NEWS

Dhakuakhana Murder Case: পাৰ হ'ল ৫টা মাহ, অসম আৰক্ষী-CIDৰ চৰম ব্যৰ্থতা! ক’ত হেৰাই গ’ল ঢকুৱাখনাৰ সুনীল গগৈ? কেতিয়াবা ভেদ হ’বনে সুনীল-কাণ্ডৰ ৰহস্য?

জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ… ১৫৮ দিন, ৩ হাজাৰ ৭৬৮ ঘণ্টা… স্মাৰ্ট অসম আৰক্ষী, CIDৰ চৰম ব্যৰ্থতা। এটা দুটাকৈ উকলিল ৫টা মাহ। দিন বাগৰি যোৱাৰ লগে লগে ক্ৰমে পাহৰণিৰ গৰ্ভত সোমাই পৰা ঢকুৱাখনা কাণ্ডৰ ৫ টা মাহ পাৰ হৈ গ’ল। সময়ৰ সোঁতত হেৰাই গৈছে সেই চাঞ্চল্যকৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া। পাছে আজিও সেই একেই প্ৰশ্ন- সুনীল গগৈ ক’ত? জাহাঙ্গীৰৰ ছিন্ন মুণ্ড ক’ত? ঠিকাদাৰ সুনীল গগৈ আৰু সেই নৃশংস হত্যাৰ বলি হোৱা জাহাঙ্গীৰৰ ছিন্ন মুণ্ড বিচাৰি হায়ৰাণ হোৱা CID আৰু লখিমপুৰ আৰক্ষী আজি ক’ত? ঢকুৱাখনাৰ সাপতিয়া গাঁওৰ এই ঘৰখনৰ সমীপতে ঘটি যোৱা সেই শিহৰণকাৰী ঘটনাৰ ৰহস্য আজিও ভেদ নহ’ল। এতিয়াও বিভ্ৰান্তি-অনিশ্চয়তাৰ মাজত দিন কটাইছে সুনীলৰ পৰিয়ালে। ক’ত হেৰাই গ’ল সুনীল গগৈ? প্ৰশ্নবোৰৰ উত্তৰ আজিও অন্ধকাৰ ঘনখোৰ ৰহস্যৰ মাজত। গাড়ী ঘূৰাই, পুখুৰীৰ পানী সিঁচি তদন্ত চলোৱা CID আৰু আৰক্ষীৰো আজি খবৰ নাই। CIDৰ সংযুক্তা পৰাশৰে কৈছিল “সুনীল গগৈ জীয়াই আছে”। DGP জিপি সিঙে কৈছিল “আমি খবৰ পাইছো” আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখতো শুনিবলৈ পোৱা গৈছিল অসম আৰক্ষীয়ে অভিযুক্ত সজোৱা মোষ্ট ৱাণ্টেড সুনীল গগৈৰ প্ৰসংগ। পাছে সুনীল নিখোজৰ ডেৰশ দিন পিছতো উত্তৰবিহীন প্ৰশ্ন- তেন্তে ঢকুৱাখনাৰ সুনীল গগৈ ক’ত? সুনীল পত্নী পুষ্পা গগৈয়ে পৰিধান কৰি থকা বগা সাজযোৰক লৈও আৰক্ষীয়ে প্ৰশ্ন কৰিছিল। ১ জুনতে সংঘটিত হোৱা ঘটনাটোৰ পিছত তদন্তৰ দায়িত্ব লৈছিল অপৰাধ অনুসন্ধান শাখাই। কেৱল সুনীলৰ পৰিয়ালক জেৰা চলাই চলাই সামৰিলে তদন্ত প্ৰক্ৰিয়া। পাছে আজিও অসমবাসীয়ে পাহৰিব পৰা নাই ঢকুৱাখনা-কাণ্ড। বৈজ্ঞানিক দৃষ্টিভংগীৰে অনুসন্ধান চলাই থকা আৰক্ষীয়ে সঁচাকৈয়ে বিচাৰি পাবনে সুনীল গগৈক? কেতিয়াবা ভেদ হ’বনে সুনীল গগৈ কাণ্ডৰ ৰহস্য? None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.