NEWS

Nalbari : শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য, নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সম্পন্ন হ’ল কলা উৎসৱ-২০২৪

Regional Kala Utsav-2024 at PM SHRI School JNV-Nalbari, Assam-region নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সম্পন্ন হ’ল কলা উৎসৱ ২০২৪। শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হ’ল এই কলা উৎসৱ। কলা উৎসৱৰ জৰিয়তে বিভিন্ন বিষয়ত সুপ্ত প্ৰতিভাক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়। এই অনুষ্ঠানৰ বিভিন্ন প্ৰতিযোগিতাত উত্তৰ-পূবৰ কেইবাটাও মণ্ডলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শুকুৰবাৰে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত সুপৰ্ণা দে’ই। এই অনুষ্ঠানে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত নৱোদয় অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ এক সুবিধা প্ৰদান কৰে। এই কলা উৎসৱত লোকগীত, জনজাতীয় লোকগীত, জনজাতীয় নৃত্য, ভক্তিমূলক সংগীত আদি প্ৰদৰ্শন কৰে। প্ৰতিকূল বতৰৰ মাজতো বানেকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাকৰিৰ অনুষ্ঠিত এই কাৰ্যসূচীত এটাৰ পাছত আন এটা দলে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে। এই সন্দৰ্ভত নলবাৰীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্তীয়ে কয় যে নৱোদয় বিদ্যালয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত বিভিন্ন নৱোদয় বিদ্যালয়ৰ পৰা বাছনি কৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বাছনি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো NCERTয়ে পৰিচালিত কৰে। ২০১৫ চনৰে পৰা এই উৎসৱ আয়োজন কৰা হৈ আছে আৰু ২০১৮ চনৰ পৰা নৱোদয় বিদ্যালয় সমিতিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে। অসমৰ বাতৰি / খবৰ / অসম / Nalbari : শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য, নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সম্পন্ন হ’ল কলা উৎসৱ-২০২৪ Nalbari : শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভা বিকাশৰ লক্ষ্য, নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সম্পন্ন হ’ল কলা উৎসৱ-২০২৪ Regional Kala Utsav-2024 at PM SHRI School JNV-Nalbari, Assam-region নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হৈছে কলা উৎসৱ ২০২৪। শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হৈছে এই কলা উৎসৱ। অধিক পঢ়ক … 1-MIN READ local18 Nalbari,Assam Last Updated : October 6, 2024, 4:55 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Reported By : Rajesh Baishya সম্পৰ্কীয় বাতৰি নলবাৰীৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সম্পন্ন হ’ল কলা উৎসৱ ২০২৪। শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ জিলাৰ বানেকুছিস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হ’ল এই কলা উৎসৱ। কলা উৎসৱৰ জৰিয়তে বিভিন্ন বিষয়ত সুপ্ত প্ৰতিভাক এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰা হয়। এই অনুষ্ঠানৰ বিভিন্ন প্ৰতিযোগিতাত উত্তৰ-পূবৰ কেইবাটাও মণ্ডলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শুকুৰবাৰে এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত সুপৰ্ণা দে’ই। এই অনুষ্ঠানে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তত নৱোদয় অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশৰ এক সুবিধা প্ৰদান কৰে। এই কলা উৎসৱত লোকগীত, জনজাতীয় লোকগীত, জনজাতীয় নৃত্য, ভক্তিমূলক সংগীত আদি প্ৰদৰ্শন কৰে। প্ৰতিকূল বতৰৰ মাজতো বানেকুছিৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ বাকৰিৰ অনুষ্ঠিত এই কাৰ্যসূচীত এটাৰ পাছত আন এটা দলে তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰে। বিজ্ঞাপন এই সন্দৰ্ভত নলবাৰীস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মিন্টু চক্ৰৱৰ্তীয়ে কয় যে নৱোদয় বিদ্যালয়ে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত বিভিন্ন নৱোদয় বিদ্যালয়ৰ পৰা বাছনি কৰি দিয়া ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বাছনি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো NCERTয়ে পৰিচালিত কৰে। ২০১৫ চনৰে পৰা এই উৎসৱ আয়োজন কৰা হৈ আছে আৰু ২০১৮ চনৰ পৰা নৱোদয় বিদ্যালয় সমিতিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে বুলি জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: local18 First Published : October 6, 2024, 4:50 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.