NEWS

Carambola Benefits : কৰ্দৈ খালে দূৰ হয় এইসমূহ ৰোগ, কিন্তু কিডনীৰ সমস্যা থকাসকলে ভুলতো নাখাব কৰ্দৈ

আপোনাৰ ঘৰত নাইবা বজাৰত এতিয়া উপলব্ধ কৰ্দৈ। কৰ্দৈ আমি বিভিন্ন ধৰণে খাওঁ। কিন্তু আপুনি জানেনে কৰ্দৈৰ আছে বহু উপকাৰিতা। লগতে কিছুমান বিশেষ ৰোগীয়ে কৰ্দৈ খোৱাটো উচিত নহয়। নহ’লে হয়তো হ’ব পাৰে বিভিন্ন পাৰ্শ্বক্ৰিয়া। এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে আয়ুৰ্বেদিক চিকিৎসক ডাঃ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি- ১) কৰ্দৈত শৰীৰৰ বাবে উপকাৰী বিভিন্ন উপাদান থাকে। শৰীৰৰ বিভিন্ন ৰোগৰ উপশমৰ ক্ষেত্ৰত কৰ্দৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কৰ্দৈত প্ৰচুৰ পৰিমাণে ভিটামিন C, কেলিক এচিড তথা বিটা কেৰ’টিন নামৰ পদাৰ্থ পোৱা যায়। যিয়ে প্ৰাকৃতিক এণ্টি-অক্সিডেণ্ট হিচাপে কাম কৰে। এই এণ্টি-অক্সিডেণ্ট গুণে আমাৰ শৰীৰৰ পৰা বিভিন্ন বিজাতীয় পদাৰ্থসমূহ আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। যাতে আমাৰ শৰীৰ সুস্থ হৈ থাকিব পাৰে। ২) ইয়াৰ উপৰি মেগনেছিয়াম, আইৰন, পটাছিয়াম, ফচফৰাছ আদি শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহ কৰ্দৈৰ ফলত পোৱা যায়। ইয়াৰ বাহিৰেও কৰ্দৈৰ ফলত ফাইবাৰ যথেষ্ট পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ই হাইপ’গ্ৰাইচেমিক অৰ্থাৎ ডায়েবেটিছ ৰোগৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৩) হাইপ’কলেষ্ট্ৰমিক অৰ্থাৎ শৰীৰৰ যিটো অতিৰিক্ত চৰ্বি বা মেদবহুলতা দূৰ কৰাত সহায় কৰে কৰ্দৈয়ে। ৪) চীনৰ পৰম্পৰাগত চিকিৎসা পদ্ধতি তথা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত বিভিন্ন ৰোগৰ উপশমৰ বাবে কৰ্দৈ ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত জ্বৰ, কাঁহ, ডায়েৰিয়া, পুৰণি মূৰৰ বিষ,‌ চৰ্ম ৰোগ আদিৰ উপশমৰ বাবে কৰ্দৈ ব্যৱহাৰ কৰা হয়। ৫) কৰ্দৈৰ বহু উপকাৰিতা আছে যদিও শাৰীৰিক কিছু সমস্যাৰ ক্ষেত্ৰত কৰ্দৈ ফল গ্ৰহণ কৰাটো উচিত নহয়। আমি খালী পেটত কেতিয়াও কৰ্দৈ খাব নালাগে। কিডনী ষ্টোন, পুৰণি কিডনী ৰোগত ভুগি থাকিলে কৰ্দৈ খাব নালাগে। পেনক্ৰিয়াটাইটিচ ৰোগত ভুগি থকা লোকেও কৰ্দৈ খাব নালাগে। নহ’লে ইয়াৰ ফলত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। ডিহাইড্ৰেচনতো কৰ্দৈ খোৱাটো উচিত নহয়। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.