা ঐতিহাসিক ৰজামৈদাম পথটোৰ এচোৱাত পথৰ ওপৰতে এখন ছাগলী বজাৰ আবণ্টন দি আহিছে যোৰহাট পৌৰসভাই। সপ্তাহত তিনিৰ পৰা চাৰিদিন ৰজামৈদাম পথৰ ওপৰতে পথটো প্ৰায় আবদ্ধ কৰি ছাগলী বজাৰখন বহে য’ত লেচীয়ে এটা ছাগলীৰ বিনিময়ত ৩৫ টকাকৈ ব্যৱসায়ীসকলৰ পৰা সংগ্ৰহ কৰে । যোৰহাট আৰক্ষী, জিলা প্ৰশাসনৰ সন্মুখতে যোৰহাটৰ ঐতিহ্য ভূলুণ্ঠিত কৰি এটা ঐতিহাসিক পথৰ ওপৰতে বজাৰ বহুৱাৰ সিদ্ধান্ত যোৰহাট পৌৰসভাই কেনেদৰে লব পাৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । আনহাতে আহোম স্বৰ্গদেউসকলৰ স্মৃতি বিজড়িত এই পথটোৰ ঐতিহ্য ৰক্ষাত গুৰুত্ব দিয়াৰ বিপৰীতে যোৰহাট পৌৰসভাই কেৱল ধন সংগ্ৰহৰ বাবেই পথটোৰ ওপৰতে ছাগলী বজাৰ খোলা কাৰ্যই চকু কপালত তুলিছে বহুতৰে । বজাৰ বহা দিনকেইটাত পথটো ছাগলীৰে ভৰি পৰাত তথা পথৰ ওপৰতে ছাগলীৰ কিনা-বেচা হোৱাৰ ফলত সৃষ্টি হোৱা যানজঁটত অতিষ্ঠ হৈ পৰিছে এই পথেৰে যতায়ত কৰা লোকসকল । কিন্তু এই সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি আছে সংশ্লিষ্ট কৰ্তৃপক্ষ । এতিয়া মূল প্ৰশ্নটো হ’ল সম্পূৰ্ণ অবৈধভাবে এটা ঐতিহাসিক ৰাজহুৱা পথৰ ওপৰত বজাৰ খোলাৰ অধিকাৰ যোৰহাট পৌৰসভাক কোনে দিলে ! এই ক্ষেত্ৰত নিমাতে থাকিব নেকি যোৰহাট আৰক্ষী তথা জিলা প্ৰশাসন ! এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব । None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.