ৰবাব টেঙাৰ আছে বহু উপকাৰী গুণ।কি কি উপকাৰীতা আছে চাওক। শীতৰ এই সময়খিনিত প্ৰায় সকলো লোকেই ৰবাব টেঙাৰ জুতি লোৱা দেখা যায়। ৰ’দত বহি ৰবাব টেঙা খোৱাৰ আমেজেই বেলেগ। ৰবাব টেঙা বুলি ক’লেই জিভাৰ পানী পৰে বহুতৰে। পিছে এই ৰবাব টেঙা কেৱল খাবলৈয়ে সোৱাদ নহয় ইয়াৰ আছে বহু উপকাৰী গুণ।লাহে লাহে বাৰিষাৰ পানী আঁতৰি চৌপাশ শুকান হ’বলৈ ধৰিছে। গেঁৰ ধৰা ধানবোৰ পথাৰত পকিবলৈ আৰম্ভ কৰিছে। কৃষক সকলে সোণগুটি সমূহ ভঁৰাললৈ আদৰি আনিবলৈও সাজু হ’বৰে হ’ল। গ্ৰামাঞ্চল সমূহত যেন এতিয়া শীতক আদৰাৰ ব্যাপক আয়োজনহে চলিছে। সাধাৰণতে শীতকালতেই ৰবাব টেঙা সমূহ পকিবলৈ আৰম্ভ কৰে।পথাৰত দাৱনী সকলে একেলগে বহি খায়। যদিওবা আঘোণ মাহ সোমোৱা নাই, লক্ষ্মী পূজা আৰু কাতি বিহুৰ পিছতেই খাব পৰা হয় ৰবাব টেঙা। ইতিমধ্যে বজাৰতো উপলব্ধ হোৱা ৰবাব টেঙাৰ জুতি কোনোৱে কোনোৱে ল’লেই। ৰবাব টেঙা খোৱাৰ সোৱাদ যেনেদৰে মজা, ঠিক তেনেদৰে ৰবাব টেঙা খালে আমাৰ শৰীৰৰ বাবেও যথেষ্ট উপকাৰী হয়। ৰবাব টেঙাৰ উপকাৰী গুণৰ বিষয়ে জেষ্ঠ চিকিৎস্যক ডা° ডেইজী নাথে কয় যে ৰবাব টেঙা এবিধ শৰীৰৰ বাবে এক উপকাৰী ফল। ৰবাব টেঙা খালে শৰীৰৰ বহু ৰোগৰ নিৰাময় হ’ব পাৰে। ৰবাব টেঙাত ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বতৰ সলনি হোৱাৰ সময়ছোৱাত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে ৰবাব টেঙাই।হজমশক্তি বৃদ্ধি কৰা, ভোক বঢ়োৱা, পেট খোলোচা কৰাতৰবাব টেঙাই সহায় কৰে। কৃমি পেলুৰ সমস্যাত ভুগী থকা সকলৰ বাবে ৰবাব টেঙা যথেষ্ট উপকাৰী। সৰু ল’ৰা-ছোৱালীৰ কৃমি পেলুৰ সমস্যাত পৰিলে ৰবাব টেঙা খুৱালে সুফল পোৱা যায়। উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যা থকা সকলৰ বাবে ৰবাব টেঙা উপকাৰী। যিহেতু বতৰৰ ফল বতৰত খাব লাগে বুুলি এষাৰ কথা আছেই,গতিকে বতৰ অনুযায়ী উপলব্ধ হোৱা ফল সমূহ খাই স্বাস্থ্যটো সুস্থ কৰি ৰখাটো আমাৰ নিজৰে কৰ্তব্য।ৰবাব টেঙা হৈছে শীতকালত উপলব্ধ হোৱা এবিধ ফল।সেয়ে সোৱাদ ল’ব পাৰে ৰবাব টেঙাৰ। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.