NEWS

Benefits of Sugarcane Juice: বহু ৰোগৰ মহৌষধ সোৱাদযুক্ত কুঁহিয়াৰৰ ৰস, জানক কুঁহিয়াৰৰ ৰস খোৱাতো স্বাস্থ্যৰ বাবে কিমান উপকাৰী

সকলোৰে প্ৰিয় কুঁহিয়াৰৰ ৰস । ভাৰততে সৰ্বাধিক পোৱা এই কুঁহিয়াৰৰ আছে বহুতো গুণ । গৰমৰ দিনত সকলোৰে প্ৰিয় কুঁহিয়াৰৰ ৰস। এই কুঁহিয়াৰৰ উৎপাদন ভাৰততে সৰ্বাধিক কৰা হয়। অধিক সোৱাদযুক্ত এই কুঁহিয়াৰৰ ৰসত বহুতো স্বাস্থ্যৰ বাবে উপকাৰী তত্ত্ব থাকে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, প্ৰটিন, ফাইবাৰ, Anti Oxident ইত্যাদি থাকে যিয়ে আমাৰ খাদ্যৰ পাচন শক্তি বৃদ্ধি কৰাত সহায় কৰে। যথেষ্ট পৰিমাণে গ্লুক’জ থকাৰ বাবে নিয়মিত কুঁহিয়াৰৰ ৰস খালেশৰীৰত বহুত এনাৰ্জীৰ পোৱা যায়। Natural Sugar যুক্ত কুঁহিয়াৰৰ ৰসে শৰীৰত গ্লাইছেমিক ইণ্ডেক্সৰ লগতে গ্লুক’জৰ মাত্ৰাও নিয়ন্ত্ৰিত কৰি ৰাখে যাৰ কাৰণে ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ ৰস খোবাটো অতি লাভজনক। কিডনীৰ স্বাস্থ্য বাবেও কুঁহিয়াৰৰ ৰস বহু উপকাৰী যিয়ে শৰীৰত প্ৰটিনৰ মাত্ৰা নিয়মিত কৰাত সহায় কৰে। মহিলা সকলৰ প্ৰায় হোৱা পেচাৱৰ জ্বলা পোৰাটো কুঁহিয়াৰৰ ৰসে মহৌষধৰ কাম কৰে। শৰীৰত কেলছিয়ামৰ অভাৱত দাত, নখ অথবা হাড়ৰ বহুতো সমস্যাই দেখা দিব পাৰে । কিন্তু নিয়মিত কুঁহিয়াৰৰ ৰস সেৱন কৰিলে এই সমস্যা সমূহৰ পৰাও পৰিত্ৰাণ পোৱা যায়। এই কুঁহিয়াৰৰ ৰসত পটেছিয়ামৰ মাত্ৰা অধিক থকাৰ বাবে ই আমাৰ শৰীৰৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট পৰিমাণে সহায় কৰে। ইয়াৰ লগতে পেটৰ বিভিন্ন ধৰণৰ ৰোগ যেনে গেছ, বদহজম, পেটৰ জ্বলন আদিৰ পৰাও ৰক্ষা কৰে।বিভিন্ন ধৰণৰ চৰ্মৰোগৰ সমস্যাত ভোগী থকা লোক সকলে নিয়মিত কুঁহিয়াৰৰ ৰস লগালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। অধিক সোৱাদযুক্ত কুঁহিয়াৰৰ ৰসৰ এই সমূহ গুণে ইয়াক আৰু অধিক বিশেষ কৰি তোলে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.