NEWS

Crime News: এংকৰ আৰু অভিনেত্ৰীৰ ফটো ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীৰ ধন লুট! এংকৰ আৰু অভিনেত্ৰীৰ ফটো দেখুৱাই নৈশ যাপনৰ প্ৰস্তাৱেৰে লুণ্ঠন চলোৱা চক্ৰৰ বিৰুদ্ধে CIDৰ অভিযান!

জামতাৰাতকৈ আগত অসমৰ চাইবাৰ অপৰাধী। আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ছ’চিয়েল মিডিয়াৰ একাউণ্ট অনায়াসে হেক কৰা চাইবাৰ অপৰাধীৰ টাৰ্গেটত এইবাৰ অভিনেত্ৰী আৰু এংকৰ। ফেচবুকত পেজ খুলি অভিনেত্ৰী আৰু সংবাদমাধ্যমৰ এংকৰৰ মৰ্ফ কৰা ফটোৰে যৌনতাৰ বেহা অসমৰ চাইবাৰ অপৰাধীৰ। এংকৰ, অভিনেত্ৰী আৰু সুন্দৰীৰ সম্পাদিক ফটো পোষ্ট কৰি ফাইভ ষ্টাৰ হোটেলত নৈশ যাপনৰ প্ৰস্তাৱ দি অপৰাধীয়ে লুটিছে কোটি কোটি টকা। কেনেকৈ জালত বন্দী হয় সাধাৰণ লোক? ছ’চিয়েল মিডিয়াত চেলিব্ৰেটি এংকৰ, অভিনেত্ৰীৰ মৰ্ফ কৰা ফটোৰে ডেটিং এপ খুলি জাল পেলাই অপৰাধী চক্ৰই। সদায় টেলিভিচনত দেখি থকা বাতৰি পঢ়োতা কিম্বা চিনেমাৰ পৰ্দাৰ পৰিচিত অভিনেত্ৰীৰ সৈতে ফাইভ ষ্টাৰত নৈশ যাপনৰ টোপ দিয়ে অপৰাধী চক্ৰই। এনে প্ৰস্তাৱত ভোট লৈ ফেচবুক পেজত টোকৰ মৰা লোক দেখিলেই জিভাৰ পানী পৰে অপৰাধী চক্ৰৰ। ষ্টাৰৰ সৈতে ফাইভ ষ্টাৰত নৈশ যাপন কৰাৰ আগ্ৰহ দেখুওৱা জনৰ সৈতে অপৰাধী চক্ৰই আৰম্ভ কৰে বাৰ্তালাপ। মেছেজতে সাম্ভাব্য নিশাটোৰ ৰঙীন ছবি এখন দাঙি ধৰাৰ পাছত ধন-বিতৰ কথালৈ আহে চাইবাৰ অপৰাধী। সিমূৰৰ লোকজনে টোপ গিলাৰ উমান পালেই এৰাতিত ১০হাজাৰৰ পৰা ২০হাজাৰলৈ দৰ তোলে অপৰাধী চক্ৰই। ধন লোৱাৰ পাছত কি কৰে অপৰাধীয়ে? মেছেঞ্জাৰত দৰ-দাম মিলাৰ পাছত অনলাইনত ধন সৰকাই লয় অপৰাধী চক্ৰই। এনিশাৰ সমূদায় ধন আগতীয়াকৈ লোৱাৰ পাছত ছ’চিয়েল মিডিয়াৰ একাউণ্টৰ লগতে WhattsApp ডিএক্টিভ কৰি দিয়ে চাইবাৰ অপৰাধীয়ে। এনেদৰে এৰাতিতে বহু জনৰ পৰা লাখ লাখ টকা সৰকাই নোদোকা হৈছে অপৰাধী চক্ৰ। ধন দি কেনেকৈ সৰ্বস্ৰান্ত হয় মন বান্ধি ৰাখিব নোৱৰা বহুজন? ধন আদায় দিয়াৰ পাছত ডিএক্টিভ হৈ যোৱা ছচিয়েল মিডিয়া আৰু WhatsApp ৰ একাউণ্ট দেখি মুৰে কঁপালে হাত দিব লগা হয় ভুক্তভোগীয়ে। তেতিয়াহে ৰাম ঠগন খোৱাৰ কথা উপলব্ধি কৰে লোকজনে। আনফালে আনন্দত উৎফুল্লিত হৈ পৰে চাইবাৰ অপৰাধী। কিন্তু মুখলজ্জাৰ ভয়ত আৰক্ষীৰ কাষ নাচাপে এনে ভুক্তভোগী। বিপৰীতে ফটো মৰ্ফ কৰি ধনবান লোকৰ পৰা ধন লুটা চক্ৰটোৰ বিৰুদ্ধে CID ত গোচৰ তৰিছে এগৰাকী যুৱতীয়ে। আৰু পঢ়ক: মন মিলি ককা-আইতাৰ! ৭১ বছৰীয়া পদ্মেশ্বৰ গোৱালাৰ জীৱন সংগী হ’ব ৬৫ বছৰীয়া জয়া প্ৰভা বৰা ভুক্তভোগীৰ এজাহাৰৰ আধাৰত ইতিমধ্যে ফেচবুকত পেজ খুলি অভিনেত্ৰী আৰু এংকৰৰ নামত যৌনতাৰ বেহা চলোৱা চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে। এই অভিযান চলি থকাৰ সময়তে ডিজিটেল এৰেষ্টেৰে বহু কোটি টকা সৰকোৱা হেমেন বৰ্মনক বিচাৰি গুৱাহাটীত উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰ আৰক্ষী। নুনমাটিৰ ভৱানীপুৰৰ হেমেন বৰ্মনে ভয় ভাবুকিৰে দেশজুৰি চলাই আছিল লুটপাত। পাছে ডিজিটেল এৰেষ্টেৰে উত্তৰ প্ৰদেশৰ এগৰাকী যুৱতীৰ পৰা বুজন পৰিমানৰ ধন সৰকোৱাৰ পাছত ঘৰ এৰি পলাব লগা হ’ল হেমেন বৰ্মন। মুজাফৰনগৰৰ চাইবাৰ থানাত ভুক্তভোগী যুৱতীয়ে দাখিল কৰা এজাহাৰৰ আঁত ধৰি উত্তৰ প্ৰদেশ আৰক্ষীয়ে ফাঁহ ফাঁহ কৰি পেলালে হেমেন বৰ্মনৰ চক্ৰান্ত। ইতিমধ্যে ভুক্তভোগীৰ পৰা সৰকোৱা ধন জমা লোৱা গুৱাহাটীৰ তিনিটা বেংক একাউণ্টৰ গৰাকীক আটক কৰিছে মুজাফৰনগৰ আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ধৃত জোস্না বেগম, মঞ্জুমা বেগম আৰু মইনুল হকে স্বীকাৰ কৰিছে মাহেকিয়া ভাড়াত হেমেন বৰ্মনক বেংক একাউণ্ট ব্যৱহাৰ কৰিবলৈ দিয়াৰ কথা। বেংক একাউণ্টৰ ভাড়ালৈ দিয়া ৩ গৰাকী লোকক জেৰা চলাই থকাৰ মাজতে আৰক্ষীৰ জালত পৰিল হেমেন বৰ্মন। এশ গৰু মাৰি আৰক্ষীৰ জালত পৰা হেমেন বৰ্মনক লৈ উত্তৰ প্ৰদেশলৈ ৰাওনা হৈছে মুজাফৰনগৰ আৰক্ষী। ৫ দিনৰ ভিতৰত মুজাফৰনগৰ চাইবাৰ থানাত হাজিৰ হোৱাৰ চমন পোৱাৰ পাছত হেমেনৰ পাছে পাছে উত্তৰ প্ৰদেশলৈ ৰাওনা হ’বলৈ সাজু হৈছে বেংক একাউণ্ট ভাড়া দিয়া জোস্না বেগম, মঞ্জুমা বেগম আৰু মইনুল হক। চাইবাৰ অপৰাধীক ৰুধিবলৈ কাহানিবাই চাইবাৰ ড’মেৰে সাজু হোৱা অসম আৰক্ষীৰ নাকৰ তলতে ডিজিটেল এৰেষ্টৰ দৰে কাণ্ড হৈ থকাত হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ মাজত। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.