NEWS

Bangladesh Hindu Temple Attack: বাংলাদেশৰ চট্টগ্ৰামত পুনৰ হিন্দু মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ! তিনিটা মন্দিৰত তাণ্ডৱ চলাই কৰিলে লণ্ডভণ্ড

file photo বাংলাদেশৰ চট্টগ্ৰামত পুনৰ হিন্দু মন্দিৰত চলিল দুৰ্বৃত্তৰ আক্ৰমণ। শুকুৰবাৰে উন্মত্ত জনতাৰ এটা দলে তিনিটাকৈ হিন্দু মন্দিৰত তাণ্ডৱ চলাই লণ্ডভণ্ড কৰে। এগৰাকী প্ৰাক্তন ইস্কন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পাছৰে পৰা প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাত জ্বলি আছে দেশখন। দেশখনৰ এটা সংবাদ প’ৰ্টেল BDNews24.comৰ প্ৰতিবেদন অনুসৰি, এই আক্ৰমণটো চট্টগ্ৰামৰ হৰিশ চন্দ্ৰ মুনচিফ লেনত দুপৰীয়া প্ৰায় ২.৩০ বজাত সংঘটিত হয়। অঞ্চলটোৰ শান্তনেশ্বৰী মাতৃ মন্দিৰ, এটা শনি মন্দিৰ আৰু শান্তানেশ্বৰী কালীবাৰী মন্দিৰক লক্ষ্য কৰি লয় দুৰ্বৃত্তই। মন্দিৰ কৰ্তৃপক্ষৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি অনুসৰি, ‘শতাধিক লোকৰ এটা দলে বিভিন্ন শ্লোগান দি মন্দিৰসমূহলৈ ইটা-শিল নিক্ষেপ কৰে। যাৰ ফলত শনি মন্দিৰটোৰ লগতে আন দুটা মন্দিৰৰ দুৱাৰ ক্ষতিগ্ৰস্ত হয়।’ কোতৱালী আৰক্ষী থানাৰ মুৰব্বী আব্দুল কৰিমে এই আক্ৰমণৰ নিশ্চয়তা প্ৰকাশ কৰি কয় যে আক্ৰমণকাৰীসকলে মন্দিৰসমূহৰ অধিক ক্ষতি কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে লগতে কয় যে অৱশ্যে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হোৱাত মন্দিৰসমূহৰ ক্ষতিৰ পৰিমাণ কম হোৱা পৰিলক্ষিত হয়। দুয়োটা গোটে উভয়ৰে বিৰুদ্ধে ইটা-শিল নিক্ষেপ কৰে। শান্তিনেশ্বৰী মুখ্য মন্দিৰ পৰিচালনা সমিতিৰ স্থায়ী সদস্য তপন দাসে bdnews24.com-ক কয়, ‘জুম্মাৰ নামাজৰ পাছত শ শ লোকৰ এটা সমদল আগবাঢ়ি আহিছিল। তেওঁলোকে হিন্দুবিৰোধী আৰু ইস্কনবিৰোধী শ্লোগান দিবলৈ আৰম্ভ কৰিছিল।’ তেওঁ কয়, ‘আমি আক্ৰমণকাৰীসকলক বাধা দিয়া নাছিলোঁ। যেতিয়া পৰিস্থিতিৰ অৱনতি ঘটিছিল, আমি সেনাবাহিনীক ফোন কৰিছিলো। সেনাৰ দল ততালিকে আহি উপস্থিত হয় আৰু শান্তি-শৃংখলা পুনৰুদ্ধাৰত সহায় কৰে। দুপৰীয়াৰ সময়ত মন্দিৰৰ সকলো গে’ট বন্ধ কৰি দিয়া হয়। দুৰ্বৃত্তসকল অপ্ৰৰোচিতভাৱে তাত উপস্থিত হৈ আক্ৰমণটো সংঘটিত কৰে।’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.