NEWS

Nalbari News: টিহুৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক, নলবাৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৰাৰপৰা টিহু সংযোগী পথৰ দুৰৱস্থা

The road connecting Akhara to Tihu is in poor condition নলবাৰী জিলাৰ টিহু নগৰৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৰা চক সংযোগী টিহু-আখৰা লোকনির্মাণ পথৰ মৰণফাণ্ড সদৃশ বিধ্বস্ত ৰূপে উদঙাই দিছে ৰাজ্যৰ বাট-পথৰ বিকাশৰ প্ৰকৃত ছবি। জিলাখনৰ টিহু নগৰৰ সমীপৰ খলিহাগুৰিৰ পৰা মথুৰাপুৰ, বড়গাঁও, হাতীপাৰা, শিয়ালমাৰী, যাঠিকুছি, গোৱৰাদল, বকুৱাজাৰী, বৰভাগজাৰী হৈ আখৰা চ’কত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ ঘটা এই পথটো অতি ব্যস্ত আৰু গুৰুত্বপূৰ্ণ পথ হ’ল টিহু-আখৰা লোকনির্মাণ পথ। নলবাৰী জিলাৰ দ্বিতীয় প্রধান নগৰ টিহু আৰু নলবাৰী সদৰক অতি চমুভাৱে সংযোগ কৰা এই টিহু- আখৰা লোকনির্মাণ পথটোৰে দিনে-নিশাই সহস্রাধিক গাড়ী-মটৰ চলাচল কৰাৰ লগতে পুৱাৰে পৰা নিশালৈ বিভিন্ন পথচাৰীয়ে অহা-যোৱা কৰে। তদুপৰি দিনৰ ভাগত স্কুল-কলেজৰ ছাত্র-ছাত্রী, বিভিন্ন চৰকাৰী-বেচৰকাৰী কার্যালয়ত কাম কৰা কর্মচাৰীসকল, বেহা-বেপাৰৰ বাবে টিহু, নলবাৰী,বৰমা আদিলৈ এই পথেৰে যথেষ্ট সংখ্যক লোকে অহা-যোৱা কৰে। কিন্তু পথটোৰ খলিহাগুৰি গোপীনাথ মন্দিৰৰ সমীপৰ পৰা শিয়ালমাৰী আমেৰিকা চ’কলৈ ভয়ানক দুৰ্গম অৱস্থাই বছৰ বছৰ ধৰি যমৰ যাতনা ভোগাই আহিছে পথটোৰে যাতায়াত কৰা ৰাইজক। এই পথছোৱাত বহুবছৰ ধৰি মেৰামতিৰ অভাৱত প্রকাণ্ড প্রকাণ্ড পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈ অকল যাতায়াতৰ অনুপযোগী হৈ পৰাই নহয় পথচাৰীৰ বাবে বিপদজনক হৈ পৰিছে । বিগত বৰ্ষত লোকনির্মাণ বিভাগৰ মুছলপুৰৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে আখৰাৰ পৰা শিয়ালমাৰী আমেৰিকা চ’কলৈ পথছোৱা কিছু মেৰামতি কৰিছে যদিও বাকী পথছোৱা অর্থাৎ আমেৰিকা চ’কৰ পৰা খলিহাগুৰিলৈ পথছোৱা মেৰামতি নকৰাত অতি দূৰ্গম হৈ পৰিছে। এজাক বৰষুণ আহিলেই পথত থকা প্ৰকাণ্ড গাঁতবোৰ পানীৰে উপচি পৰি সমান হৈ থকাত প্ৰায়ে পথচাৰী এনে গাঁতত পৰি আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছে। এই পথেৰে অহা-যোৱা কৰা বাইক,গাড়ী মটৰ আদি সঘনাই বেয়া হোৱাত প্ৰায়ে মেকানিকৰ শৰণাপন্ন হ’বলগীয়া হয়। এই বিষয়ে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৰাইজে কেবাবাৰো অৱগত কৰিছে। এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে পথছোৱা আচঁনিভূক্ত কৰা হৈছে বুলি জানিবলৈ দিছে, কিন্তু আজিলৈ পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা চকুত নপৰাত অঞ্চলবাসী ৰাইজ অতিষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ অমনোযোগিতা আৰু লোকনির্মাণ বিভাগৰ চূড়ান্ত অবহেলাৰ বাবে এই পথেৰে চলাচল কৰা পথচাৰী তথা স্থানীয় ৰাইজে যমৰ যাতনা ভূগি থাকিবলগীয়া হৈছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.