হিন্দু পুৰোহিত তথা ইস্কন নেতা চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰৰ পিছতে অধিক উত্তপ্ত হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি। চিন্ময় কৃষ্ণ দাসক মুকলিৰ বাবে হোৱা প্ৰতিবাদৰ সময়তে ঢাকাত হত্যা কৰা হ’ল ছাইফুল ইছলাম নামৰ অধিবক্তাগৰাকীক। ঢাকা আদালতৰ চেম্বাৰৰ পৰা উলিয়াই আনি দুৰ্বৃত্তই হত্যা কৰে অধিবক্তাগৰাকীক। দুৰ্বৃত্তৰ আক্ৰমণত আহত আন ৬ জন হিন্দু প্ৰতিবাদকাৰী। উল্লেখ্য যে হিন্দু পুৰোহিত চিন্ময় কৃষ্ণ দাসক মুকলি কৰি দিয়াৰ দাবীত মঙলবাৰে ঢাকা আৰু চট্টগ্ৰামত বাহিৰ কৰা হৈছিল বিশাল প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়োৱাৰ বাবেই ছাইফুল ইছলাম নামৰ অধিবক্তাগৰাকীক হত্যা কৰা হ’ল। ইফালে আহত ৬ হিন্দু প্ৰতিবাদকাৰীক চট্টগ্ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইফালে চট্টগ্ৰাম আৰক্ষীয়ে কয় যে অধিবক্তা ছাইফুল ইছলামক হত্যা কৰাসকল হিন্দু আছিল। আৰক্ষীয়ে অতি সোনকালে বিবৃতি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ছাইফুল ইছলামক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰি চট্টগ্ৰাম মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে অধিবক্তাগৰাকীক। প্ৰত্যক্ষদৰ্শীয়ে কয় যে অচিনাক্ত দুষ্কৃতিকাৰীয়ে ছাইফুল ইছলামক আদালতৰ তলৰ মহলালৈ লৈ গৈছিল আৰু তেওঁক মাৰপিট কৰিছিল। ইফালে অধিবক্তা ছাইফুল ইছলামৰ হত্যাৰ ঘটনাক গৰিহণা দি তদন্তৰ নিৰ্দেশ মহম্মদ ইউনুছৰ। সকলোকে শান্ত হৈ থাকি আইন শৃংখলা বজাই ৰখাৰ আহ্বান মহম্মদ ইউনুছৰ। আৰু পঢ়ক: বিশাল ফুকন আৰু তাৰ্কিক বৰালৈ বেয়া খবৰ! জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক প্ৰতিবাদৰ মাজতে চট্টগ্ৰামৰ তিনিটা মন্দিৰত আক্ৰমণ দুৰ্বৃত্তৰ। চট্টগ্ৰামৰ ফিৰংগী বজাৰত থকা লোকনাথ মন্দিৰ, মনসা মাতা মন্দিৰ আৰু হাজাৰী লেনত থকা কালী মন্দিৰত দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি চলালে লুটপাত। দুৰ্বৃত্তই ঐতিহাসিক মন্দিৰকেইটাত আক্ৰমণ কৰি লুটি লৈ গ’ল বহু মূল্যৱান সামগ্ৰী। ইফালে আজি হিন্দু পুৰোহিত চিন্ময় কৃষ্ণ দাসৰ শুনানি গ্ৰহণ কৰা হ’ব ১২ বজাত। ২৫ নৱেম্বৰত ঢাকাৰ পৰা গ্ৰেপ্তাৰ কৰা চিন্ময় কৃষ্ণ দাসক ২৪ ঘণ্টাৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ঢাকাৰ আদালতে। চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে আছে দেশদ্ৰোহৰ গোচৰ। চিন্ময় কৃষ্ণ দাসৰ অধিবক্তা প্ৰদীপ চৌধুৰী আৰু নীতিন প্ৰসাদে কয় যে বিষয়টো এতিয়া ন্যায়াধীশৰ ওপৰত নিৰ্ভৰ কৰে। উল্লেখ্যযে বাংলাদেশৰ হিন্দু উকিলসকল ঘৰলৈ উভতি অহাৰ ক্ষেত্ৰটো সমস্যাৰ সন্মুখীন হৈছে। ইফালে বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত উদ্বেগ প্ৰকাশ ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ। এক বিবৃতিত ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে বাংলাদেশ সন্মিলিত সনাতন জাগৰণ জোটেৰ মুখপাত্ৰও শ্ৰী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ আৰু জামিন অস্বীকাৰ কৰাটো আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছো। বাংলাদেশত মৌলবাদী শক্তিৰ সমৰ্থকে হিন্দু আৰু অন্যান্য সংখ্যালঘু লোকৰ ওপৰত একাধিক আক্ৰমণ চলোৱাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। সংখ্যালঘুৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত অগ্নিসংযোগ আৰু লুটপাতৰ কেইবাটাও নথিভুক্ত গোচৰৰ লগতে চুৰি আৰু মন্দিৰ লুটপাতৰ বহুকেইটা গোচৰ ৰুজু হৈছে।’ None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.