NEWS

গুৱাহাটীত গ্ৰেপ্তাৰ হোৱা দুই ABT সদস্যক লৈ পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য

১৪ মে’ত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল আনছাৰুল্লাহ বাংলা টীমৰ দুই দুৰ্ধৰ্ষ সদস্য। পল্টন বজাৰ ষ্টেচনত গ্ৰেপ্তাৰ হৈছিল বাহাৰ মিঞা আৰু ৰাছেল মিঞা নামৰ এই দুই সন্ত্ৰাসবাদী। দুয়োটা সন্ত্ৰাসবাদীক লৈ এতিয়া তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। ইতিমধ্যে বহু বিস্ফোৰক তথ্য লাভ কৰিছে আৰক্ষীয়ে। সূত্ৰ অনুসৰি, ২০২২ চনত ত্ৰিপুৰা সীমান্তৰে গোপনে ভাৰতত প্ৰৱেশ কৰিছিল অল কায়দা ইন দ্য ইণ্ডিয়ান ছাবকণ্টিনেণ্ট (একিউআইএছ)ৰ ভাতৃ সংগঠন আনছাৰুল্লাহ বাংলা টীমৰ এই দুই সদস্য বাহাৰ মিঞা আৰু ৰাছেল মিঞাই। তেওঁলোকৰ উদ্দেশ্য আছিল এছিয়াত দুৰ্বল হৈ পৰা সংগঠনৰ নেটৱৰ্কৰ ভাৰতৰ মাজেৰে সমগ্ৰ এছিয়ালৈ বিস্তাৰিত কৰা। ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি দুয়ো গৈছিল নেপাললৈ। তাত খলিল মিঞা নামৰ একিউআইএছৰ অন্যতম নেতাজনক সাক্ষাৎ কৰিছিল দুয়ো। এই খলিল মিঞা অসম আৰক্ষীৰ বিশেষ শাখাৰ ম’ষ্ট ৱাণ্টেড। আৰক্ষীৰ চকুত ধুলি দি গোপনে নেপালত প্ৰৱেশ কৰিছিল খলিল মিঞাই। এই খলিল মিঞাৰ নেতৃত্বতে বাহাৰ আৰু ৰাছেলে নেটৱৰ্ক শক্তিশালী কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল। নেপালত নিৰাপত্তাৰক্ষীৰ নজৰৰ পৰা বচাই ৰাখিবলৈ খলিল মিঞাই দুয়োকে শ্ৰমিক িহচাপে নিয়োজিত কৰিছিল এটা ছুৱেটাৰ বনোৱা কোম্পানীত। তাত ৮ মাহ থকাৰ পিছত দুয়ো গৈছিল বেংগালুৰুলৈ। তাতো কাপোৰ কোম্পানীত নিয়োজিত হৈছিল বাহাৰ আৰু ৰাছেল। শ্ৰমিক হিচাপে নিয়োজিত হ’লেও নিজৰ নামত প্ৰস্তুত কৰিব পৰা নাছিল গুৰুত্বপূৰ্ণ নথি। এই বিপদৰ পৰা দুয়োকে উদ্ধাৰ কৰিবলৈ হাতে-কামে লাগিল খলিল মিঞা। বেংগালুৰুৰ পৰা ৰাছেল মিঞাৰ নামত আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি বনাই দিবলৈ সক্ষম হ’ল যদিও বাহাৰৰ নামত হৈ নুঠিল তেনে নথি। ২০২৩ চনৰ আৰম্ভণিতে খলিলৰ সহযোগত নগাঁৱৰ চামগুৰিৰ কানুৱামাৰীলৈ আহিছিল বাহাৰ মিঞা। তাত এবিটিৰ শুভাকাংক্ষী হিচাপে নিয়োজিত মতিউৰ নামৰ লোকজনক যোগাযোগ কৰে খলিল মিঞাই। সেই মতিউৰেই চামগুৰিৰ পৰা বাহাৰ মিঞাক বনাই দিয়ে আধাৰ কাৰ্ড আৰু পান কাৰ্ড। ভুৱা ভোটাৰ আই ডি, পান কাৰ্ড, আধাৰ কাৰ্ড বনোৱাৰ অভিযোগত ২০২৩ চনত অসম আৰক্ষীৰ বিশেষ শাখাই চামগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মতিউৰক। সূত্ৰই সদৰি কৰা মতে, নথি-পত্ৰ যোগাৰ হোৱাত ২০২৩ চনৰ শেষৰফালে চামগুৰিৰ পৰা গুজৰাটত উপস্থিত হয় বাহাৰ মিঞা। খলিলৰ নিৰ্দেশতে বাহাৰৰ লগ লাগে ৰাছেল। তাতো মাছ আৰু কাপোৰৰ ব্যৱসায়ত জড়িত হৈ পৰে। বাহাৰ আৰু ৰাছেলক পথভ্ৰষ্ট যুৱকক চলাহী কথাৰে জেহাদৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰশিক্ষণ দিছিল খলিল মিঞাই। সেইমতে দুয়ো কৰি গৈছিল কাম। যদিও অসমত তেনে সক্ৰিয়তা নাছিল, গুজৰাট, বেংগালুৰুত নেটৱৰ্ক শক্তিশালী কৰাৰ বাবে বহু কাম কৰিছিল দুয়ো। অসম আৰক্ষীৰ বিশেষ শাখাই বেংগালুৰু আৰু গুজৰাটৰ লগতে কেইবাখনো ৰাজ্যৰ আৰক্ষীলৈ এই সন্দৰ্ভত তথ্য বিচাৰি পত্ৰ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে দুয়োৰে পৰা কেতবোৰ পুস্তিকাৰ লগতে তিনিটা ম’বাইল ফোন, ১১খন ছিম কাৰ্ড জব্দ কৰিছে। ইয়াৰ ভিতৰত চাৰিখন বাংলাদেশৰ ছিম কাৰ্ড, এখন নেপালৰ আৰু বাকী ৬খন ভাৰতৰ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.