NEWS

Jorhat News: যোৰহাটত মাটিৰ ব্যৱসায়ৰ স্বাৰ্থত প্ৰাকৃতিক জানৰ মাজতে নিৰ্মাণ কৰিলে পকী পুল, জলমগ্ন পশ্চিম যোৰহাটৰ বিস্তীৰ্ণ অঞ্চল

যোৰহাটৰ বৃহৎ অঞ্চলৰ পৰা পানী ওলাই যোৱা প্ৰাকৃতিক জানৰ ওপৰতে এইবাৰ মাটিৰ ব্যৱসায়ীয়ে নিৰ্মাণ কৰিলে পকী পুল। জানটোৰ ওপৰতে পকীপুল নিৰ্মাণ কৰাৰ ফলত পানীৰ প্ৰবাহত বাধাৰ সৃষ্টি হৈ বৃহৎ অঞ্চল পানীয়ে বুৰাই পেলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জনসাধাৰণৰ মাজত । পশ্চিম যোৰহাটৰ অতিৰিক্ত পানী ওলাই যোৱাৰ অন্যতম মাধ্যম ৰৰৈয়া জানটো ভেটি তাৰ ওপৰত কেইজনমান লোকে পকী পুল নিৰ্মাণ কৰা ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যোৰহাটৰ দিল্লী পাব্লিক স্কুলৰ সমীপত তথা পৰ্বতীয়া গাঁৱৰ কাষৰ পথাৰৰ মাজেৰে বৈ যোৱা ৰৰৈয়া জানটোৰ ওপৰতে মাটি বিক্ৰী কৰা দুজনমান লোকে মাটিৰ ব্যৱসায়ৰ স্বাৰ্থত বিক্ৰী কৰা মাটিলৈ পথ নিৰ্মাণৰ বাবে নীতি বহিৰ্ভূতভাৱে জানটোৰ ঠিক মাজতে এই পকী পুলটো নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে। উল্লেখ্য যে যোৰহাটৰ বাঘচোং, ৰৰৈয়া, চৰাইবাহী, পুলিবৰ, সৰুচৰাই, আৰআৰএল, পৰ্বতীয়া, চাৰিঙীয়াকে ধৰি বৃহত্তৰ অঞ্চলৰ পানী এই জানেৰে বৈ গৈ ভোগদৈ নদীত পৰিছে। কিন্তু জানটোৰ মাজত এই পকী পুল নিৰ্মাণ কৰাৰ পিছত জানটোৰে পানীৰ প্ৰৱাহ বাধাগ্ৰস্ত হোৱাত বহু অঞ্চল প্লাবিত হৈ পৰিছে। উল্লেখ্য যে এনেধৰণৰ প্ৰাকৃতিকভাবে পানী বৈ যোৱা জানৰ ওপৰত দলং আদি নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগৰ পৰা অনুমতিৰ প্ৰয়োজন। বিভাগে নিৰ্ধাৰণ কৰি দিয়া ডিজাইন অনুসৰিহে এনে জানৰ ওপৰত কোনো নিৰ্মাণকাৰ্য কৰিব পৰা যায়। কিন্তু পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰা এই পকী পুলটো নিৰ্মাণ কৰিবলৈ কোনে এইসকল লোকক অনুমতি দিলে তাক লৈ বৰ্তমান প্ৰশ্নৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত যোৰহাট জিলা প্ৰশাসন তথা জলসম্পদ বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব । যোৰহাট জিলা প্ৰশাসনৰ ওচৰত সমগ্ৰ বিষয়টো সন্দৰ্ভত একাংশ লোকে অভিযোগ দাখিল কৰাৰ পিছত যোৰহাটৰ পশ্চিম ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা তদন্ত আৰম্ভ হৈছে। জানিব পৰা মতে তদন্তৰ পিছতে এই অবৈধ নিৰ্মাণ কাৰ্যৰ ওপৰত শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব সংশ্লিষ্ট কৰ্তৃপক্ষই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.