NEWS

সুনীলৰ নে জাহাংগীৰৰ? ঢকুৱাখনাৰ মৃতদেহটো কাৰ?

শীঘ্ৰেই ফাদিল হোৱাৰ পথত ঢকুৱাখনাৰ সুনীল গগৈৰ মৃত্যুৰ ৰহস্য। দুই এদিনতে হায়দৰাবাদৰ পৰা আহি পাবহি DNAপৰীক্ষাৰ ৰিপ’ৰ্ট। হায়দৰাবাদৰ ফৰেনছিক পৰীক্ষাগাৰত সম্পন্ন হোৱা DNAপৰীক্ষাৰ ৰিপ’ৰ্টৰ পাছতে পোহৰলৈ আহিব ৰহস্যময় সুনীল গগৈৰ মৃত্যুৰ প্ৰকৃত সত্য। এতিয়াও নিশ্চিত হোৱা নাই ঢকুৱাখনাত উদ্ধাৰ হোৱা মৃতদেহটো প্ৰকৃততে কাৰ আছিল। বিজেপি নেতা সুনীল গগৈৰ নে ধুবুৰীৰ জাহাংগীৰ হুছেইনৰ মৃতদেহ সেয়া DNAপৰীক্ষাৰ ৰিপ’ৰ্টৰ পাছতহে উদ্ধাৰ হ’ব। কিয়নো মৃতদেহ উদ্ধাৰ হোৱাৰ আগনিশা নিৰুদ্দেশ হৈছিল বিজেপি নেতা তথা ঠিকাদাৰ সুনীল গগৈ। লক্ষণীয়ভাৱে, তাৰ দুদিন পূৰ্বে নিৰুদ্দেশ হৈছিল সুনীল গগৈৰ কাম কৰিবলৈ যোৱা ৰাজমিস্ত্ৰী ধুবুৰীৰ জাহাংগীৰ হুছেইন। ৰহস্যজনকভাৱে দুয়োজনৰে আজি পৰ্যন্ত সন্ধান নাই যদিও সুনীল গগৈৰ ঘৰৰ কিছু নিলগত এখন চোমনিত উদ্ধাৰ হৈছিল এটা অৰ্ধদগ্ধ মৃতদেহ। যিটো অতি পৰিকল্পিতভাৱে ৰাসায়নিক দ্ৰব্যৰে জ্বলাই দিয়াৰ লগতে কাটি নিয়া হৈছিল মুণ্ড। লগতে হাত দুখন সম্পূৰ্ণৰূপে জ্বলা অৱস্থাত উদ্ধাৰ হৈছিল। আৰু পঢ়ক : ফাইজান আহমেদৰ মৃত্যুৰ তদন্ত চি বি আইক দিয়ক, মমতা বেনাৰ্জীলৈ পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হত্যাকাণ্ড ইমানেই পৰিকল্পিত আছিল যে মৃতদেহটো কাৰ তাক যাতে নিৰূপণ কৰিব নোৱাৰে তাৰ বাবে হাতদুখন জ্বলাই দিয়া হৈছিল আৰু মূৰটো কাটি লৈ গৈছিল। কিয়নো মূৰটো নহ’লেও হাতৰ থাম্ব ইম্প্ৰেছনৰ জৰিয়তেও চিনাক্ত কৰিব পৰা যায় মৃত ব্যক্তিজনৰ পৰিচয়। যিটোৰ কোনো সুৰুঙাই ৰখা নাছিল হত্যাকাৰীয়ে। ইফালে, অনানুষ্ঠানিকভাৱে ঢকুৱাখনাৰ মৃতদেহটো সুনীল গগৈৰ যে নাছিল সেয়া ৯০% নিশ্চিত যদিও DNAপৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ পাছতে সকলো পোহৰলৈ আহিব। এটা বেল্টৰ টুকুৰাই অধিক ৰহস্যঘন কৰি তুলিছে ঢকুৱাখনা সাপতিয়াৰ নৃশংস হত্যাকাণ্ড৷ ঢকুৱাখনাৰ সাপতিয়া গাঁৱৰ চোমনিত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ আছিল? সুনীল গগৈৰ নে জাহাংগীৰ হুছেইনৰ আছিল মৃতদেহটো তাক লৈ চলিছে চৰ্চা ৷ প্ৰথম অৱস্থাত JJMৰ ঠিকাদাৰ তথা বিজেপি নেতা সুনীল গগৈক নৃশংসভাৱে হত্যা কৰি মুণ্ডহীন মৃতদেহ জ্বলাই দিয়া হৈছিল বুলি সকলো নিশ্চিত আছিল যদিও শেহতিয়াকৈ যোৱা তিনিদিনৰ পৰা এটা বেল্টৰ টুকুৰাই খেলিমেলি লগাইছে সকলো ৷ বিভিন্ন সামাজিক সংগঠনে আয়োজন কৰা সুনীল গগৈৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পৰ্যন্ত বাতিল কৰিবলৈ বাধ্য হৈছে ৰাইজ। কিয়নো DNAপৰীক্ষাৰ কিছু তথ্যই লগাইছে খেলিমেলি। সন্দেহ কৰা হৈছে মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰহে আছিল। ধুবুৰীৰ গৌৰীপুৰৰ ফলিমাৰী ২য় খণ্ড গাঁৱৰ জাহাংগীৰক মিস্ত্ৰী হিচাপে নিয়াৰ দুমাহৰ পাছতে নিখোঁজ হৈছিল। তাৰ দুদিন পাছতে নিখোঁজ হৈছিল সুনীল গগৈ। লগতে পঢ়ক : ক্ৰমে ৰহস্যঘন হৈছে সুনীল গগৈৰ হত্যাকাণ্ড! জাহাংগীৰ আৰু ঘাতকৰ সন্ধান উলিওৱাত আৰক্ষীৰ পুতৌ লগা ব্যৰ্থতাৰ আঁৰত কি? ইফালে জাহাংগীৰৰ ঘৰতো হাহাকাৰ লাগিছে নিৰুদ্দেশ হোৱাত। সুনীল গগৈ নিৰুদ্দেশ হোৱা দুদিন পূৰ্বে নিখোঁজ হৈছিল জাহাংগীৰ হুছেইন। জাংহাগীৰৰ আছে দুগৰাকী কন্যা সন্তান। আনহাতে সুনীল গগৈৰ অত্যধিক ঋণ থকাৰো তথ্য পোহৰলৈ আহিছে যদিও নিশ্চিত হোৱা নাই এই তথ্য। নিখোঁজ হোৱাৰ পূৰ্বে কেইবাটাও ইঞ্চুৰেঞ্চ কৰিছিল সুনীল গগৈয়ে। জাহাংগীৰ হুছেইনক সুনীল গগৈয়ে দিবলৈ আছিল ৫লাখ টকা। এই কথা প্ৰকাশ কৰিছে জাহাংগীৰ হুছেইনৰ পত্নীয়ে। পৰিকল্পিতভাৱে সুনীল গগৈয়ে জাহাংগীৰ হুছেইনক হত্যা কৰি বহিঃ ৰাজ্যলৈ পলায়ন কৰি সমগ্ৰ ঘটনাক অন্য দিশে নিয়াৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। কিয়নো মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই ইংগিত দিছে যে, উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ নাছিল। অৱশ্যে DNAপৰীক্ষাৰ ৰিপ’ৰ্ট অহাৰ পাছতহে নিশ্চিত হ’ব সেই কথা। সুনীল গগৈয়ে আধা বাটতে নমাই দিছিল জাহাংগীৰক ঘটনাৰ আগদিনা অৰ্থাৎ ৩০মে’ৰ দিনা সুনীল গগৈ আৰু ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইন একেলগেই ওলাই গৈছিল। কামলৈ বুলি ওলাই যোৱা ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনক আধা ৰাস্তাতে নমাই দিছিল সুনীল গগৈয়ে। তাৰ পাছৰ পৰাই সন্ধান নাই ৰাজমিস্ত্ৰী জাহাংগীৰ হুছেইনৰ। উল্লেখ্য যে, জল জীৱন মিছনৰ নামত ব্যাপক ধন সংগ্ৰহ কৰা জলসম্পদ বিভাগৰ অভিযন্তা জয়ন্ত গোস্বামীৰ গ্ৰেপ্তাৰৰ পাছতেই নাম ওলাইছিল সুনীল গগৈৰ। এইজন সুনীল গগৈৰ তথ্যৰ ভিত্তিতে অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰকে। যাৰ বাবে সন্দেহ কৰা হৈছে তৃতীয় পক্ষও জড়িত থকাৰ। সমগ্ৰ ঘটনা পোহৰলৈ আহিব দুই এদিনতে। হায়দৰাবাদৰ পৰা ফৰেনছিকৰ ৰিপ’ৰ্ট আহিলে স্পষ্ট হ’ব সকলো। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.