NEWS

অৱশেষত পোহৰেৰে উজলি উঠিল সন্ধিয়া হ’লেই আন্ধাৰত ডুব যোৱা গাঁওখন, আজিও অসমৰ এই গাঁওখনত নাই বিদ্যুৎ যোগান

সন্ধিয়া হ’লেই আন্ধাৰত ডুব যায় অসমৰ এখন‌ গাঁও। আজিলৈ বিদ্যুৎ সংযোগ হোৱা নাই ৰাজ্যৰ এখন গাঁৱত। ভাৰতৰ স্বাধীনতাৰ পিছৰে পৰা কাছাৰ জিলাৰ সীমান্তৱৰ্তী ডিমা হাছাও জিলাৰ লোদী কাছাৰী গাঁৱত জ্বলা নাই লাইট। সূৰ্যাস্তৰ পিছত গাঁওখন আন্ধাৰত ডুব যায়। ডিজিটেল ইণ্ডিয়াৰ যুগত এখন গাঁৱৰ পয়ালগা দৃশ্য। যেতিয়া গোটেই পৃথিৱীখন মোবাইল ফোন আৰু ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল, সেই সময়তে গাঁৱখনত কোনেও মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ বিদ্যুৎ নাই। পিছে সেই দুৰ্গম অঞ্চলতো আন্ধাৰ আঁতৰাই পোহৰ আনিব বিচাৰিছিল বৰাক উপত্যকাৰ কাছাৰ জিলাৰ উধাৰবন্দৰ সামাজিক সংগঠন বিবেকানন্দ পাঠ মন্দিৰে। অৱশেষত সেই অঞ্চলত উপস্থিত হয় বিবেকানন্দ পাঠ মন্দিৰৰ সদস্যসকল।লোদী কাছাৰী গাঁৱত অৱশেষত জিলিকি উঠিল পোহৰ। সংগঠনটোৰ বিষয়াসকলে সেই গাঁওখনলৈ গৈ তেওঁলোকৰ দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিলে। সংগঠনটোৰ বিষয়াসকলে গাঁওখনৰ প্ৰতিটো পৰিয়ালতে সৌৰশক্তি চালিত লাইট জ্বলোৱাৰ ব্যৱস্থা কৰিছে। দীৰ্ঘদিনৰ অন্তত যেতিয়া আন্ধাৰ আঁতৰাই পোহৰ আহিল, স্বাভাৱিকতে মুখত হাঁহি বিৰিঙাইছে লোদী কাছাৰী গাঁৱৰ পৰিয়ালৰ। ইয়াৰ বাসিন্দাসকল ডিমাছা সম্প্ৰদায়ৰ আৰু বেছিভাগেই খেতিয়ক। উল্লেখযোগ্য যে এই বিবেকানন্দ পাঠ মন্দিৰত প্ৰায় ২০ বছৰ ধৰি সংগঠনটোৱে বিভিন্ন সামাজিক কাম কৰি আহিছে। সংগঠনটোৰ সদস্য ডাঃ কনকদীপ শৰ্মা, অয়নভ পুৰকায়স্থই জনোৱা মতে, যিবোৰ অঞ্চলত আজিও বিদ্যুৎ সংযোগ হোৱা নাই বা বিদ্যুৎ সংযোগৰ কোনো সম্ভাৱনা নাই, সেইবোৰ অঞ্চলত সৌৰশক্তিৰ ব্যৱস্থা কৰি আছে। ইয়াৰ পূৰ্বে ঠালিগ্ৰামৰ নাগাডুম অঞ্চল, ছোট দুধপাতিল, অমৰানগৰ চাহ বাগিচাৰ গাতে লাগি থকা ডলু নদীৰ পাৰৰ গাঁও, অৰুণাবন্দ চাহ বাগিচাকে ধৰি বিভিন্ন অঞ্চলত সৌৰশক্তিৰ যোগেদি প্ৰতিটো ঘৰতে বিদ্যুৎ যোগান ধৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.