অসম চৰকাৰৰ বিত্তীয় সংকটক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে। আৰ্থিক সংকট মানে কি বুলি বিৰোধীক প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয়, ‘আৰ্থিক সংকটৰ মাজতো মানুহে অৰুণোদয় পাই আছে। ১ তাৰিখে দৰমহা পাই আছে। ফ্লাই অভাৰ নিৰ্মাণ হৈ আছে, মথাউৰি নিৰ্মাণ হৈ আছে। গতিকে আৰ্থিক সংকটৰ সংজ্ঞাটো কি মই বুজি নাপাওঁ। গতিকে তেওঁলোক মোক সূত্ৰটো বুজাই দিলে হ’ল যে আৰ্থিক সংকট মানে কি বুজায়।’ তেওঁ লগতে কয়, ‘পূজা কমিটীয়ে কাইলৈ টকা পাব। বিহু কমিটীয়েও টকা পায়। ভাওনা কৰিলেও টকা পায়। গতিকে ক’ত আৰ্থিক সংকট আছে মোক দেখুৱাই দিলে হ’ল।’ বিত্তীয় সংকটৰ তথ্য প্ৰমাণ লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। নিয়মিতভাৱে চৰকাৰী ধন লাভ কৰি থকাৰ পাছতো বিত্তীয় সংকটৰ অভিযোগৰ ভিত্তি কি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যবাসীৰ মূৰত অত্যধিক ঋণৰ বোজা জাপি দি ঋণৰ টকাৰে চৰকাৰে চলোৱাৰ অভিযোগ অনা বিৰোধীলৈ মুখ্যমন্ত্ৰীয়ে দিয়ে আন এক উত্তৰ। মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘দেশৰ ভিতৰত অসমত কম ঋণ গ্ৰহণৰ পৰিমাণ। ইয়াৰ বিপৰীতে দেশৰ কংগ্ৰেছশাসিত ৰাজ্যসমূহত সৰ্বাধিক ঋণ গ্ৰহণৰ পৰিমাণ।’ ইপিনে ধনৰ অভাৱত জল জীৱন আচনি বন্ধ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ ঠিকাদাৰৰ পৰা কমিচন সংগ্ৰহ কৰাৰ বাবে নিম্নমানৰ কাম হোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ৷ সেয়ে ৰাজ্যৰ জল জীৱন আঁচনিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ এনে মন্তব্যৰ বিৰুদ্ধে সৰব হৈ পৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা৷ মল্লবৰুৱাই কয়, ‘ৰাজ্যত পূৰ্বে ১% মানুহে লাভ কৰিছিল চৰকাৰী বিশুদ্ধ খোৱাপানী৷ বিপৰীতে জল জীৱন আঁচনিৰ বাবে বৰ্তমান ৮২% শতাংশ মানুহে বিশুদ্ধ খোৱাপানী লাভ কৰিছে।’ তেনেসময়ত কংগ্ৰেছ সভাপতিৰ সমালোচনা বেজীয়ে চালনীক হাঁহৰ দৰে হৈছে বুলি কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লৰ৷ পিছে, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সমান্তৰালকৈ জল জীৱনৰ কাম সাময়িকভাৱে বন্ধ ৰখাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে এক বিশেষ মন্তব্য। তেওঁ কয়, ‘জল জীৱন আঁচনিক লৈ সমস্যা এটা আছে৷ এই সমস্যা কেৱল অসমতে নহয় সমগ্ৰ দেশজুৰি হৈছে।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.