ডেনমাৰ্কৰ সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ। সপোন আধৰুৱা হ’ল ভাৰতীয় সুন্দৰী ৰিয়া সিংহৰ। টপ ৩০ৰ পৰা ভাৰতীয় সুন্দৰী ৰিয়া সিংহই বিদায় লোৱাৰ বিপৰীতে মেক্সিক’ চিটিৰ CDMX এৰেনাত জিলিকি উঠিল ডেনিছ সুন্দৰী ভিক্টোৰিয়া কেয়াৰ থিলভিঘ। অপৰূপ ৰূপৰ লগতে মেধাৰ সমাহাৰেৰে প্ৰথমবাৰৰ বাবে ডেনমাৰ্কৰ হৈ সুন্দৰীৰ খিতাপ আঁজুৰি নিলে ২১ বছৰীয়া ভিক্টোৰিয়াই। বিগত বৰ্ষৰ বিজয়ী নিকাৰাগুৱাৰ সুন্দৰী চেইলিচ পেলাচিঅ’চে ভিক্টোৰিয়াৰ শিৰত মুকুত পিন্ধাই দিয়াৰ লগে লগে হৰ্ষোল্লাসত বুৰ গ’ল মেক্সিক’ চিটিৰ CDMX এৰেনা। বিজনেছ আৰু মাৰ্কেটিঙৰ স্নাতক ভিক্টোৰিয়াৰ জন্ম হৈছিল ডেনমাৰ্কৰ এখন সৰু চহৰ গ্ৰিবছকোভত। কৈশোৰৰ লগতে যৌৱনকাল অতিবাহিত হৈছিল ৰাজধানী চহৰ কোপেনহেগেনত। পঢ়া শুনা সামৰাৰ পাছত অলংকাৰ উদ্যোগৰ সৈতে জড়িত হৈ পৰিছিল সুন্দৰী ভিক্টোৰিয়া। নিজৰ পেছা হিচাপে বাছি লৈছিল হীৰাৰ ব্যৱসায়ক।শনিবাৰৰ নিশা হীৰা ব্যৱসায়ী ভিক্টোৰিয়াৰ শিৰত জিলিকিল ব্ৰহ্মাণ্ড সুন্দৰীৰ মুকুট। বিপৰীতে শীৰ্ষৰ ১২ গৰাকী প্ৰতিযোগীৰ মাজত থাকিব নোৱাৰিলে ভাৰতীয় সুন্দৰী ৰিয়া সিংহই। ছেপ্টেম্বৰত ১৯ বছৰীয়া ৰিয়াই দখল কৰিছিল মিছ ইণ্ডিয়াৰ খিতাপ। মিছ ইউনিৰ্ভাছতো ৰিয়াই মেজিক দেখুওৱাব বুলি আশা কৰিছিল লাখ লাখ অনুৰাগীয়ে। সেই উদ্দেশ্যৰে মেক্সিকো চিটিত ভৰি দিছিল ৰিয়া সিংহই। কিন্তু ৭৩ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত শেষ হাঁহি মাৰিব নোৱাৰিলে ভাৰতীয় সুন্দৰীগৰাকীয়ে। ডেনমাৰ্কৰ সুন্দৰী ভিক্তোৰিয়াই শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থাকিল মেক্সিক’ৰ সুন্দৰী মাৰিয়া ফৰনান্দা। নাইজেৰিয়াৰ সুন্দৰীয়ে দখল কৰিলে তৃতীয় স্থান। মেক্সিক’, নাইজেৰিয়া, থাইলেণ্ড আৰু ভেনিজুৱেলাৰ সুন্দৰীয়ে শীৰ্ষ ৫টা স্থান দখল কৰাৰ বিপৰীতে ৰিয়া সিংহৰ ব্যৰ্থতাই ব্যথিত কৰিছে ভাৰতীয়ক। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.