NEWS

Ind W vs Ban W: ঐতিহাসিক ক্ষণ! বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰত

মহিলা এছিয়া কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। শুকুৰবাৰে ডাম্বুলাত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতীয় দলটোক ৮১ ৰাণৰ লক্ষ্য় বান্ধি দিছিল বাংলাদেশে। ভাৰতে স্মৃতি মান্ধানাৰ ৫৫ (নট-আউট) আৰু শ্বাফালী বাৰ্মাৰ ২৬ (নট-আউট) ৰাণেৰে ১১ অভাৰত ৮৩ ৰাণ সংগ্ৰহ কৰে। আৰম্ভণিতে বাংলাদেশে ৮টা উইকেট হেৰুৱাই ২০ অভাৰত ৮০ ৰাণ সংগ্ৰহ কৰিছিল। শুকুৰবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেলখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। জয়ৰ বাবে প্ৰয়োজনীয় ৮১ ৰাণৰ লক্ষ্যৰে ক্ৰীজত নমা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এটাও উইকেট নেহেৰুওৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতৰ স্মৃতি মান্ধানাই ৩৯টা বলত ৯টা চাৰি আৰু ১টা ছয়েৰে ৫৫ ৰাণ সংগ্ৰহ কৰে। শ্বাফালী বাৰ্মাই ২৮টা বলত ২৬ ৰাণত নট-আউট হৈ ৰয়। আনহাতে, ৭ ৰাণতে প্ৰথমটো উইকেট পতন হয় বাংলাদেশৰ। বাংলাদেশৰ নিগাৰ চুলতানাই বাংলাদেশৰ হৈ সৰ্বাধিক ৫১টা বলত ৩২ৰাণ কৰি সংগ্ৰহ কৰে। ৰেণুকা সিং ভাৰতীয় মহিলা দলৰ বাবে আটাইতকৈ সফল বলাৰ আছিল। ৰেণুকাই ৪ অভাৰত ১০ ৰাণত ৩টা উইকেট দখল কৰিছিল, ৰাধা যাদৱে ৪ অভাৰত ১৪ ৰাণত ৩টা উইকেট দখল কৰিছিল। আনহাতে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই ১টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। অসমৰ বাতৰি / খবৰ / ক্ৰীড়া / Ind W vs Ban W: ঐতিহাসিক ক্ষণ! বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰত Ind W vs Ban W: ঐতিহাসিক ক্ষণ! বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰি মহিলা এছিয়া কাপৰ ফাইনেলত ভাৰত মহিলা এছিয়া কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। শুকুৰবাৰে ডাম্বুলাত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতীয় দলটোক ৮১ ৰাণৰ লক্ষ্য় বান্ধি দিছিল বাংলাদেশে। অধিক পঢ়ক … 1-MIN READ Assam Last Updated : July 26, 2024, 6:14 pm IST Whatsapp Facebook Telegram Twitter Published By : Dipankar Dutta Written By : Dipankar Dutta সম্পৰ্কীয় বাতৰি মহিলা এছিয়া কাপ-২০২৪ৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। শুকুৰবাৰে ডাম্বুলাত অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে বাংলাদেশক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতীয় দলটোক ৮১ ৰাণৰ লক্ষ্য় বান্ধি দিছিল বাংলাদেশে। ভাৰতে স্মৃতি মান্ধানাৰ ৫৫ (নট-আউট) আৰু শ্বাফালী বাৰ্মাৰ ২৬ (নট-আউট) ৰাণেৰে ১১ অভাৰত ৮৩ ৰাণ সংগ্ৰহ কৰে। আৰম্ভণিতে বাংলাদেশে ৮টা উইকেট হেৰুৱাই ২০ অভাৰত ৮০ ৰাণ সংগ্ৰহ কৰিছিল। বিজ্ঞাপন শুকুৰবাৰে অনুষ্ঠিত হোৱা ছেমি ফাইনেলখনত বাংলাদেশে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। জয়ৰ বাবে প্ৰয়োজনীয় ৮১ ৰাণৰ লক্ষ্যৰে ক্ৰীজত নমা ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে এটাও উইকেট নেহেৰুওৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়। ভাৰতৰ স্মৃতি মান্ধানাই ৩৯টা বলত ৯টা চাৰি আৰু ১টা ছয়েৰে ৫৫ ৰাণ সংগ্ৰহ কৰে। শ্বাফালী বাৰ্মাই ২৮টা বলত ২৬ ৰাণত নট-আউট হৈ ৰয়। বিজ্ঞাপন আনহাতে, ৭ ৰাণতে প্ৰথমটো উইকেট পতন হয় বাংলাদেশৰ। বাংলাদেশৰ নিগাৰ চুলতানাই বাংলাদেশৰ হৈ সৰ্বাধিক ৫১টা বলত ৩২ৰাণ কৰি সংগ্ৰহ কৰে। ৰেণুকা সিং ভাৰতীয় মহিলা দলৰ বাবে আটাইতকৈ সফল বলাৰ আছিল। ৰেণুকাই ৪ অভাৰত ১০ ৰাণত ৩টা উইকেট দখল কৰিছিল, ৰাধা যাদৱে ৪ অভাৰত ১৪ ৰাণত ৩টা উইকেট দখল কৰিছিল। আনহাতে পূজা বস্ত্ৰকাৰ আৰু দীপ্তি শৰ্মাই ১টাকৈ উইকেট দখল কৰিবলৈ সক্ষম হয়। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Bangladesh , IND vs BAN , india First Published : July 26, 2024, 6:14 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.