NEWS

Deeplina Deka: মহালয়াৰ দিনা দীপলিনাই আপলোড কৰা ফটোক লৈ ছ’চিয়েল মিডিয়াত বিতৰ্ক! কিন্তু দীপলিনাৰ ফটোক লৈ বিতৰ্ক কিয়?

ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ উছাহ। উৎসৱৰ আনন্দত মতলীয়া ৰাজ্যবাসীয়ে। মহালয়াৰ দিনাই সামাজিক মাধ্যমত খলকনি লগালে দীপলিনাৰ কেইখনমান ফটোৱে। মহালয়াৰ শুভেচ্ছা জনাই দীপলিনা ডেকাই দিয়া ফটোক লৈ তোলপাৰ ছ’চিয়েল মিডিয়া। মহালয়াৰ দিনা ছ’চিয়েল মিডিয়াত দীপলিনাই লিখিছিল ‘এই মহালয়াত দেৱী দুর্গাৰ আগমনে পূৰ্ণ কৰক সকলোৰে জীৱন, আনন্দ সুখ আৰু শান্তিৰে।’ আৰু পঢ়ক: ১২ বছৰ ধৰি ব্লেকমেইলিঙৰ ক্ষোভত প্ৰেমিকৰ গালৈ এচিড নিক্ষেপ মহিলাৰ, এচিডৰ পোৰণি গাত লৈয়ে পলায়ন কৰা যুৱকক বিছাৰি আৰক্ষীৰ হাহাকাৰ লাখ-লাখ অনুৰাগী থকা দীপলিনাৰ পোষ্টটোত ১৩ হাজাৰ লোকে React কৰিছে, ১৭০০ৰো অধিক লোকে কমেণ্ট কৰিছে আৰু ডেৰশৰো অধিক লোকে শ্বেয়াৰ কৰিছে। কিন্তু সময় পাৰ হোৱাৰ লগে-লগে দীপলিনাৰ ফটোক লৈ সৃষ্টি হৈছে বিতৰ্ক। বহুজনে ছ’চিয়েল মিডিয়াত দীপলিনাৰ ফটোক লৈ কৰিছে সমালোচনা। বিশেষকৈ দীপলিনাৰ সাজ-সজ্জাকলৈ দীপলিনাক কৰিছে তীক্ষ্ণ সমালোচনা। ৰঞ্জিতা ৰাজ নাম এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দীপলিনাক সমালোচনা কৰি লিখিছে- ‘‘এইয়া মা দুৰ্গা জানো?? শক্তিৰ প্ৰতীক ৰঙা বুলি জানো। অৰ্ধ শৰীৰ উলিয়াই কেৱল নিজৰ বিজ্ঞাপনৰ বাবে আমাৰ আৰাধ্য দেৱীক অপমান কৰাৰ সাহস নকৰিবা দীপলিনা ডেকা সকীয়াই দিছোঁ। এইবোৰ দেখি দেখি সহ্যৰ সীমা চেৰাই গৈছে।’’ আনফালে ৰঞ্জিতা ৰাজে দিয়া প’ষ্টত বিশিষ্ট চলচ্চিত্ৰ সমালোচক উৎপল দত্তই কমেণ্ট কৰিছে যে ‘‘এয়া মা দুৰ্গা নহয়, পূজা আৰু তাৰ পাচৰ সময়ছোৱাত ফাংচন পাবলৈ দিয়া বিজ্ঞাপনৰ নমুনা যেনহে লাগে।’’ কোনো-কোনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে ‘‘অশ্লীলতাত ভগৱানক আদৰিলে নাহে বাইদেউ’’। আন কোনো ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে ‘‘বিউটিচিয়ান সকলকো ‘প্ৰতিমা খনিকৰ’ বুলি কব পাৰি।’’ ‘‘মহিষাসুৰে এইবাৰ আত্মহত্যা কৰিব।’’ None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.