NEWS

খাপলাং কাই চৰিত্ৰৰ হুবহু অভিনয় কৰি চৰ্চা লভা ২য়গৰাকী ব্যক্তি কোন জানেনে?

খাপলাং কাইৰ চৰিত্ৰৰ হুবহু অভিনয় কৰি সমগ্ৰ অসমতে চৰ্চা লভা দ্বিতীয় গৰাকী ব্যক্তি সমগ্ৰ অসমবাসীৰ এখন চিনাকী মুখ ,এটা চৰিত্ৰ হৈছে খাপলাং কাই।হাঁহি ধেমালিৰে বহু দৰ্শকৰ মন জয় কৰা,আপোনাক, মোক ,বহু ব্যক্তিকে হাঁহি থাকিবলৈ কৌতুক অভিনয় কৰা চৰিত্ৰটোৱে হৈছে খাপলাং কাই। জনপ্ৰিয় ধাৰাবাহিক খাপলাং কাইৰ মুখ্য চৰিত্ৰত অভিনয় কৰা কৌতুক অভিনেতা জন আছিল ৰাহুল দাস। অভিনেতা ৰাহুল দাস বৰ্তমান এই সংসাৰত নাই।যোৱা কেইবছৰমান পূৰ্বে ৰাহুল দাসৰ পৰলোকপ্ৰাপ্তি হ’ল।তাৰ লগে লগেই এই জনপ্ৰিয় খাপলাং কাই চৰিত্ৰটোৰ সমাপ্তি ঘটিছিল।কিন্তু অসমৰ অভিনয় জগতত পুনৰ খাপলাং কাইৰ আবিৰ্ভাৱ হ’ল ডিব্ৰুগড়ৰত। ডিব্ৰুগড়ৰ জামিৰাৰ এজন মটৰ চাইকেল মেৰামতি কৰা গেৰেজৰ ব্যক্তিয়ে অসমবাসীৰ বাবে পুনৰুজ্জীৱিত কৰিলে সকলোৰে জনপ্ৰিয় চৰিত্ৰ খাপলাং কাইক। খাপলাং কাইৰ চৰিত্ৰটোৰ হুবহু অভিনয় কৰিব পাৰে এইজন প্ৰতিভাধাৰী অভিনেতা তথা মেকানিক জনে। এই ব্যক্তি জনৰ নাম হৈছে অৰুণ চেতিয়া। অৰুণে খাপলাং কাই চৰিত্ৰটো পুনৰুজ্জীৱিত কৰি তুলিবলৈ সক্ষম হ’ল।অৰুণ চেতিয়াই মুখৰ গঠন,সংলাপ প্ৰক্ষেপন,হাঁহি মৰা ধৰণ টো আয়ত্ব কৰি পূৰ্বৰ ৰাহুল দাসৰ দৰেই অভিনয় কৰিব পাৰিছে আৰু এই জনপ্ৰিয় চৰিত্ৰটো জীয়াই ৰাখিছে।ৰাহুল দাসক জীয়াই ৰখাৰ বাবে কৰি গৈছে খাপলাং কাইৰ চৰিত্ৰটো।বৰ্তমান অৰুণ চেতিয়াই বাপ বেটা কচুকটা নামৰ ধাৰাবাহিক খনত অভিনয় কৰি দৰ্শকক হঁহুৱাবলৈ চেষ্টা কৰিছে।কোনো অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰা অৰুণ চেতিয়াই সৰু কালত গাঁৱসমূহত হোৱা ভাওনাৰ অভিনয়ৰ পৰাই অভিনয় জগতত প্ৰৱেশ কৰিছিল।উল্লেখ্য যে,ৰাহুল দাস ওৰফে খাপলাঙ কাই ‘ঐ খাপলা’ নামৰ জনপ্ৰিয় ধাৰাবাহিক খনৰ এক জনপ্ৰিয় চৰিত্ৰত অভিনয় কৰিছিল ।২০১৭ বৰ্ষত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী GMCH ত চিকিৎসাধীন হৈ ইহ সংসাৰ ত্যাগ কৰে ৰাহুল দাসে। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.