NEWS

শ শ কোটি টকা আত্মসাৎ কৰি জালত পৰিল বেংকৰ মুখ্য পৰিচালন সঞ্চালক, ১২ শতাংশ লাভাংশ দিয়াৰ প্ৰলোভনেৰে ব্যৱসায়ী আৰু শ্ৰমিকৰ পৰা লুটিছিল ধন

জালত পৰিল বেংকৰ মুখ্য পৰিচালন সঞ্চালক। ২০০ কোটি টকা আত্মসাৎ কৰি পলায়ন কৰিছিল নিত্যানন্দ ভাগৱতীয়ে। দেশ ট্ৰেডিং কেলেংকাৰীয়ে জোকাৰি থকাৰ সময়তে এইবাৰ আৰক্ষীৰ জালত পৰিল অসম গ্রাম্য নিধি বেংকৰ মুখ্য পৰিচালন সঞ্চালক। মাহত ১২ শতাংশ লাভাংশ দিয়াৰ প্ৰলোভনেৰে ২০০ কোটি টকা কৰিছিল আত্মসাৎ। গুৱাহাটীৰ বেলতলাৰ পৰা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুখ্য পৰিচালন সঞ্চালক নিত্যানন্দ ভাগৱতীক। প্ৰতিমাহে ১২ শতাংশ লাভ দিয়াৰ প্ৰলোভনেৰে শ শ গ্ৰাহকৰ পৰা লুটিছিল কোটি কোটি টকা। চাৰি বছৰ পূৰ্বে গুৱাহাটীৰ নাৰেংগী তিনিআলিত অসম গ্রাম্য নিধি বেংক খুলি ব্যৱসায় আৰম্ভ কৰিছিল ছিপাঝাৰৰ নায়কপাৰাৰ বাসিন্দা নিত্যানন্দ ভাগৱতীয়ে। অসম গ্রাম্য নিধি বেংকৰ মুখ্য পৰিচালন সঞ্চালক নিত্যানন্দ ভাগৱতীয়ে বেংকৰ বাবে ধন সংগ্ৰহ কৰিবলৈ শদিয়াৰ পৰা ধুবুৰীলৈ নিযুক্তি দিছিল এজেণ্ট। ১০০ টকাত ১২ শতাংশ লাভাংশ দিয়াৰ প্ৰলোভনেৰে ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকৰ পৰা ধন সংগ্ৰহ কৰিছিল নিত্যানন্দৰ এজেণ্টে। প্ৰাৰম্ভিক অৱস্থাত গ্ৰাহকসকলক প্রতিশ্রুতিমতে ধন আদায় দি আহিছিল সঞ্চালক নিত্যানন্দ ভাগৱতীয়ে। অধিক ধনৰ লোভত ৫০ হাজাৰৰ পৰা ৫ লাখ টকা পর্যন্ত বিনিয়োগ কৰিছিল গ্রাহকে। তাৰ পাছতে অৰ্থাৎ এবছৰ পূৰ্বে নিত্যানন্দ ভাগৱতীয়ে বিভিন্ন অজুহাত দেখুৱাই গ্ৰাহকৰ ধন আদায় দিবলৈ বন্ধ কৰি দিয়ে। পৰৱৰ্তী সময়ত মূলধন হেৰুৱাৰ ভয়ত সঞ্চালক নিত্যানন্দ ভাগৱতীৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে ক্ষুব্ধ গ্রাহকসকলে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিত্যানন্দ ভাগৱতীক আটক কৰি থানালৈ আনে। থানাত নিত্যানন্দ ভাগৱতীয়ে সকলো গ্রাহকক সমুদায় ধন ঘূৰাই দিয়াৰ লিখিত প্রতিশ্রুতি দিয়ে আৰক্ষীক। লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতে নুনমাটি আৰক্ষীয়ে মুকলি কৰি দিয়ে মহাপ্ৰবঞ্চক নিত্যানন্দ ভাগৱতীক। থানাৰ পৰা ওলাই আহিয়েই একাংশ গ্ৰাহকক সামান্য পৰিমাণৰ ধন আদায় দিয়ে যদিও পিছত আত্মগোপন কৰে নিত্যানন্দই। উপায়হীন হৈ শ শ ভুক্তভোগী গ্ৰাহকে নিত্যানন্দ ভাগৱতীৰ বিৰুদ্ধে পুনৰ নুনমাটি থানাত দাখিল কৰে এজাহাৰ। ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল যদিও জালত পৰা নাছিল প্ৰবঞ্চক নিত্যানন্দ। অৱশেষত সুদীৰ্ঘ এবছৰৰ মূৰত নুনমাটি আৰক্ষীয়ে শুকুৰবাৰে বেলতলাত অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত নিত্যানন্দ ভাগৱতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। জেৰাত অনলাইন ট্ৰেডিঙত ধন বিনিয়োগ কৰা কথা স্বীকাৰ কৰিছে মহা প্ৰবঞ্চক নিত্যানন্দই। সম্প্ৰতি নুনমাটি থানাৰ লকআপত নিত্যানন্দ ভাগৱতীক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.