NEWS

Nazira Rash News: নাজিৰাত ১১খন গাঁৱৰ ৰাইজে একত্ৰিত হৈ অনুষ্ঠিত কৰিব ৰাস, স্থাপন কৰিলে ৰাস মহোৎসৱৰ লাইখুঁটা

ৰাস মহোৎসৱৰ লাইখুটা স্হাপন নাজিৰাৰ নিৰ্মলীয়া গাঁৱত নাজিৰা আঞ্চলিক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন। ২০১৯ চনৰ পৰা নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে। বিগত সময়ৰ দৰে এইবাৰো ২২ আৰু ২৩ নৱেম্বৰ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই উদ্দেশ্যে আজি বৃহত্তৰ নাজিৰা অঞ্চলৰ এঘাৰখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ পুৱাই ভগৱানৰ নাম-কীৰ্ত্তন লৈ নিৰ্মলীয়া গাঁৱৰ খেলপথাৰত লাইখুঁটা স্থাপন কৰে। ৰাস হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্রীকৃষ্ণৰ জীৱনলীলাক প্ৰদৰ্শন কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ উদযাপন কৰা হয়। মাজুলীৰ দক্ষিণপাট সত্রত পোন প্রথমে এই উৎসৱৰ আৰম্ভ হয়। পাছলৈ ৰাসৰ প্ৰসাৰ গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্রলৈ ঘটে তাৰ পাছতে সমগ্ৰ অসমতে এই ৰাস মহোৎসৱ পালন কৰা দেখা যায়। ভগৱান শ্রীকৃষ্ণই মর্ত্যত কৰা কৰ্মৰাজিক ৰাসৰ জৰিয়তে প্ৰতিফলিত কৰা হয়। তেওঁৰ ৰসপূৰ্ণ অৰ্থাৎ তাত্ত্বিক ৰসেৰে সমৃদ্ধ কথাবস্তুক ৰাসলীলাৰ মাধ্যমেৰে আত্মাৰ পৰা পৰমাত্মালৈ, দৈনন্দিন জীৱনৰ সুখানুভূতিক আধ্যাত্মিকতালৈ আৰু কাম প্রবৃত্তিসমূহক কলাত্মক ৰূপ প্ৰদান কৰি ৰাসলীলাত অংকন কৰা হৈছে। শ্ৰীকৃষ্ণৰ সুমধুৰ বংশীধ্বনিত মুগ্ধ হৈ গোপীসকলে য’ৰে কাম ত’তে পেলাই সংসাৰৰ সকলো মোহ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছিল আৰু শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমর্পন কৰিছিল। চমুকৈ এয়াই হৈছে ৰাসোৎসৱৰ মূল অর্থ। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ অসমত অতীজৰে পৰা ৰাস পূর্ণিমাত পালন কৰা হয়। ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদযাপন হৈ আহিছে। বৃহত্তৰ নাজিৰা অঞ্চলৰ উঠি অহা প্ৰজন্ম শিক্ষাৰ ক্ষেত্ৰখনৰ লগতে ধাৰ্মিক ক্ষেত্ৰখনতো যাতে ভালদৰে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিয়ে এঘাৰখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ ৰাস মহোৎসৱ উদযাপন কৰি আহিছে আৰু এইবাৰো তৃতীয়বাৰৰ কাৰণে দুদিনীয়াকৈ বৃহৎ কাৰ্যসূচী পালন কৰিবলৈ নাজিৰাবাসী আগবাঢ়িছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.