NEWS

Sivasagar: শিৱসাগৰ পুখুৰী খান্দিবলৈ কিমান সময় লাগিছিল, আপুনি জানেনে? গৰিমাময় ইতিহাসৰ সাক্ষী হৈ আজিও জিলিকি আছে শিৱসাগৰ পুখুৰী

বিশ্ব বিখ্যাত শিৱসাগৰ পুখুৰী শিৱসাগৰ বুলি ক’লেই পোনপ্ৰথমে সকলোৰে মনলৈ আহে শিৱদৌলৰ কথা আৰু তাৰপাছতেই আহে শিৱসাগৰ পুখুৰীৰ কথা। এই পুখুৰীৰ গুৰুত্বতা কিমান আছে সেই বিষয়ে হয়তোইয়াত উল্লেখ নকৰিলেও হ’ব। আহোম স্বৰ্গদেউ সকলৰ ৬০০বছৰীয়া শাসনৰ এক প্ৰশস্ত উদাহৰণ হৈ জিলিকি আছে শিৱসাগৰ পুখুৰী। বিশেষ ঐতিহ্যৰে ভৰপূৰ শিৱসাগৰ পুখুৰীয়ে প্ৰতিজন ব্যক্তিকে আকৰ্ষিত কৰে। দেশী-বিদেশী প্ৰতিজন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে এই শিৱসাগৰ পুখুৰী। এই পুখুৰীৰ সৃষ্টিৰ মূলতে এটি কাহিনী আছে। ১২২৮ চনৰ পৰা আহোমসকলৰ শাসন ৬০০ বছৰ ধৰি চলিল, এই ৬০০ টা বছৰত বহু পৰিৱৰ্তন হ’ল, শাসনৰ ভাৰ বহুকেইজন স্বৰ্গদেউৰ হাতলৈ গ’ল। প্ৰতিজন স্বৰ্গদেউয়ে নিজস্ব কাৰ্যকালৰ স্মৃতি সাঁচি থৈ যোৱাৰ উদ্দেশ্যে বিভিন্ন কাম কৰিছিল, যাতায়াতৰ সুবিধাৰ বাবে বহুকেইখন শিলসাঁকো নিৰ্মাণ কৰাৰ লগতে বৃহৎ, বৃহৎ পুখুৰী খান্দিছিল। এই বৃহৎ পুখুৰীৰ মাজতে অন্যতম এটি পুখুৰী হৈছে ঐতিহাসিক শিৱসাগৰ পুখুৰী। যি পুখুৰীৰ সৌন্দৰ্যই এতিয়াও সকলোকে মোহিত কৰে। আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত তেওঁৰ দ্বিতীয়গৰাকী কুঁৱৰীয়ে বৰৰজাৰ ৰাজদণ্ড হাতত লৈ সাগৰসদৃশ শিৱসাগৰ পুখুৰী খন্দোৱাৰ কাৰ্য আৰম্ভ কৰিছিল৷ ১৬৫৫ শকৰ ১৮ জেঠত খনন আৰম্ভ হোৱা এই পুখুৰীৰ খনন কাৰ্য সম্পূৰ্ণ হৈছিল একেটা বছৰৰে ৬ ব’হাগত। শিৱসাগৰ পুখুৰীটোৰ সম্পূৰ্ণ মাটিকালি হৈছে ১৯৪ পুৰা ২ বিঘা ২ কঠা ৬ লেচা। দেখাত পুখুৰীটো আয়তাকাৰ আৰু ইয়াৰ গভীৰতা হৈছে ২০ কিউবিক৷ চাং ৰুং ফুকনৰ বুৰঞ্জীমতে পুখুৰীটো দীঘে ২৯৭ বেও আৰু পথালিয়ে ১৮০ বেও৷ শিৱসাগৰ পুখুৰী স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰীয়ে খন্দোৱাইছিল। কলঞ্চু নামৰ সৰু জান এটাৰ পাৰতে বসবাস কৰি থকা কলঞ্চুপৰীয়া গোহাঁইসকলৰ গাঁৱত অৰ্থাৎ কলঞ্চুপৰীয়া বুঢ়াগোহাঞি বাৰীত স্বামী স্বৰ্গদেউ শিৱসিংহৰ নাম যুগমীয়া কৰিবৰ বাবে এই পুখুৰী খন্দুৱাইছিল। ১৬৫৫ শকৰ ১৮ জেঠত শিৱসাগৰ পুখুৰীৰ খনন কাৰ্য আৰম্ভ কৰা হৈছিল আৰু সম্পূৰ্ণ কৰা হৈছিল ১৬৫৬ শকৰ ব’হাগ মাহৰ ৬ তাৰিখে। এই শিৱসাগৰ পুখুৰী অম্বিকা কুঁৱৰীয়ে ৰাইজৰ বাবে উৎসৰ্গা কৰিছিল। বৰকুঁৱৰী বৰৰজা অম্বিকা কুঁৱৰী স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী আছিল। ১৭৩১ খ্ৰীষ্টাব্দত বৰৰজা ফুলেশ্বৰী কুৱঁৰীৰ মৃত্যুৰ পাছত তেওঁৰ ভগ্নী অম্বিকাক বৰৰজা পাতিছিল। সেই সময়ত ৰাজকীয়ভাৱে খন্দোৱা পুখুৰীবোৰত ১০০জন বৈদিক পুৰোহিতক আনি ধন-সোণ, দান-দক্ষিণা দি উৎসৰ্গা কৰোৱা হৈছিল আৰু সেই পুখুৰীবিলাকে সাগৰ আখ্যা পাইছিল। সেয়ে শিৱসাগৰ পুখুৰী হিচাপে পৰিচিত হ’ল আৰু যিবিলাক পুখুৰী এশতকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱা হৈছিল সেইবিলাকে পুখুৰী আখ্যা পাইছিল। শিৱসাগৰ পুখুৰীৰ চাৰিওটা পাৰক চাৰিওটা নামেৰে নামকৰণ কৰা হৈছিল। সেইকেইটা হ’ল: পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু দক্ষিণপাৰৰ নাম ঢুলীয়াপাৰ। বৰ্তমান সময়ত এই শিৱসাগৰ পুখুৰী অতি সুন্দৰকৈ জিলিকি আছে, ইয়াত বিভিন্ন প্ৰকাৰৰ মাছ-কাছ থকাৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই, পাতি হাঁহ, ৰাজহাঁহ, শেৱালি হাঁহ ইত্যাদি থকা দেখিবলৈ পোৱা যায়। যাৰ বাবে শিৱসাগৰ পুখুৰীৰ সৌন্দৰ্যই ব্যতিক্ৰম হৈ পৰিছে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.