NEWS

Kalyan Chaubey: উত্তৰ-পূবৰ ফুটবল খেলুৱৈক অপমান সৰ্বভাৰতীয় ফুটবল ফেডাৰেচৰ সভাপতি কল্যাণ চৌৱেৰ

সৌৰভ গাৰ্গঃ উত্তৰ-পূবৰ ফুটবল খেলুৱৈসকলক চৰম অপমান সৰ্বভাৰতীয় ফুটবল ফেডাৰেচৰ সভাপতি কল্যাণ চৌৱেৰ। কল্যাণ চৌৱেৰৰ মন্তব্য ভাৰতীয় ফুটবলত উত্তৰ-পূবৰ বহু প্ৰতিভাৱান খেলুৱৈ আছে। উত্তৰ পূৰ্বাঞ্চলৰ ফুটবলাৰৰ যথেষ্ট প্ৰতিভা আছে কিন্তু তেওঁলোক ইমান ওখ নহয়। যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ফুটবল মেচসমূহত অসুবিধাৰ সন্মুখীন হ’ব পাৰে উত্তৰ-পূবৰ খেলুৱৈসকল। সেয়েহে আমি ৰাজস্থানত ফুটবলৰ বিকাশ কৰিব লাগিব। কাৰণ ভাৰতৰ পশ্চিম দিশৰ ফুটবলাৰৰ উচ্চতা বেছি।’ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচৰ সভাপতি কল্যাণ চৌৱেৰ এই মন্তব্যৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া হৈছে উত্তৰ-পূবত। বিজেপি নেতা তথা এসময়ৰ আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ কল্যাণ চৌৱেৰ এই মন্তব্য মনোবল ভাঙিব উত্তৰ-পূবৰ ফুটবলাৰসকলৰ। উত্তৰ-পূৰ্বাঞ্চলে ভাৰতক দিছে বহু তাৰকা ফুটবল খেলুৱৈক। আৰু পঢ়ক: অসমৰ জেহাদীক JeMৰ ধন যোগান, CSP যোগে সংগ্ৰহ কৰা ধনেৰে ৰাজ্যত JeMৰ ভেটি গঢ়া শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে NIAৰ দল উল্লেখ্যযে মোহন বাগান, ইষ্ট বেংগল, গোৱাৰ ছলগাওকাৰ দৰে আগশাৰীৰ দলত খেলিছিল কল্যাণ চৌৱে। কিছুদিন পূৰ্বে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচৰ সভাপতিৰ বাবে অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত এসময়ৰ তাৰকা ফুটবলাৰ বাইচুং ভুটীয়াক পৰাস্ত কৰিছিল কল্যাণ চৌৱেৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ফুটবল সন্থাবোৰেই বাইচুং ভুটীয়াক ভোটদান নকৰি কল্যাণ চৌৱেৰ ভোট দি সভাপতি পদত জয়ী কৰাইছিল। কিন্তু সেইজন কল্যাণ চৌৱেৰেই আজি উত্তৰ-পূবৰ ফুটবল খেলুৱৈসকলক চৰম মন্তব্য কৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু পঢ়ক: মহালয়াৰ দিনা দীপলিনাই আপলোড কৰা ফটোক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক! কিন্তু দীপলিনাৰ ফটোক লৈ বিতৰ্ক কিয়? উল্লেখ্য যে বিশ্ব ফুটবলত চাপৰ ফুটবল খৈলুৱৈৰ দপদপনি পূৰ্বৰে পৰা আছে। ৫ ফুট ৮ ইঞ্চিৰ পেলে, ৫ ফুট ৫ ইঞ্চিৰ মাৰাডোনা ৫ ফুট ৭ ইঞ্চিৰ মেছী, ৫ ফুট ৪ ইঞ্চিৰ ৰবাৰ্টো কাৰ্লোছ, ৫ ফুট ৭ ইঞ্চিৰ সুনীল ছেত্ৰীয়ে যদি দুভৰিৰ যাদুৰে বিশ্ব ফুটবলত দপদপাই তাৰকাৰ শাৰীত নাম সন্নিৱিষ্ট কৰিছিল। তেনে ক্ষেত্ৰত কিয় উত্তৰ পূৱৰ খেলুৱৈৰ উচ্চতাক লৈ এনে অপমানসূচক মন্তব্য কৰিলে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচৰ সভাপতি কল্যাণ চৌৱেই সেয়া ৰহস্যৰ আৱৰ্তত। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.