NEWS

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ মনোজ

হান'ই অপেন আৰ্মৱেষ্টলিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ ডিব্ৰুগড়ৰ মনোজ দেৱনাথৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ডিব্ৰুগড়ৰ মনোজ দেৱনাথ। হান’ই অপেন আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদকেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে মনোজে। দুবাহুত থকা প্ৰবল শক্তিৰ বাবে এতিয়া বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ এজন যুৱকে। কঠোৰ পৰিশ্ৰমৰ, নিয়মিত কছৰৎ কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰৰ লগতে বিদেশী ৰাষ্ট্ৰ সমূহতো নিজৰ নাম উজলাবলৈ সক্ষম হৈছে এইজন যুৱ খেলুৱৈ। সৰুৰে পৰা খেল ভালপোৱা এইগৰাকী প্ৰতিভাৱান যুৱ খেলুৱৈৰ নাম হৈছে মনোজ দেৱনাথ। ডিব্ৰুগড়ৰ বাসিন্দা মনোজ দেৱনাথে ভিয়েটনামৰ হান’ই চহৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্মৰেষ্টলিং চেম্পিয়নশ্বিপত বিশেষ সফলতা লাভ কৰি দেশ তথা ৰাজ্যবাসীৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আন্তঃৰাষ্ট্ৰীয় Arm Wrestling Championship’ত দেশক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড়ৰ মনোজ দেৱনাথে কঢিয়াই আনিবলৈ সক্ষম হ’ল ব্ৰঞ্জৰ পদক। ইয়াৰ পূৰ্বেও মনোজে বহু কেইটা গুৰুত্বপূৰ্ণ ৰেকৰ্ড গঢ়ি, বহু কেইখন বিশ্ব চেম্পিয়নশ্বিপ world Championshipলগতে ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ Armwrestling Championship অংশগ্ৰহণ কৰি সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড়ৰ এই গৰাকী যুৱ আৰ্মৰেষ্টলাৰ মনোজ দেৱনাথে এইবাৰ বিভিন্ন দেশৰ খেলুৱৈ সকলৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতা কৰিভিয়টনামত অনুষ্ঠিত হোৱা Hanoi Open Armwrestling Championship’ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ খবৰে এতিয়া ডিব্ৰুগড়ৰ খেলুৱৈ সকলক আনন্দিত কৰি তুলিছে। যোৱা ১৩ আৰু ১৪ জুলাইত ভিয়েটনামত অনুষ্ঠিত হৈছিল এইখন আৰ্মৰেষ্টলিং প্ৰতিযোগিতা। উল্লেখ্য যে অসমৰ পৰা কেৱল মনোজ দেৱনাথে খেলুৱৈ হিচাপে দেশৰ হৈপ্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিল। ভাৰতৰ পৰা ৮ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। এই প্ৰতিযোগিতাত মনোজ দেৱনাথে অনুৰ্ধৰ ৭০ কেজি শাখাত থাইলেণ্ডৰ য়ুথ ৱৰ্লড চেম্পিয়ন জ’ছ নিক’লাচকপৰাস্ত কৰি এই সম্মান তথা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেচীনত অনুষ্ঠিত বিশ্ব চেম্পয়নশ্বিপত ডিব্ৰুগড়ৰৰ মনোজ দেৱ নাথেবিশ্বৰ দ্বিতীয় আমৰেষ্টলাৰ স্থান অধিকাৰ লাভ কৰিছিল। None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.