NEWS

Barpeta Durga Puja: বুধবাৰৰ পৰা দুৰ্গা পূজা, নেৰানেপেৰা বৰষুণে ম্লান কৰিছে দুৰ্গা পূজাৰ আনন্দ, পূজাৰ বজাৰ হতাশাত ভুগিছে ব্যৱসায়ীয়ে

নেৰানেপেৰা বৰষুণে ম্লান কৰিছে দুৰ্গা পূজাৰ আনন্দ নেৰানেপেৰা বৰষুণে ম্লান কৰিছে দুৰ্গা পূজাৰ আনন্দ। বিগত এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণে শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতিৰ বাধাৰ সৃস্তি কৰিছে। কিছুদিন পূৰ্বে বৰপেটাত প্ৰখৰ ৰ’দত ৪০ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰা তাপমাত্ৰাই জনজীৱন অস্থিৰ কৰি তুলিছিল। কিন্তু বৰ্তমান পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। এই নিৰন্তৰ বৰষুণৰ ফলত পূজা সমিতিসমূহৰ মাজত সংশয়ৰ সৃষ্টি হৈছে। বিশেষকৈ বৰপেটাৰোডত বিভিন্ন আাৰ্হিৰে সজোৱা পূজা পেণ্ডেলসমূহৰ নিৰ্মাণ কাৰ্যত বাধাৰ সৃষ্টি হৈছে। পেণ্ডেলসমূহৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত বাধা আহি পৰাৰ লগতে, ইতিমধ্যে নিৰ্মাণ কৰা পেণ্ডেলসমূহৰো ক্ষতি হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইপিনে বজাৰতো গ্ৰাহকৰ উপস্থিতি অতিকে সেৰেঙা। ফলত বৰপেটা আৰু বৰপেটাৰোড চহৰৰ দোকানীসকল হতাশাত ভুগিছে সাধাৰণতে পূজাৰ সময়ত ব্যৱসায়ৰ উন্নতি হোৱাৰ পৰিৱৰ্তে এইবাৰ গ্ৰাহকৰ উপস্থিতি একেবাৰে নগণ্য। দোকানীসকলে আশা কৰিছিল যে পূজাৰ সময়ত তেওঁলোকৰ ব্যৱসায় বৃদ্ধি পাব, কিন্তু বৰষুণৰ ফলত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাত তেওঁলোকৰ আশা ম্লান পৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুমান অনুসৰি বৰপেটাৰ বিভিন্ন অঞ্চলত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত দুৰ্গা পূজা বৰষুণৰ মাজতে পাৰ হ’ব নেকি বুলি বহুতৰ মনত প্ৰশ্ন উদয় হৈছে। ফলত এনে প্ৰতিকূল বতৰে পূজাৰ আনন্দ ম্লান কৰাৰ আশংকা বৃদ্ধি পাইছে । সামগ্ৰিকভাৱে, এই অপ্ৰত্যাশিত বৰষুণে বৰপেটাৰ দুৰ্গা পূজাৰ প্ৰস্তুতি আৰু উৎসৱৰ উদযাপনত এক অনিশ্চয়তাৰ ছাঁ পেলাইছে। পূজা সমিতি, ব্যৱসায়ী আৰু স্থানীয় বাসিন্দাসকলে আশা কৰিছে যে বতৰ শীঘ্ৰেই উন্নত হ’ব আৰু তেওঁলোকে পৰম্পৰাগত উৎসাহ-উদ্দীপনাৰে দুৰ্গা পূজা উদযাপন কৰিব পাৰিব। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.