NEWS

Mamata Banerjee: মমতাৰ ‘মমতা’ক প্ৰত্যাখ্যান বাংলাদেশৰ! অসমলৈ এটাও আলু পঠিওৱাত বাধা দিয়া মমতাই হৃদয় খুলি আদৰিছে বাংলাদেশীক

ইয়াকে কয়, খুজি কিল খোৱা। একেখন দেশৰেই চুবুৰীয়া ৰাজ্যলৈ আলুৰ পৰিবহণ বন্ধ কৰি ৰাইজক বিপদত পেলোৱা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে দেখুৱায় বাংলাদেশীলৈ দৰদ। পিছে, মমতা দিদিৰ কথা শুনি খৰ্গহস্ত হৈ পৰিল বাংলাদেশ চৰকাৰ। মমতাক ধমক বাংলাদেশ চৰকাৰৰ। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক কেৱল ধমক দিয়েই এৰা নাই বাংলাদেশ চৰকাৰে। ইতিমধ্যে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি বাংলাদেশ চৰকাৰে এখন পত্ৰও প্ৰেৰণ কৰিছে বাংলাদেশস্থিত ভাৰতীয় দূতাবাসলৈ। “আমাৰ আভ্যন্তৰীণ বিষয়ত মাত নামাতিব। অযথা কোনো এখন দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব বিচৰা ধৰণৰ কথা আমি বেয়া পাও।” পত্ৰখনত অতি কঠোৰভাবে প্ৰকাশ কৰে বাংলাদেশ বিদেশ মন্ত্ৰালয়ে। যি সময়ত ‘মমতাহীন’ মমতা বেনাৰ্জীৰ কুকৰ্মৰ বাবে অসমৰ ৰাইজে পূৰ্বৰ দামৰ তিনিগুণ টকাৰে আলু কিনি খাবলগীয়া হৈছে, সেই সময়ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ দাম্ভিক মন্তব্য ‘‘বাংলাদেশৰ দাংগাত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আমি আমাৰ ৰাজ্যত আশ্ৰয় দিবলৈ সাজু।" বাংলাদেশীৰ প্ৰতি অহেতুক দৰদ দেখুওৱা মমতা বেনাৰ্জীৰ ‘মমতা’ৰ প্ৰকৃত স্বৰূপ কিন্তু বাস্তব ক্ষেত্ৰত ওলোটা। কেৱল ব্যক্তিগত আখেজ, ৰাজনৈতিক মুনাফা আৰু অহংকাৰৰ বাবেই মমতা বেনাৰ্জীয়ে অসম-বংগ সীমান্তত আলুভৰ্তি শ শ ট্ৰাক ৰখাই থৈছে। ‘মমতাময়’ মমতাৰ নিৰ্দেশ এখনো ট্ৰাক পাৰ হ’বলৈ দিয়া নহ’ব অসম সীমান্তলৈ। মমতা বেনাৰ্জীৰ ‘আশীৰ্বাদ’তেই সম্প্ৰতি অসমত হোৰাহোৰে বাঢ়িছে আলুৰ দাম। অসমৰ দুখীয়া নিচলাৰ মূৰত মাধমাৰ মাৰি মমতাৰ অন্তৰ উথলি উঠিছে বাংলাদেশীলৈ। অসমলৈ এটাও আলু পঠিওৱাত নাৰাজ মমতাই দুহাত মেলি আদৰিছে বাংলাদেশীক। আনকি X যোগেও মমতা বেনৰ্জীয়ে আহ্বান জনাইছে দুৰ্দশাগ্ৰস্ত বাংলাদেশীসকলক—পশ্চিম বংগলৈ আশ্ৰয় ল’বলৈ যোৱাৰ বাবে। পিছে, মমতাৰ এই দাম্ভিক ভাষ্যৰ প্ৰত্যুত্তৰত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতৰ দূতাবাসলৈ পত্ৰ প্ৰেৰণ কৰি দিলে সকীয়নি, ‘‘পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ তথ্য ভুল। বাংলাদেশৰ সংঘৰ্ষত শাসনাধিষ্ঠিত দলৰহে বেছি ক্ষতি হৈছে। আমাক কোনো বিদেশী ৰাষ্ট্ৰৰ সহায়ৰ আৱশ্যক হোৱা নাই। আমি আমাৰ সমস্যা সমাধান কৰিব পাৰো।’’ পত্ৰখনত ভাৰতীয় দূতাবাসলৈ স্পষ্টকৈ বাংলাদেশ চৰকাৰৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰি ক’লে, ‘‘বাংলাদেশৰ আভ্যন্তৰীণ কামত হস্তক্ষেপ নকৰিবলৈ ক’ব মমতাক।’’ উল্লেখ্য যে কথাই কথাই ভেম দেখুওৱা, অসহিষ্ণু মমতা বেনাৰ্জীয়ে বিগত ১৫ দিন ধৰি অসমলৈ আলুৰ ট্ৰাকৰ পৰিবহণত নিষেধাজ্ঞা জাৰি কৰিছে। যাৰ ফলত ৰাজ্যজুৰি বৃদ্ধি পাইছে আলুৰ দাম। পিছে মমতাৰ মমতা আকৌ বাংলাদেশীলৈহে! মমতাৰ উদ্দেশ্য যেন এটাই- দেশৰ মানুহে নাখাই মৰক। বাংলাদেশীক বুকুত সাৱতি কৰিব তেওঁ ৰাজনীতি। অসমৰ ৰাজনৈতিক মহলতো মমতা বেনাৰ্জীৰ শেহতীয়া স্থিতিক লৈ সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ। মমতাৰ এনে স্থিতক সমালোচনা কৰি বিধায়ক সুশান্ত বৰগোহাঁয়ে কয়,‘‘ বৈদেশিক বিষয়সমূহত মমতা বেনাৰ্জীয়ে মাত মতা অশোভনীয়। এনেধৰণৰ কথাত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক ক্ষেত্ৰত ব্যাঘাত জন্মোৱাৰ সম্ভাৱনা আছে। অসমৰ ক্ষেত্ৰত মমতা বেনাৰ্জীয়ে বাণিজ্যিক ক্ষেত্ৰত কিছু অসুবিধাৰহে সৃষ্টি কৰি আহিছে।’’ একেদৰে বিধায়ক দিগন্ত কলিতাকে ধৰি কেইবাগৰাকীও বিজেপি নেতা-বিধায়কে মমতা বেনাৰ্জীৰ এই দুমুখীয়া স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.