NEWS

কৰ্ম ব্যস্ততাৰ মাজতো অভিনয়,কামৰূপীয়া লোকগীতৰ চৰ্চা এগৰাকী চৰকাৰী কৰ্মচাৰীৰ

এজন ব্যতিক্ৰমী ব্যক্তি, নাম তেওঁৰ গগন চৌধুৰী। পেছাত এগৰাকী চৰকাৰী কৰ্মচাৰী। কৰ্ম ব্যস্ততাৰ মাজতো অভিনয়, কামৰূপীয়া লোকগীতৰ চৰ্চাত বৰ্তি থাকে এই ব্যক্তি জন। ঘৰ পাঠশালাত যদিও বিগত বহু বছৰ কৰ্ম সূত্ৰে থাকে নগাঁওত। নগাঁও বিশেষ কাৰাগাৰত কৰ্মৰত এই কৰ্মচাৰীজন আজি নগাঁওৰ নাট্য জগত খনৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত হৈ নগঞা ৰাইজৰ লাভ কৰিছে বিশেষ সমাদৰ। উল্লেখ্য যে ১৯৯২ চনত চৰকাৰী চাকৰি লাভ কৰিছিল এই গগন চৌধুৰীয়ে, কিন্তু চাকৰি লাভ কৰাৰ আগৰে পৰা বহু নাটক, ভিচিডি আৰু লোক সংগীতৰ লগত জড়িত হৈ থকা এই ব্যক্তিজনে আজিও অব্যাহত ৰাখিছে তাৰ চৰ্চা। এসময়ত ভ্ৰাম্যমাণত কৰা বলিষ্ঠ অভিনয়ৰে দৰ্শকক মুগ্ধ কৰা গগন চৌধুৰীয়ে চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ঠাইত মঞ্চস্থ হোৱা নাটকত অভিনয় কৰি আহিছে। চৌধুৰীয়ে All india drama Competitionৰ সহযোগত মুম্বাইত অনুষ্ঠিত হোৱা এক নাটকত চমতা সাহিত্য অকাডেমি কলা বঁটা পাবলৈ সক্ষম হোৱাৰ লগতে নতুন দিল্লীতো এক নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আম্বেদকাৰ ফেলশ্বিপ বুটলিবলৈ সক্ষম হয়। অসমৰ লগতে ভাৰতবৰ্ষ বিভিন্ন ৰাজ্যত তেওঁ নাটকত অভিনয় কৰি দৰ্শকৰ আমোদৰ লাভ কৰিছে। অন্যহাতে গগন চৌধুৰীয়ে নগাঁৱৰ অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ সময়তে ২০০৪ত Audition দিয়ে আৰু তাত তেওঁ পাছ কৰি তেতিয়াৰ পৰা তেওঁ অনাতাঁৰ কেন্দ্ৰৰ সৈতে সংযুক্ত হৈ কামৰূপীয়া লোক গীত পৰিবেশন কৰি আহিছে, লগতে সেই লোক গীতৰ ওপৰত চৌধুৰীয়ে ভিচিডি যেনে ফুল চন্দন তুলসী, ৰাধাকৃষ্ণ, জয় হনুমান আদিও প্ৰস্তুত কৰি উলিয়াইছিল। উল্লেখ্য যে গগন চৌধুৰীয়ে ৮ পৰা ১২ ঘন্টা কৰ্ম কৰি ওনাটক কৰি আহিছে। ভবিষ্যতেও তেওঁ নৱপ্ৰজন্মকো শিকাইযাব বুলি মত প্ৰকাশ কৰে।উল্লেখ্য যে গগন চৌধুৰীয়ে কয় যে বৰ্তমান সময়লৈকে কোনো বিভাগীয় কৰ্তৃপক্ষই, নগাঁও জিলা প্ৰসাশন, বা অসম চৰকাৰৰ ফালৰ পৰা কোনো সন্মান জনোৱা নাই যদিও ৰাইজে যিখিনিমৰম আৰু সন্মান দি আহিছে, সেইখিনিয়ে তেওঁৰ বাবে যথেষ্ট বুলি ভাবি আহিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.