NEWS

পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী! নলবাৰীত কেনকৈ গুলীবিদ্ধ হ’ল ডকাইত হামিদ আলী? আৰক্ষীয়ে দিলে বৰ্ণনা

নলবাৰীৰ মুকালমুৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নলবাৰীত আজি গৰজিল আৰক্ষীৰ বন্দুক। মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত দুৰ্ধৰ্ষ ডকাইত হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰে গুলীচালনা। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হামিদ আলী । নলবাৰীত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত দেওবাৰে পুৱা ডিআইজিপি ইন্দ্ৰাণী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে সম্বোধন কৰে এখন সংবাদ মেল। সংবাদমেলত আৰক্ষী বিষয়াই স্পষ্ট কৰিলে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইতটোলৈ লক্ষ্য কৰি নিশা আৰক্ষীয়ে চলাইছিল গুলী৷ মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক কৰা হৈছিল এনকাউন্টাৰ। নিশা চলা অভিযানত আৰক্ষীৰ জিম্মাৰ পৰা হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাইছিল গুলী। আৰু তেতিয়াই ডকাইত হামিদৰ সোঁ ভৰিত লাগিছিল গুলী। এই ঘটনাত আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবল আহত হৈছে। আৰু পঢ়ক: আকৌ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী! এইবাৰ নলবাৰীত আৰক্ষীৰ গুলীত ঢলি পৰিল কুখ্যাত ডকাইত উল্লেখযোগ্য যে দুদিন পূৰ্বে মুকালমুৱাৰ ৰামপুৰত ব্যৱসায়ীক গুলী চলাই হামিদ আলীসহ তিনি ডকাইতে লুটিছিল প্ৰায় ১০ লক্ষাধিক টকা ৷ শনিবাৰে মুকালমুৱা আৰক্ষীয়ে হামিদ আলীসহ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰি এটা পিষ্টল আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বাইক এখন জব্দ কৰিছিল। ধৃত কংকণ ডেকা নামৰ এজন যুৱক পূৰ্বেও জড়িত আছিল ডকাইতি কেছত। অসমৰ বাতৰি / খবৰ / অসম / পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী! নলবাৰীত কেনকৈ গুলীবিদ্ধ হ’ল ডকাইত হামিদ আলী? আৰক্ষীয়ে দিলে বৰ্ণনা পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলী! নলবাৰীত কেনকৈ গুলীবিদ্ধ হ’ল ডকাইত হামিদ আলী? আৰক্ষীয়ে দিলে বৰ্ণনা নলবাৰীৰ মুকালমুৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নলবাৰীত আজি গৰজিল আৰক্ষীৰ বন্দুক। অধিক পঢ়ক … 1-MIN READ Assam Nalbari,Nalbari,Assam Last Updated : July 21, 2024, 4:23 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি নলবাৰীৰ মুকালমুৱাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। নলবাৰীত আজি গৰজিল আৰক্ষীৰ বন্দুক। মুকালমুৱাৰ ডকাইতি কাণ্ডৰে জড়িত দুৰ্ধৰ্ষ ডকাইত হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে কৰে গুলীচালনা। সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হামিদ আলী । নলবাৰীত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত দেওবাৰে পুৱা ডিআইজিপি ইন্দ্ৰাণী বৰুৱা আৰু আৰক্ষী অধীক্ষক সুপ্ৰিয়া দাসে সম্বোধন কৰে এখন সংবাদ মেল। বিজ্ঞাপন সংবাদমেলত আৰক্ষী বিষয়াই স্পষ্ট কৰিলে এনকাউন্টাৰৰ ঘটনা। আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইতটোলৈ লক্ষ্য কৰি নিশা আৰক্ষীয়ে চলাইছিল গুলী৷ মুকালমুৱা আৰক্ষীৰ জিম্মাত থকা দুৰ্ধৰ্ষ ডকাইত হামিদ আলীক কৰা হৈছিল এনকাউন্টাৰ। নিশা চলা অভিযানত আৰক্ষীৰ জিম্মাৰ পৰা হামিদ আলীয়ে পলায়নৰ চেষ্টা কৰোঁতেই আৰক্ষীয়ে চলাইছিল গুলী। আৰু তেতিয়াই ডকাইত হামিদৰ সোঁ ভৰিত লাগিছিল গুলী। এই ঘটনাত আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শক আৰু এগৰাকী কনিষ্টবল আহত হৈছে। বিজ্ঞাপন আৰু পঢ়ক: আকৌ অপৰাধীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী! এইবাৰ নলবাৰীত আৰক্ষীৰ গুলীত ঢলি পৰিল কুখ্যাত ডকাইত উল্লেখযোগ্য যে দুদিন পূৰ্বে মুকালমুৱাৰ ৰামপুৰত ব্যৱসায়ীক গুলী চলাই হামিদ আলীসহ তিনি ডকাইতে লুটিছিল প্ৰায় ১০ লক্ষাধিক টকা ৷ শনিবাৰে মুকালমুৱা আৰক্ষীয়ে হামিদ আলীসহ দুটা ডকাইতক গ্ৰেপ্তাৰ কৰি এটা পিষ্টল আৰু ডকাইতি কাৰ্যত ব্যৱহৃত বাইক এখন জব্দ কৰিছিল। ধৃত কংকণ ডেকা নামৰ এজন যুৱক পূৰ্বেও জড়িত আছিল ডকাইতি কেছত। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Encounter , Nalbari , Nalbari Police First Published : July 21, 2024, 4:23 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.