NEWS

অসমৰ জেহাদীক JeMৰ ধন যোগান, CSP যোগে সংগ্ৰহ কৰা ধনেৰে ৰাজ্যত JeMৰ ভেটি গঢ়া শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে NIAৰ দল

মৌলবাদীৰ মাদ্ৰাছা লিংক। JeMএ ধন যোগান ধৰা অসমৰ মৌলবাদীক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিল মাদ্ৰাছা কানেকচন। NIAৰ জালত পৰা গোৱালপাৰাৰ জামিয়া আশ্ৰাফুল উলুম মাদ্ৰাছাৰ অধ্যক্ষ শ্বেখ চুলতান আলাউদ্দিন আয়ুবিৰ বেংক একাউণ্টত চাঞ্চল্যকৰ তথ্য। বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ খুলি জঈছ ঈ মহম্মদৰ পৰা বুজন পৰিমণৰ ধন সংগ্ৰহ কৰিছিল শ্বেখ চুলতান আলাউদ্দিন আয়ুবিয়ে। অসমত জঈছ-ঈ -মহম্মদৰ ভেটি গঢ়াত আলাউদ্দিন আয়ুবিয়ে ব্যৱহাৰ হৈছিল সেই ধন। এৰাতিৰ জেৰাত পোহৰলৈ আহিছে JeMৰে আলাউদ্দিন আয়ুবিৰ ধনৰ লেনদেনৰ বহু তথ্য। শনিবাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIAই গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ টুকুৰাৰ পৰা আটক কৰিছিল ৯জন লোকক। সমান্তৰালকৈ হোজাই জিলাৰ ডবকাৰ এজন লোকো জালত পৰিছিল NIAৰ। প্ৰাথমিক তদন্তৰ পাছত ধৰা পৰিছিল ডৱকাত গ্ৰেপ্তাৰ হোৱা লোকজনৰ কৃষ্ণাই লিংক। টুকুৰাৰ পৰা গৈ কৰ্মসূত্ৰে ডবকাত থকা লোকজনক নিশা গোৱালপাৰালৈ লৈ আহিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। মূলতঃ টুকুৰাৰ ১০জন লোকক একেদিনাই NIAই আটক কৰা ঘটনাত হাহাকাৰ লাগিছল গোৱালপাৰা জিলাত। পাছে শনিবাৰে নিশাৰ মাৰাথন জেৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৯ জন লোকক মোকোলাই দি গোৱালপাৰা আদালতত হাজিৰ কৰালে কেৱল শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক। আদালতে ট্ৰেনজিত ৰিমাণ্ডত দিয়াৰ পাছতে শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ উৰা মাৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দল। কিছু বছৰ পূৰ্বে জলেশ্বৰৰ সোণাৰী অঞ্চলৰ পৰা কৃষ্ণাইৰ টুকুৰালৈ উঠি আহিছিল শ্বেখ চুলতান আলাউদ্দিন আয়ুবি। গোৱালপাৰাৰ জামিয়া আশ্ৰাফুল উলুম মাদ্ৰাছাৰ অধ্যক্ষৰ পদত থকা শ্বেখ চুলতান আলাউদ্দিন আয়ুবিয়ে টুকুৰাত খুলি লৈছিল বেংকৰ এটা CSP কেন্দ্ৰ। যি CSP কেন্দ্ৰলৈ জঈছ ঈ মহম্মদে বুজন পৰিমাণৰ ধন পঠোৱাৰ তথ্য লাভ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। JeMৰ ফাণ্ড বিভিন্ন লোকৰ বেংক একাউণ্টলৈ পঠাই সামান্য কমিচনৰ বিনিময়ত নগদ ধন লৈছিল শ্বেখ চুলতান আলাউদ্দিন আয়ুবিয়ে। দেওবাৰে NIAই মোকোলাই দিয়া ৯ জন লোকৰ সৈতে ধনৰ লেনদেন চলিছিল শ্বেখ চুলতান আলাউদ্দিন আয়ুবিৰ। বেংক একাউণ্টত ধন লৈ আয়ুবিক নগদ পৰিশোধ কৰাৰ অভিযোগত অভিযুক্ত হোৱা ৯ জন লোকক মোকোলাই দিলে NIAৰ দলে। বিপৰীতে NIAৰ দিল্লী চেলৰ 13/24 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰা জেহাদী শ্বেখ চুলতান আলাউদ্দিন আয়ুবিক লৈ দিল্লীলৈ পালেগৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দল। শ্বেখ চুলতান আলাউদ্দিন আয়ুবিৰ জেৰাত পোহৰলৈ অহাৰ সম্ভাৱনা আছে জঈছ ঈ মহম্মদৰ ধন অসমত বিনিয়োগ কৰাৰ সবিশেষ তথ্য। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.