NEWS

Golaghat District: গোলাঘাট নামটো কেনেকৈ উৎপত্তি হ’ল? গোলাঘাটৰ আছে এক সুকীয়া পৰিচয় আছে বহু ইতিহাস

ধনশিৰি নদীৰ ঘাটত গোলা বা দোকানৰ অৱস্থিতিৰ পৰাই নাম পোৱা উজনি অসমৰ অন্যতম প্ৰাণকেন্দ্ৰ, বাণিজ্যিক জিলা গোলাঘাট। বিভিন্ন জাতি-জনগোষ্ঠীৰ, ধৰ্মাৱলম্বীৰ লগতে, ভাষা-ভাষিক লোকৰ বসতিস্থল এই গোলাঘাট। ভাষ-সাহিত্য সংস্কৃতিৰ লগতে সকলো দিশতে চহকী এই গোলাঘাট জিলা। অসমৰ ইতিহাস প্ৰসিদ্ধ এই গোলাঘাট জিলাতে অৱস্থিত বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। য’ত বিচাৰি পাই এখন সজীৱ প্ৰাণময় পৃথিৱী। কাজিৰঙাৰ লগতে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যৰো আছে এক সুকীয়া ঐতিহ্য। দৈয়াং ধনশিৰি উৰ্বৰা ভূমিত কৃষি কাৰ্যৰ বাবে কৃষকে ৰচে হেঁপাহৰ সপোন। মুঠ ৩৫০২ বৰ্গ কিঃমি মাটি কালিৰে সামৰি থকা গোলাঘাটে ১৯৮৭ চনৰ ৫ অক্টোবৰত পূৰ্ণাংগ জিলাৰূপে স্বীকৃতি লাভ কৰে। উত্তৰে ব্ৰহ্মপুত্ৰ বোৱতী ধাৰ, দক্ষিণে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, পূবে যোৰহাট, পশ্চিমে অসমৰ দুই বৃহৎ জিলা নগাঁও আৰু কাৰ্বি আংলঙে আৱৰি আছে। ঐতিহাসিক দৃষ্টিকোণৰ পৰা গোলাঘাট জিলাই ৰাজ্যৰ ভিতৰতে দখল কৰি আছে সুকীয়া পৰিচয় স্বাধীনতা আন্দোলনৰ পৰা ভাষা সাহিত্য সংস্কৃতিলৈকে, ক্ৰীড়াৰ পৰা শিক্ষালৈকে অৱদান আগবঢ়াই যোৱা বহু মহান মনিষীৰ জন্মস্থান এই গোলাঘাট। ৩৭টা বসন্ত পাৰ কৰা এই গোলাঘাট জিলাই বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰে জিলা দিৱস। গোলাঘাট জিলাৰ ৰাইজৰ আৰু গোলাঘাট জিলা প্রশাসনৰ উদ্যোগত গোলাঘাট জিলা প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। গোলাঘাট জিলা প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি দিনজোৰা কাৰ্যসূচী হিচাপে আজি পুৱা গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত অৱস্থিত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত গোলাঘাট জিলা দিৱস উপলক্ষে অসম চৰকাৰৰ বিত্ত ইত্যাদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগে পতাকা উত্তোলন কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰাৰ পাছতে গোলাঘাট জিলাৰ আৱৰ্ত ভৱনৰ চৌহদত গ্ৰন্থ দান কাৰ্যসূচী গ্ৰহণ কৰে। মন্ত্ৰী অজন্তা নেওগৰ লগতে বিধায়ক মৃণাল শইকীয়া, আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক ৰাজেন সিংৰ লগতে গোলাঘাট জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.