NEWS

ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছলৈ মনোনীত অসম মূলীয় মহিলা আয়েশা হাজৰিকা

ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছত অসম মূলীয় মহিলা। অসম মূলীয় আয়েশা হাজৰিকা, প্ৰথমগৰাকী ব্ৰিটিছ ইণ্ডিয়ান হিচাপে ব্ৰিটেইনৰ উচ্চ সদনলৈ মনোনীত হৈছে। ব্ৰিটিছ উচ্চ সদনলৈ মনোনীত হোৱা আয়েশা হাজৰিকা স্কটলেণ্ডৰ ক’টব্ৰীজৰ বাসিন্দা। প্ৰথম প্ৰজন্মৰ ব্ৰিটিছ ভাৰতীয় আয়েশা হাজৰিকাৰ পিতৃ চিকিৎসক পিতৃ ডাঃ লিয়াকট আলী হাজৰিকা ১৯৬০ চনতে গ্লাছগ’লৈ প্ৰবজন কৰিছিল। আয়েশাৰ পিতৃৰ বাসগৃহ আছিল অসমৰ লখিমপুৰ জিলাত। আয়েশাৰ ককাক লখিমপুৰৰ বি কে ৰোডৰ, প্ৰয়াত ইউছুফ হাজৰিকা আছিল এগৰাকী অধিবক্তা। আয়েশা হাজৰিকা লেবাৰ পাৰ্টীৰ প্ৰাক্তন ৰাজনৈতিক উপদেষ্টা তথা এগৰাকী জাৰ্ণেলিষ্ট, ব্ৰডকাষ্টাৰ, ষ্টেণ্ডআপ কমেডিয়ান। ১৯৭৫ চনত বেলশ্বিলত জন্ম গ্ৰহণ কৰা আৰু স্কটলেণ্ডৰ ক’টব্ৰিজত ডাঙৰ দীঘল হোৱা বৰ্তমান ৫০ বছৰীয়া আয়েশাই ৯ মে’ত হাউছ অৱ লৰ্ডছৰ সদস্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। উচ্চ সদনত আসন গ্ৰহণ কৰাৰ লগে লগে আয়েশা হাজৰিকাৰ নতুন পৰিচয় হ’ল ‘বেৰনেছ হাজৰিকা অৱ ক’টব্ৰীজ’। Thank you for all your lovely messages. What an incredible, special day spent with family & friends. Especially my amazing parents who came here as Indian Muslim immigrants & worked so very hard. It is genuinely the honour of my life to join the House of Lords as a Labour peer. pic.twitter.com/94gGh0itUD আয়েশা হাজৰিকা প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰ্ডন ব্ৰাউন, সাংসদ হেৰিট হাৰমন আৰু প্ৰদানমন্ত্ৰী এড মিলিবেণ্ডৰ ৰাজনৈতিক উপদেষ্টা হিটাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আয়েশা হাজৰিকাই আগবঢ়োৱা ৰাজনৈতিক সেৱাৰ বাবে ২০১৬ চনত ‘মেম্বাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ’ সন্মান লাভ কৰিছিল। ২০০৬ চনত দ্বিতীয় ৰাণী এলিজাবেথে আয়েশাক নেচাৰ অৱ দ্য ব্ৰিটিছ এম্পায়াৰ সন্মান প্ৰদান কৰিছিল। আয়েশা লেবাৰ পাৰ্টিৰ একনিষ্ঠ কর্মী হিচাপে পৰিচিত হোৱাৰ পূৰ্বে ৰেডিঅ’ৰ ঘোষিকা, সাংবাদিক, ৰাজনৈতিক ধাৰাভাষ্যকাৰ আৰু কৌতুক অভিনেতা হিচাপে নিজৰ প্রতিভাবে উজ্জ্বল হৈ উঠিছিল। উল্লেখযোগ্য যে, আয়েশাই হুল বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্রীধাৰী। ইংলেণ্ডৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰত প্ৰেছ বিষয়া হিচাপে আয়েশা হাজৰিকাই কর্মজীৱন আৰম্ভ কৰিছিল। সেই সময়তে প্রখ্যাত কমেডিয়ান ল’গান মুৰেৰ অধীনত অভিনয়ৰ শিক্ষা গ্রহণ কৰে। চেনেল ফৰ কমেডি প্রতিযোগিতা ছ’ইউ থিংক ইউ আৰ ফানী’ত ছেমি ফাইনেলপর্যন্ত উধায়। তাৰ পিচত বি বি চি, স্কাই নিউজ, চি এন এন আদি চেনেলত নিয়মীয়া পৰিবেশিকা হিচাপে সেৱা আগবঢ়ায়। ভাৰতক দুশ বছৰ ধৰি পদানত কৰি ৰখা একালৰ বেলি মাৰ নোযোৱা ব্রিটিছ সাম্রাজ্যব দিক নির্ণায়ক হাউছ অব্ লর্ডছত প্রথমবাৰৰ বাবে প্রবেশ ঘটিল অসম মূলীয় এইগৰাকী ভাৰতীয়ৰ। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.