গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায়। এই শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে। মন্ত্ৰী পীযুষ হাজৰিকা কয় যে ‘‘কৌশিক ৰায় দলৰ এগৰাকী অত্যন্ত জ্যেষ্ঠ ব্যক্তি। কৃষ্ণেন্দু পাল দুবাৰৰ বিধায়ক। তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখন যদি চোৱা যায়, তেওঁ সৰুৰ পৰাই দলটোৰ লগত জড়িত। প্ৰশান্ত ফুকন চাৰিবাৰ বিধায়ক, গতিকে ইয়াত নতুন কোনো নাই। তেওঁলোকৰ সহযোগত অসম মন্ত্ৰীসভাই যথেষ্ট কাম কৰিবলৈ সক্ষম হ’ব।’’ ইপিনে, শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাইও সম্প্ৰসাৰিত মন্ত্ৰীসভাখনক লৈ সাংবাদিকৰ আগত উৎসাহেৰে মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে ‘‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মন্ত্ৰীসভাখনৰ এটা কলেবৰ বৃদ্ধি হ’ল। ইয়াৰ লগে লগে মন্ত্ৰীসভাখনৰ আৰু কৰ্মদক্ষতা বৃদ্ধি হ’ল। যোৱা চাৰে তিনিটা বছৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজক আমাৰ চৰকাৰখনে বহুখিনি দিয়াৰ চেষ্টা কৰিছে, এতিয়া আৰু চাৰিজন সহযোগীৰে আৰু কৰ্মদক্ষতাৰে কাম কৰিব পাৰিম। সকলোৱে আনন্দ লাভ কৰিছে। এই মন্ত্ৰীসভাখনক লৈ সকলো অত্যন্ত আগ্ৰহী, উৎসাহী। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভৱিষ্যতৰ দিনত আৰু কাম হ’ব।’’ অসমৰ বাতৰি / খবৰ / অসম / মন্ত্ৰিত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়ক দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী নেতাঃ মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰিত্ব লাভ কৰা আটাইকেইগৰাকী বিধায়ক দলৰ অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শক্তিশালী নেতাঃ মন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মন্ত্ৰীসভাখনৰ এটা কলেবৰ বৃদ্ধি হ’লঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা অধিক পঢ়ক … 1-MIN READ Assam Assam Last Updated : December 7, 2024, 9:43 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka সম্পৰ্কীয় বাতৰি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রী শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আজি অসম মন্ত্রীসভাৰ নৱনিযুক্ত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰে। বিধায়ক প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই আজি মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নৱনিযুক্ত মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰায়। এই শপত গ্ৰহণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে অন্যান্য কেবিনেট মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে। বিজ্ঞাপন মন্ত্ৰী পীযুষ হাজৰিকা কয় যে ‘‘কৌশিক ৰায় দলৰ এগৰাকী অত্যন্ত জ্যেষ্ঠ ব্যক্তি। কৃষ্ণেন্দু পাল দুবাৰৰ বিধায়ক। তেওঁৰ ৰাজনৈতিক ক্ষেত্ৰখন যদি চোৱা যায়, তেওঁ সৰুৰ পৰাই দলটোৰ লগত জড়িত। প্ৰশান্ত ফুকন চাৰিবাৰ বিধায়ক, গতিকে ইয়াত নতুন কোনো নাই। তেওঁলোকৰ সহযোগত অসম মন্ত্ৰীসভাই যথেষ্ট কাম কৰিবলৈ সক্ষম হ’ব।’’ ইপিনে, শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাইও সম্প্ৰসাৰিত মন্ত্ৰীসভাখনক লৈ সাংবাদিকৰ আগত উৎসাহেৰে মন্তব্য প্ৰকাশ কৰে। তেওঁ কয় যে ‘‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি মন্ত্ৰীসভাখনৰ এটা কলেবৰ বৃদ্ধি হ’ল। ইয়াৰ লগে লগে মন্ত্ৰীসভাখনৰ আৰু কৰ্মদক্ষতা বৃদ্ধি হ’ল। যোৱা চাৰে তিনিটা বছৰত মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ৰাইজক আমাৰ চৰকাৰখনে বহুখিনি দিয়াৰ চেষ্টা কৰিছে, এতিয়া আৰু চাৰিজন সহযোগীৰে আৰু কৰ্মদক্ষতাৰে কাম কৰিব পাৰিম। সকলোৱে আনন্দ লাভ কৰিছে। এই মন্ত্ৰীসভাখনক লৈ সকলো অত্যন্ত আগ্ৰহী, উৎসাহী। মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভৱিষ্যতৰ দিনত আৰু কাম হ’ব।’’ বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Jayanta Malla baruah , Pijush Hazarika First Published : December 7, 2024, 9:43 pm IST অধিক পঢ়ক None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.