গুলী খাম, তেজ দিম, কিন্তু গেট বন্ধ কৰিব নিদিওঁ। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি। আৰক্ষীলৈ লক্ষ্য কৰি শিল, কাঁচৰ বটল নিক্ষেপ। জনতাৰ আক্ৰমণত আহত ASP নিৰ্মল ঘোষ। সংবাদকৰ্মীকে ধৰি কেইবাজনো লোক আহত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। মঙলবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই মেডিকেল সংযোগী আলুবাৰী গে’ট বন্ধ কৰি দিয়াক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। ঘটনাস্থলীত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাত। প্ৰথম অৱস্থাত শান্তিপূৰ্ণভাৱে আলুবাৰী গে’টত প্ৰায় ৩ হাজাৰ চাহ জনগোষ্ঠীয় পুৰুষ-মহিলাই সাব্যস্ত কৰিছিল প্ৰতিবাদ। কিন্তু প্ৰতিবাদ চলি থকাৰ সময়তে একাংশ লোকে আৰক্ষীলৈ লক্ষ্য কৰি শিল, কাঁচৰ বটল দলিওৱাৰ ফলত ৰক্তাক্ত হৈ পৰে প্ৰতিবাদস্থলী। এই ঘটনাত আহত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰ্মল ঘোষকে ধৰি কেইবাজনো আৰক্ষী, সংবাদকৰ্মী আৰু কেইবাজনো লোক। ক্ৰমাৎ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে প্ৰতিবাদৰ সময়ত। পৰৱৰ্তী সময়ত উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয় আৰক্ষীয়ে। উল্লেখযোগ্য যে কোনো জাননী নিদিয়াকে মঙলবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে বন্ধ কৰিবলৈ আহিছিল মেডিকেল সংযোগী আলুবাৰী গে’ট। হঠাৎ আলুবাৰী সংযোগী গে’ট বন্ধ কৰিবলৈ অহাত স্থানীয় লোকসকলৰ মাজত সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়া। কিয়নো পথটোৰে দৈনিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি জালান চাহ বাগিচাৰ শ্ৰমিকসকলেও অহা যোৱা কৰে। আলুবাৰী গে’ট বন্ধ হ’লে বহু সমস্যাৰ সন্মুখীন হ’ব স্থানীয় লোকসকল। উক্ত পথটোৰে ডিব্ৰুগড় মহানগৰৰ কেইবাটাও অঞ্চল সংযোগ হয়। পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীৰ পৰা আৰক্ষীয়ে শতাধিক প্ৰতিবাদকাৰীক আটক কৰি থানালৈ লৈ যায়। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.