সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানত সন্ত্ৰাসবাদীয়ে বোৱাইছে নিৰীহৰ তেজৰ নৈ। পাকিস্তানৰ ল’ৱাৰ কুৰমত যাত্ৰী কঢ়িয়াই নিয়া বাহনত আক্ৰমণ সন্ত্ৰাসবাদীৰ। অতৰ্কিতে সন্ত্ৰাসবাদীয়ে যাত্ৰীবাহী বাহনলৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰাত কমেও ৪০জন লোক নিহত হৈছে বুলি খবৰ পোৱা গৈছে। ইয়াৰ উপৰি কমেও ২৫জন লোক গুৰুতৰভাৱে আহত হৈছে। বাহনখনত আছিল কেইবাগৰাকীও মহিলাসহ এগৰাকী আৰক্ষী বিষয়া। পাকিস্তানত যাত্ৰীবাহী বাহনত সন্ত্ৰাসবাদীৰ ধাৰাষাৰ গুলীবৰ্ষণঃ যাত্ৰীসহ বাহনখন পাৰাচিনাৰৰ পৰা পেছোৱাৰলৈ গৈ আছিল। সেই সময়তে উচাট অঞ্চলত পূৰ্বৰে পৰা খাপ পিটি থকা সন্ত্ৰাসবাদীৰ দলে চলালে এই আক্ৰমণ। বাহনখনত আছিল কেইবাগৰাকীও মহিলা শিশুসহ এগৰাকী আৰক্ষী বিষয়া। নৰপিশাচৰূপী সন্ত্ৰাসবাদীৰ দল ৰেহাই নিদিলে মহিলা আৰু শিশুকো। এই ভয়ংকৰ কূটাঘাতৰ পাছতে ঘটনাস্থলীত নিৰাপত্তাৰক্ষী উপস্থিত হৈ চলাই উদ্ধাৰ অভিযান। জানিব পৰা সংকটজনক অৱস্থাত আহত ৮জন লোক মাণ্ডোৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনাঃ ল’ৱাৰ কুৰমত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যক্ষদৰ্শীসকলে এই হৃদয়বিদাৰক কাহিনী বৰ্ণনা কৰিছে। প্ৰত্যক্ষদৰ্শীসকলে কৈছে যে সন্ত্ৰাসবাদীসকলে বাহনখনলৈ লক্ষ্য কৰি নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল। যাৰ বাবে বাহনখনৰ আৰোহীসকলে নিজক ৰক্ষা কৰিবলৈ সুযোগ নাপালে। মানুহবোৰে কিবা বুজি পোৱাৰ আগতে, তাত মৃতদেহৰ দ’মৰ সৃষ্টি হৈছিল। আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহাৰ ঘোষণা ৰাষ্ট্ৰপতি জৰ্দাৰীৰঃ ৰাষ্ট্ৰপতি আচিফ আলী জাৰ্দাৰীয়ে কুৰমৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰিছে। নিৰীহ যাত্ৰীসকলক আক্ৰমণ কৰা কাৰ্যক অমানৱীয় আখ্যা দি যিসকলে নিৰীহলোকৰ ওপৰত এই আক্ৰমণ চলাইছে তেওঁলোকক শাস্তি দিয়া হ’ব বুলি কৰিছে ঘোষণা। নিহতৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে জাৰ্দাৰীয়ে আঘাতপ্ৰাপ্তসকলক সময়মতে চিকিৎসা প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে। পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ বিলোৱাল ভুট্টো জাৰ্দাৰীয়েও যাত্ৰীবাহী বাহনৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছে। বিলোৱাল ভুট্টোৰ মন্তব্য কুৰম জিলাত নিৰীহ নাগৰিকসকলক লক্ষ্য কৰাটো অতি নিন্দনীয় আৰু নিষ্ঠুৰ। আইন-শৃংখলা বজাই ৰখাটো চৰকাৰৰ প্ৰথম দায়িত্ব। এয়া সন্ত্ৰাসবাদীৰ কাপুৰুষালিঃ পাকিস্তানৰ মন্ত্ৰী মহছিন নকভিয়েও সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ তীব্ৰ গৰিহণা দি প্ৰকাশ কৰিছে এক বিবৃতি। এই ঘটনাক অত্যন্ত দুখজনক আখ্যা দি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। এয়া সন্ত্ৰাসবাদীৰ কাপুৰুষালি আখ্যা পাকিস্তানৰ মন্ত্ৰীজনৰ। হত্যালীলাত জড়িত এজনকো এৰি নিদিয়াৰ হুংকাৰ নাকভিৰ। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.