NEWS

US Elections 2024: আজি ‘ছুপাৰ টিউছডে’, ডনাল্ড ট্ৰাম্প নে কমলা হেৰিছ? কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি?

আজি ‘ছুপাৰ টিউছডে’। নৱেম্বৰ মাহৰ প্ৰথমটো মঙলবাৰ তথা আজি ৫ নৱেম্বৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰিপাব্লিকান ডনাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ উপৰাষ্টপতি তথা ডেমক্ৰেট কমলা হেৰিছৰ মাজত এইবাৰ দেখা গৈছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। ঐতিহাসিক ভাবে এইবাৰৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত দুই প্ৰাৰ্থীৰ যুঁজখন শেষ পৰ্যন্ত সমানে সমানে চলিছে। অন্তিম ক্ষণত কমলা হেৰিছ আগবাঢ়ি থকাৰ ইংগিত পোৱা হৈছে। নিউ নেচনেল প’লে প্ৰকাশ কৰা অনুসৰি দেও আৰু সোমবাৰে কনলা হেৰিছে ১ শতাংশ ভোটত আগবাঢ়ি আছে। মূলত সাতখন ছুইং ষ্টেটে নিৰ্ণয় কৰিব কোন হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি। দুই ৰাষ্ট্ৰপতি পদ প্ৰাৰ্থীয়ে অন্তিম মূহূৰ্তলৈকে এই সাতখন ষ্টেটত প্ৰচাৰ অব্যাহত ৰাখিছে। কেনেকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়? আমেৰিকান সকলে পোনপটীয়াকৈ ৰাষ্ট্ৰপতি নিৰ্বাচন নকৰে। বিপৰীতে ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা ইলেকটৰেল কলেজ গঠনৰ বাবে ভোট দিয়ে। আমেৰিকাৰ কংগ্ৰেছৰ যিমান সংখ্যক সদস্য থাকে, ইলেকটৰেল কলেজত সিমান সংখ্যক সদস্য নিৰ্বাচন কৰা হয়। আমেৰিকান কংগ্ৰেছ বা সদনত থকা দুখনৰ সদনৰ উচ্চ সদন তথা ছিনেটত ১০০ জন আৰু নিম্ন সদন তথা হাউছ অৱ ৰিপ্ৰেজেনটেটিভছত ৪৩৮গৰাকী সদস্য আছে। অৰ্থাৎ আমেৰিকান কংগ্ৰেছৰ মুঠ সদস্য ৫৩৫ৰ সম সংখ্যক ইলেকটৰেল কলেজ নিৰ্বাচন কৰা হয়। ৰাজ্যৰ জনসংখ্যা অনুযায়ী ইলেকটৰেল কলেজৰ সদস্য সংখ্যা আৱণ্টন দিয়া হয়। বৃহৎ ষ্টেট কেলিফৰ্নিয়াত ৫২ গৰাকী ইলেকটৰ বিপৰীতে ৱায়মিঙত এজন ইলেকটৰ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’বৰ বাবে ২৭০ টা ইলেকটৰেল ভোটৰ প্ৰয়োজন। যুক্তৰাষ্ট্ৰৰ ৫০খন ষ্টেটত জনসংখ্যা অনুসৰি ইলেকটৰছ থাকে। মূলত সাতখন ছুইং ষ্টেটে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্ণয় কৰে বুলি কোৱা হয় । সাতখন ছুইং ষ্টেটৰ মাজত আছে ১৯ টা ইলেকটৰেল কলেজ ভোট থকা পেনছিলভেনিয়া। ১৬টাকৈ ইলেকটৰেল কলেজ ভোট থকা জৰ্জিয়া আৰু নৰ্থ কেৰলিনা, ১৫ টা ইলেকটৰেল কলেজ ভোট থকা মিছিগান, ১১ টা ইলেকটৰেল কলেজ ভোট থকা এৰিজ’না, ১০ টা ইলেকটৰেল কলেজ ভোট থকা উইছকনছিন, আৰু ৬টা ইলেকটৰেল কলেজ ভোট থকা নেৱেডা। ২০২০ চনত নৰ্থ কেৰলিনাৰ বাদে বাকী ৬খন ষ্টেটতে জ’ বিডেনে জয়লাভ কৰিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.