NEWS

কাজিৰঙাৰ ভিতৰত থকা জলাশয়ত জলকেলি জীৱ-জন্তুৰ

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বন্য জন্তুৰ জলকেলি গৰমৰ পৰা পৰিত্ৰান বিচাৰি পানীতেই পৰি থাকে এতিয়া কাজিৰঙাৰ জীৱ-জন্তু। উৎকট গৰমে এক প্ৰকাৰ জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক৷ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে উষ্ণতা। পূৰ্বৰ তুলনাত আগতীয়াকৈ আহিছে গৰম। বৰষুণৰ অভাবৰ ফলত এইদৰে বৃদ্ধি হৈছে উষ্ণতা। এই গৰমৰ পৰা হাত সাৰিবলৈ মানুহে বিভিন্ন ঘৰতেই থাকি ফেনৰ বতাহ বা AC ৰূমত সোমাই আছে। বহুতেই শীতল পানীয় খাই সতেজ কৰি ৰাখিছে শৰীৰ। এই উৎকত গৰমে এতিয়া প্ৰভাব পেলাইছেজীব-জন্তুৰ ক্ষেত্ৰতো। সেয়ে এতিয়া বেছিভাগ সময়েই পানীত পৰি থাকে কাজিৰঙাৰ জীৱ-জন্তুসমূহ। কাজিৰঙাৰ ভিতৰত থকা জলাশয়তজলকেলি কৰি থকা দেখা গৈছে জীৱ-জন্তুসমূহক। কাজিৰঙাৰ এশিঙিয়া গড়, ম’হ, হাতী, বাঘ, হৰিণ আদিয়ে এতিয়া পানীৰমাজতে থাকি শৰীৰ শীতল কৰিছে। ঋতু পৰিবৰ্তনৰ লগে লগে স্বাভাবিকভাৱেই সলনি হয় বন্যজন্তুৰো স্বভাৱ। সেয়ে এনেকুৱা দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত। উদ্যানখনৰ ভিতৰত থকা জলশয়ত জীৱ-জন্তুৰ জলকেলিৰ দৃশ্য এতিয়া সুূলভ হৈ পৰিছে। এনে নয়নাভিৰাম দৃশ্য দেখি আনন্দ লাভ কৰিছে পৰ্যটকে। এই দৃশ্য উপভোগ কৰিদেশ বিদেশৰ পৰ্যটকসকলো আপ্লুত হৈ পৰিছে৷ উল্লেখ্য যে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ প্ৰায়সমুহ জীৱকুলেই এতিয়া দীৰ্ঘসময় ধৰি পানীত থকা দেখা যায়৷ যি দৃশ্য হৈ পৰিছে অতিকৈ নান্দনিক, মনোমোহা৷ পৰ্যটকৰ লগতে এনে দৃশ্যই মুখত হাহি বিৰিঙাইছে কাজিৰঙাৰ জীপ চালক-গাইডসকলৰো ৷ অসমৰ বাতৰি / খবৰ / অসম / কাজিৰঙাৰ ভিতৰত থকা জলাশয়ত জলকেলি জীৱ-জন্তুৰ, নয়নাভিৰাম দৃশ্য দেখি আনন্দিত পৰ্যটক, চাওক ভিডিঅ’ কাজিৰঙাৰ ভিতৰত থকা জলাশয়ত জলকেলি জীৱ-জন্তুৰ, নয়নাভিৰাম দৃশ্য দেখি আনন্দিত পৰ্যটক, চাওক ভিডিঅ’ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বন্য জন্তুৰ জলকেলি কাজিৰঙাৰ এশিঙিয়া গড়, ম’হ, হাতী, বাঘ, হৰিণ আদিয়ে এতিয়া পানীৰ মাজতে থাকি শৰীৰ শীতল কৰিছে। অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : May 17, 2024, 2:07 pm IST Published By : Sanjay Kumar Das Reported By : Sri Piush Das সম্পৰ্কীয় বাতৰি গৰমৰ পৰা পৰিত্ৰান বিচাৰি পানীতেই পৰি থাকে এতিয়া কাজিৰঙাৰ জীৱ-জন্তু। উৎকট গৰমে এক প্ৰকাৰ জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক৷ অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে উষ্ণতা। পূৰ্বৰ তুলনাত আগতীয়াকৈ আহিছে গৰম। বৰষুণৰ অভাবৰ ফলত এইদৰে বৃদ্ধি হৈছে উষ্ণতা। এই গৰমৰ পৰা হাত সাৰিবলৈ মানুহে বিভিন্ন ঘৰতেই থাকি ফেনৰ বতাহ বা AC ৰূমত সোমাই আছে। বহুতেই শীতল পানীয় খাই সতেজ কৰি ৰাখিছে শৰীৰ। এই উৎকত গৰমে এতিয়া প্ৰভাব পেলাইছেজীব-জন্তুৰ ক্ষেত্ৰতো। সেয়ে এতিয়া বেছিভাগ সময়েই পানীত পৰি থাকে কাজিৰঙাৰ জীৱ-জন্তুসমূহ। কাজিৰঙাৰ ভিতৰত থকা জলাশয়তজলকেলি কৰি থকা দেখা গৈছে জীৱ-জন্তুসমূহক। কাজিৰঙাৰ এশিঙিয়া গড়, ম’হ, হাতী, বাঘ, হৰিণ আদিয়ে এতিয়া পানীৰমাজতে থাকি শৰীৰ শীতল কৰিছে। বিজ্ঞাপন ঋতু পৰিবৰ্তনৰ লগে লগে স্বাভাবিকভাৱেই সলনি হয় বন্যজন্তুৰো স্বভাৱ। সেয়ে এনেকুৱা দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত। উদ্যানখনৰ ভিতৰত থকা জলশয়ত জীৱ-জন্তুৰ জলকেলিৰ দৃশ্য এতিয়া সুূলভ হৈ পৰিছে। এনে নয়নাভিৰাম দৃশ্য দেখি আনন্দ লাভ কৰিছে পৰ্যটকে। এই দৃশ্য উপভোগ কৰিদেশ বিদেশৰ পৰ্যটকসকলো আপ্লুত হৈ পৰিছে৷ উল্লেখ্য যে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ কাজিৰঙাৰ প্ৰায়সমুহ জীৱকুলেই এতিয়া দীৰ্ঘসময় ধৰি পানীত থকা দেখা যায়৷ যি দৃশ্য হৈ পৰিছে অতিকৈ নান্দনিক, মনোমোহা৷ পৰ্যটকৰ লগতে এনে দৃশ্যই মুখত হাহি বিৰিঙাইছে কাজিৰঙাৰ জীপ চালক-গাইডসকলৰো ৷ বিজ্ঞাপন অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Assam News , Kaziranga national Park , local18 First Published : May 17, 2024, 2:07 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.