NEWS

আনতকৈ ২০ শতাংশ কমত জিঅ’ই আগবঢ়াইছে জনপ্ৰিয় প্ৰিপেইড প্লান

বৃদ্ধি পালে টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জ প্লানৰ দাম। প্ৰথমে জিঅ’ৰ ফালৰ পৰা ৰিচাৰ্জ প্লানৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হয়। তাৰ পিছত এয়াৰটেলেও নিজৰ প্ৰিপেইড আৰু পোষ্টপেইড প্লানসমূহৰ দাম বৃদ্ধিৰ ঘোষণা কৰে। দুয়োটা কোম্পানীৰ নতুন প্লেন ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। জিঅ’ৰ প্লানৰ দাম ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ বিপৰীতে এয়াৰটেলৰ দামত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি কৰা হৈছে। দামৰ বাদে বাকী সুবিধা দুয়োটা কোম্পানীৰ প্লানত প্ৰায় একেই। ইফালে, জিঅ’ আৰু ভাৰতীয় এয়াৰটেলৰ পিছত ভোডাফোন আইডিয়ায়ো নিজৰ ম’বাইল টেৰিফ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। কোম্পানীটোৱে কয় যে ৪ জুলাইৰ পৰা নতুন প্লানত ১১ৰ পৰা ২৪ শতাংশ বৃদ্ধি পাব। কিন্তু জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ ভিতৰত কোনটো কেম্পানীৰ টেৰিফৰ দাম কিমান হৈছে। চাও আহক তিনিওটা টেলিকম কোম্পানীৰ টেৰিফ প্লেনৰ এক তুলনামূলক বিশ্লেষণ। নতুন প্লান ১ মাহৰ ভেলিডিটিযুক্ত প্লান ২ মাহৰ ভেলিডিটিযুক্ত প্লান ৩ মাহৰ ভেলিডিটিযুক্ত প্লান ১২ মাহৰ ভেলিডিটিযুক্ত প্লান ডাটা পেক পোষ্টপেইড অসমৰ বাতৰি / খবৰ / জীৱন শৈলী / বৃদ্ধি পালে জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জ প্লানৰ দাম, আনতকৈ ২০ শতাংশ কমত জিঅ’ই আগবঢ়াইছে জনপ্ৰিয় প্ৰিপেইড প্লান বৃদ্ধি পালে জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ ৰিচাৰ্জ প্লানৰ দাম, আনতকৈ ২০ শতাংশ কমত জিঅ’ই আগবঢ়াইছে জনপ্ৰিয় প্ৰিপেইড প্লান জিঅ’ৰ প্লানৰ দাম ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ বিপৰীতে এয়াৰটেলৰ দামত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি কৰা হৈছে। দামৰ বাদে বাকী সুবিধা দুয়োটা কোম্পানীৰ প্লানত প্ৰায় একেই। অধিক পঢ়ক … 2-MIN READ Assam Last Updated : June 29, 2024, 3:46 pm IST Whatsapp Facebook Telegram Twitter Published By : Sanjay Kumar Das সম্পৰ্কীয় বাতৰি বৃদ্ধি পালে টেলিকম কোম্পানীসমূহৰ ৰিচাৰ্জ প্লানৰ দাম। প্ৰথমে জিঅ’ৰ ফালৰ পৰা ৰিচাৰ্জ প্লানৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হয়। তাৰ পিছত এয়াৰটেলেও নিজৰ প্ৰিপেইড আৰু পোষ্টপেইড প্লানসমূহৰ দাম বৃদ্ধিৰ ঘোষণা কৰে। দুয়োটা কোম্পানীৰ নতুন প্লেন ৩ জুলাইৰ পৰা কাৰ্যকৰী হ’ব। জিঅ’ৰ প্লানৰ দাম ২২ শতাংশ পৰ্যন্ত বৃদ্ধি পোৱাৰ বিপৰীতে এয়াৰটেলৰ দামত ১৫ৰ পৰা ২০ শতাংশ বৃদ্ধি কৰা হৈছে। দামৰ বাদে বাকী সুবিধা দুয়োটা কোম্পানীৰ প্লানত প্ৰায় একেই। বিজ্ঞাপন ইফালে, জিঅ’ আৰু ভাৰতীয় এয়াৰটেলৰ পিছত ভোডাফোন আইডিয়ায়ো নিজৰ ম’বাইল টেৰিফ বৃদ্ধি কৰাৰ ঘোষণা কৰিছে। কোম্পানীটোৱে কয় যে ৪ জুলাইৰ পৰা নতুন প্লানত ১১ৰ পৰা ২৪ শতাংশ বৃদ্ধি পাব। কিন্তু জিঅ’, এয়াৰটেল আৰু ভোডাফোনৰ ভিতৰত কোনটো কেম্পানীৰ টেৰিফৰ দাম কিমান হৈছে। চাও আহক তিনিওটা টেলিকম কোম্পানীৰ টেৰিফ প্লেনৰ এক তুলনামূলক বিশ্লেষণ। বিজ্ঞাপন নতুন প্লান ১ মাহৰ ভেলিডিটিযুক্ত প্লান জিঅ’ৰ এমাহৰ ভেলিডিটি থকা প্ৰতিদিনে ১ জিবি ডাটাৰ প্লানত আপুনি ভৰিব লাগিব ২৪৯ টকা। আনহাতে এটাৰটেল আৰু ভোডাফোনত একে সুবিধাৰ প্লানত ভৰিব লাগিব ২৯৯ টকা। অৰ্থাৎ জিঅ’ৰ গ্ৰাহকসকলে আন দুটা কোম্পানীতকৈ একে সুবিধাৰ ক্ষেত্ৰত ৫০ টকা কমত লাভ কৰিব এই প্লান। এমাহৰ ভেলিডিটিৰ থকা প্ৰতিদিনে ডেৰ জিবি ডাটাৰ প্লানত জিঅ’ৰ গ্ৰাহকসকলে ভৰিব লাগিব ২৯৯ টকা। আনহাতে, এয়াৰটেল ভোডাফোনত এই প্লানৰ দাম হ’ব ৩৪৯ টকা। জিঅ’ৰ গ্ৰাহকসকলে ৫০ টকা কমত লাভ কৰিব এই প্লান। জিঅ’ৰ এমাহৰ বাবে দৈনিক ২ জিবি ডাটাৰ প্লানৰ দাম এতিয়া হ’ব ৩৪৯ টকা। এই প্লেনৰ বাবে এয়াৰটেল আৰু ভোডাফোন গ্ৰাহকে ভৰিব লাগিব ৩৭৯ টকা। জিঅ’ৰ এমাহৰ বাবে দৈনিক ২.৫ জিবি ডাটাৰ প্লান এতিয়া লাভ কৰিব ৩৯৯ টকাত। আনহাতে, আন দুটা কোম্পানীৰ ক্ষেত্ৰত গ্ৰাহকে ভৰিব লাগিব এই প্লানৰ বাবে ৪০৯ টকা। ২ মাহৰ ভেলিডিটিযুক্ত প্লান ২ মাহৰ ভেলিডিটিযুক্ত জিঅ’ৰ দৈনিক ১.৫ জিবি ডাটাৰ প্লান এতিয়া উপলব্ধ হ’ব ৫৭৯ টকাত। এয়াৰটেল আৰু ভোডাফোনৰ ক্ষেত্ৰত এই প্লানৰ দাম হ’ব একেই। ২ মাহৰ ভেলিডিটিযুক্ত জিঅ’ৰ দৈনিক ২ জিবি ডাটাৰ প্লান এতিয়া পাব ৬২৯ টকাত। আনহাতে, এয়াৰটেল-ভোডাফোনত এই দাম হ’ব ৬৪৯ টকা। ৩ মাহৰ ভেলিডিটিযুক্ত প্লান তিনি মাহৰ ভেলিডিটিযুক্ত ৬ জিবিৰ ডাটা প্লান এতিয়া গ্ৰাহকে লাভ কৰিব ৪৭৯ টকাত। আনহাতে, এয়াৰটেল-ভোডাফোনৰ ক্ষেত্ৰত এই টাৰিফৰ দাম হ’ব ৫০৯ টকা। জিঅ’ৰ ৩ মাহৰ ভেলিডিটি থকা দৈনিক ১.৫ জিবিৰ প্লান এতিয়া উপলব্ধ হ’ব ৭৯৯ টকা। আনহাতে, এয়াৰটেল-ভোডাফোনৰ ক্ষেত্ৰত এই প্লানৰ দাম হ’ব ৮৫৯ টকা। দৈনিক ২ জিবি প্লানত জিঅ’ৰ গ্ৰাহকসকলে ভৰিব লাগিব ৮৫৯ টকা, এয়াৰটেল-ভোডাফোনৰ গ্ৰাহকে ভৰিব লাগিব ৯৭৯ টকা। ১২ মাহৰ ভেলিডিটিযুক্ত প্লান ২৪ জিবি ডাটাৰ (৩৩৬ দিন)ৰ প্লানত জিঅ’ৰ গ্ৰাহকে ভৰিব লাগিব ১৮৯৯ টকা। ভোডাফোন-এয়াৰটেলৰ গ্ৰাহকে দিব লাগিব ১৯৯৯ টকা। প্ৰতিদিনে ২.৫ জিবি (৩৬৫ দিন)ৰ প্লানত জিঅ’ৰ গ্ৰাহকে ভৰিব লাগিব ৩৫৯৯ টকা। আনহাতে, এয়াৰটেল-ভোডাফোনৰ গ্ৰাহকে ভৰিব লাগিব ৩৫৯৯ টকা। ডাটা পেক জিঅ’ ১ জিবিৰ ডাটা পেকৰ দাম হ’ব ১৯ টকা, এয়াৰটেল-ভোডাফোনৰ ২২ টকা। জিঅ’ৰ ২ জিবিৰ ডাটা পেকৰ দাম হ’ব ২৯ টকা, এয়াৰটেল-ভোডাফোনৰ ৩৩ টকা। জিঅ’ৰ ৬ জিবিৰ ডাটা পেকৰ দাম হ’ব ৬৯ টকা, এয়াৰটেল-ভোডাফোনৰ ৭৭ টকা। পোষ্টপেইড ৩০ জিবি ডাটাযুক্ত জিঅ’ৰ প্লান লাভ কৰিব ৩৪৯ টকাত, এয়াৰটেল-ভোডাফোনৰ গ্ৰাহকে লাভ কৰিব ৪৪৯ টকাত। ৭৫ জিবি ডাটাযুক্ত জিঅ’ৰ প্লান লাভ কৰিব ৪৪৯ টকাত, এয়াৰটেল-ভোডাফোনৰ গ্ৰাহকে লাভ কৰিব ৫৪৯ টকাত। Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Jio , Reliance Jio First Published : June 29, 2024, 3:42 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.