NEWS

Kargil Vijay Diwas: 'Guard of Honour'ৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কাৰ্গিল শ্বহীদক, শিলচৰত ভাৰতৰ বীৰ জোৱানসকলক স্মৰণ

Cadets of 3 & 62 Assam Girls Batallion under NCC Silchar Group. কাৰ্গিল দিৱস উপলক্ষে শিলচৰত এন চি চি কেডেটসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন। আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল বিজয় দিৱসৰ ২৫ বছৰ সম্পূৰ্ণ হ’ল। আজিৰ দিনটোতেই ১৯৯৯ চনত ভাৰতীয় সেনাই পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক জয় লাভ কৰিছিল।মাতৃভূমি ৰক্ষাৰ বাবে ভাৰতৰ ৫২৭ গৰাকী বীৰ জোৱান শ্বহীদ হয়।তেওঁলোকৰ ত্যাগৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। আজি শিলচৰতো যথাযোগ্য মৰ্যাদাৰে কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। আজি বিভিন্ন কাৰ্যসূচী পালন কৰি শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। শিলচৰ তাৰাপুৰৰ কাৰ্গিল চক আৰু মাছিমপুৰ চাউনী যুদ্ধ স্মৃতিসৌধত এন চি চি শিলচৰ গ্ৰুপৰ অধীনস্থ ৩ আৰু ৬২ নং অসম গাৰ্লছ বেটেলিয়নৰ কেডেটসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৩নং অসম বেটেলিয়ন এন চি চি শিলচৰৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল আমোদ চন্দনা, এন চি চি সঞ্চালকালয় নৰ্থ ইষ্টাৰ্ণ (এন ই আৰ)ৰ এ ডি জি মেজৰ জেনেৰেল গগনদীপ আৰু এন চি চি গ্ৰুপ শিলচৰৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ কপিল ছুদে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। য’ত জি চি কলেজ, কাছাৰ কলেজ আৰু অসম বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ কেডেটসকলে গাৰ্ড অৱ অনাৰ প্ৰদান কৰে।মাসিমপুৰৰ কেভি স্কুলৰ জুনিয়ৰ ডিভিজন কেডেট সকলোউপস্থিত থাকে। অনুষ্ঠানৰ পাছত কেডেটসকলে ৩ কৰ্পছ আৰ্টিলাৰী ব্ৰিগেডৰ অস্ত্ৰ প্ৰদৰ্শন চাই কেডেটসকলে লাইট মেচিন গান (এল এম জি), ইনভেচন ৰাইফল আৰু ৰকেট লঞ্চাৰ (আৰ এল)ৰ দৰে অস্ত্ৰৰ সৈতে হাতে কামে অভিজ্ঞতা লাভ কৰে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.