NEWS

দালালৰ বাবেই এজন যুৱকে হেৰুৱালে চৰকাৰী চাকৰি!

পুনৰ বিতৰ্কত গুৱাহাটীৰ দিছপুৰ চক্ৰ বিষয়া কাৰ্যালয়। নামজাৰিৰ পিছত এইবাৰ EWS চাৰ্টিফিকেটৰ বিয়াগোম জালিয়াতি। দিছপুৰ চক্ৰ বিষয়া কাৰ্যালয়ত কোনে চলাইছে দালালৰাজ? দালাল চক্ৰৰ কৱলত পৰি এজনে হেৰুৱালে ৩টাকৈ চাকৰি। ফটাশিল আমবাৰিস্থিত ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ২০২২-২৩ বৰ্ষৰ প্ৰাক্তন উপ-সভাপতি বিবেক মণ্ডল এতিয়া নামি পৰিছে দালালি কাৰ্যত। দিচপুৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা এইজন বিবেকে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰমাণ পত্ৰৰ দিয়াৰ নামত গোপনে চলাই গৈছে জালিয়াতি। বিবেকৰ চক্ৰবেহুত পৰি দিগবিদিক হেৰুৱাইছে এজন দৰিদ্ৰ যুৱকে। পঢ়াত অতি মেধাসম্পন্ন বিটু পোদ্দাৰ নামৰ যুৱকজনে দালালৰ বেহুত পৰি হেৰুৱালে কেইবাটাও চৰকাৰী চাকৰি। আৰু পঢ়ক: দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰাণৰ পাহাৰ গঢ়িলে কলকাতা নাইট ৰাইডাৰ্ছে EWS প্ৰমাণপত্ৰৰ নামত চলাইছে দালালৰাজ। চক্ৰ বিষয়াৰ ষ্টাম্প সম্বলিত EWS চাৰ্টিফিকেট। এবছৰ পূৰ্বে দুটাকৈ চৰকাৰী চাকৰি লাভ কৰা বোন্দাৰ যুৱকজনে অধ্যয়ন অব্যাহত ৰাখিছিল আন চাকৰিৰ বাবেও। যাৰ বাবে তেওঁক ২০২২বৰ্ষত প্ৰয়োজন হৈছিল EWS চাৰ্টিফিকেটৰ। কিন্তু তাতেই লাগিল অথন্তৰ। কিয়নো চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা দিয়া প্ৰমাণ-পত্ৰখনত ওলাল জালিয়াতি। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে যুৱকজনে বশিষ্ঠ আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ। গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিবেক মণ্ডল নামৰ এই দালালটোক। বিবেকৰ পৰা আৰক্ষীয়ে ইতিমধ্যে লাভ কৰিছে আন বহু তথ্য। সমগ্ৰ জালিয়াতিত আৰু বহু ব্যক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। দালাল চক্ৰত চৰকাৰী কৰ্মচাৰীও জড়িত থকাৰ তথ্য লাভ আৰক্ষীৰ। বিবেকক সহযোগ কৰা আন এটা দালালক বিচাৰি অব্যহত আৰক্ষীৰ অভিযান। এতিয়া প্ৰশ্ন হয় আৰক্ষীয়ে উৎসাত কৰিব পাৰিব নে এইটো চৰকাৰী কাৰ্য্যালয়ৰ পৰা দালালৰাজ? অৰ্থনৈতিকভাৱে দুৰ্বল মেধাবী ছাত্ৰ-ছাত্ৰীসকলে পাবনে ন্যায়? None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.