NEWS

JMCH কাণ্ড! অটোৱালাই দুজনকৈ বেমাৰী মানুহক পেলাই থৈ আহিছিল ৰাস্তাৰ কাষত! কোন বাইদেউৰ নেতৃত্বৰ অটোৱালাই কৰিছিল অমানৱীয় কাণ্ড?

স্থানীয় লোকঃ ঐ ক’ৰ পৰা আনিছ বেমাৰী মানুহ দুজনক? অটো চালকঃ মোক JMCHৰ পৰা এগৰাকী বাইদেউে এওঁলোকক ইয়াত নমাই থৈ যাব দিছে। স্থানীয় লোকঃ বেমাৰী মানুহক এনেকৈ ৰাস্তাৰ কাষত পেলাই থৈ যাবি নেকি? অটো চালকঃ মই সেইবোৰ নাজানো। মোক নমাই থৈ যাব দিছে। নমাই দিছো। কিবা যদি ক’ব আছে JMCHত গৈ সোধক। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা দুৰ্ঘটনাগ্ৰস্ত দুজন লোক কিদৰে মৰিয়নী পাইছিল গৈ তাৰ এটা ভিডিঅ’ পুনৰ পোহৰলৈ আহিছে। ভিডিঅ’টোত বন্দী হৈছে দুৰ্ঘটনাগ্ৰস্ত ‍ব্যক্তি দুজনক মৰিয়নীলৈ টেম্পুৰে আনি নমাবলৈ চেষ্টা কৰাৰ দৃশ্য। দুৰ্ঘটনাগ্ৰস্ত ব্যক্তি দুজনক মৰিয়নিত নমোৱাত বাধা প্ৰদান কৰিছিল স্থানীয় ৰাইজে। আৰু পঢ়ক: নতুন বছৰত সলনি হ’ব জীৱন! ২০২৫ চনত কপাল ফুলিব ৭ ৰাশিৰ জাতক-জাতিকাৰ! কৰ্মক্ষেত্ৰত লাভ কৰিব বৃহৎ সফলতা! হ’ব ধন-সম্পত্তিৰ গৰাকী! চাওক ২০২৫ বৰ্ষৰ ৰাশিফল ভিডিঅ’টোত এগৰাকী বিশেষ বাইদেউৰ কথা বাৰে বাৰে উল্লেখ কৰিছে অটো চালকগৰাকীয়ে। কিন্তু JMCHৰ পৰা কোন বাইদেউৰ নিৰ্দেশত ৰোগী দুগৰাকীক মৰিয়নী ৰে’ল ষ্টেচনৰ কাষত এৰি থৈ গ’ল। সেয়া ডাঙৰ প্ৰশ্ন। ভিডিঅ’টোত এগৰাকী বিশেষ বাইদেউৱে ব্যক্তি দুজনক মৰিয়নীলৈ পঠোৱা বুলি উল্লেখ কৰিছে। ব্যক্তি দুজনক নমাবলৈ অহা যুৱকজনক চিনাক্ত কৰি সোধ পোছ কৰিলেই ওলাব প্ৰকৃত সত্য। আৰু পঢ়ক: আজি কপাল ফুলিব এইসমূহ ৰাশিৰ জাতক-জাতিকাৰ! হাতলৈ আহিব নতুন সুযোগ! ব্যৱসায়ত লাভ কৰিব সফলতা! মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ চাওক ৮ ডিচেম্বৰৰ ৰাশিফল ইফালে JMCH কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত শনিবাৰে স্পষ্টীকৰণ দিছিল। JMCH কৰ্তৃপক্ষই জনায় যে ব্যক্তি দুজন ১ ডিচেম্বৰত ৱাৰ্ডৰ পৰা নিৰুদ্দেশ হৈছিল। ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষী থানাত JMCH কৰ্তৃপক্ষই দাখিল কৰিছিল এজাহাৰ। কিন্তু প্ৰশ্ন হয় JMCHৰ ৱাৰ্ডৰ পৰা কেনেকৈ অন্তৰ্ধান হ’বলৈ পালে ৰোগী? JMCHত কিমান সুৰক্ষিত ৰোগীসকল তাক লৈও উত্থাপন হৈছে প্ৰশ্ন। বৰ্তমান ৰাজপথতে তিল তিলকৈ মৃত্যুৰে ক্ষণ গণিছে ২ দুৰ্ঘটনাগ্ৰস্তই। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.