NEWS

বিমানৰ ভিতৰত কি কি কৰিছিল বিৰাট-ৰোহিত-জাদেজা-বুমৰাহে? ভাইৰেল ভিডিঅ’

১৭ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে টি-২০ বিশ্বকাপৰ ট্ৰফী। ইয়াৰ পূৰ্বে ভাৰতে ২০০৭ চনত মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত প্ৰথমবাৰৰ টি-২০ বিশ্বকাপ ট্ৰ’ফী লাভ কৰিছিল টীম ইণ্ডিয়াই। ২৯ জুনত দক্ষিণ আফ্ৰিকাক ৰোমাঞ্চকৰ ফাইনেলত পৰাস্ত কৰি টি-২০ বিশ্বকাপত জয়লাভ কৰে টীম ইণ্ডিয়াই। তাৰ পিছত ভাৰতীয় দলটোৱে প্ৰায় ৩ দিন ধৰি বাৰ্বাডোছত আৱদ্ধ হৈ থাকিব লগা হয় টীম ইণ্ডিয়া। অৱশেষত টী-২০ বিশ্বকাপৰ চেম্পিয়ন হৈ গৃহভূমিত উপস্থিত টীম ইণ্ডিয়া। দিল্লীত অৱতৰণ কৰাৰ আগতেই বিমানখনৰ ভিতৰতে উদযাপন আৰম্ভ কৰিছিল ভাৰতীয় দলটোৱে। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে। বিমানত বিশ্বকাপৰ ট্ৰফী লৈ ক্ৰিকেটাৰসকলৰ উত্তেজনা দেখা গৈছে ভিডিঅ’টোত। ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰহৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, শিৱম ডুবেলৈকে কোনো লোক উদযাপনৰ পৰা আঁতৰি নাথাকিল। Jubilation in the air 🥳 The #T20WorldCup Champions have arrived in New Delhi! 🛬 Presenting raw emotions of Captain @ImRo45 -led #TeamIndia 's arrival filled with celebrations 👏👏 pic.twitter.com/EYrpJehjzj ভাৰতীয় দলটোৰ বিমানখন পুৱা ৬:০৭ বজাত দিল্লী পালেহি। বিশ্ব চেম্পিয়নক চাবলৈ বিমানবন্দৰত ভিৰ কৰিছিল অনুৰাগীয়ে। টীম ইণ্ডিয়াৰ তাৰকাসকলক উৎসৱমুখৰ মাজেৰে আদৰণি জনোৱা হয়। আজি প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰা বিজয় পেৰেডত অংশ লোৱাক লৈ বিভিন্ন কাৰ্যসূচীত অংশ ল’ব ভাৰতীয় দলে। Travelling with the prestigious 🏆 on the way back home! 😍 🎥 WATCH: #TeamIndia were in excellent company during their memorable travel day ✈️👌 - By @RajalArora #T20WorldCup pic.twitter.com/0ivb9m9Zp1 বিয়লি ৪ বজাত মুম্বাইলৈ উৰা মাৰিব ভাৰতীয় দলটো। মেৰিন ড্ৰাইভৰ নৰিমান পইণ্টৰ পৰা মুকলি বাছেৰে ২ কিলোমিটাৰ ৰোড শ্ব’। অৱশেষত BCCI সন্ধিয়া ৭ বজাত ৱানখেড়ে ষ্টেডিয়ামত ভাৰতীয় দলটোক আদৰণি জনাব। It's home 🏆 #TeamIndia pic.twitter.com/bduGveUuDF দিল্লীত অৱতৰণ কৰাৰ আগতেই বিমানখনৰ ভিতৰতো ভাৰতীয় দলে বিশ্ব চেম্পিয়ন হোৱা আনন্দ উদযাপন আৰম্ভ কৰিছিল। ছ’চিয়েল মিডিয়াত BCCIএ শ্বেয়াৰ কৰিছে কেইবাটাও ভিডিঅ’। বিমানত বিশ্বকাপৰ ট্ৰফী লৈ ক্ৰিকেটাৰসকলৰ হৰ্ষোল্লাস কৰা দেখা গৈছে ভিডিঅ’টোত। ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাহৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ জাদেজা, মহম্মদ ছিৰাজ, শিৱম ডুবেলৈকে সকলো প্ৰাণ ভৰি উদযাপন কৰিছে বিশ্ব চেম্পিয়নৰ আনন্দ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.