NEWS

Barpeta News: ঘৰতেই চাবোন প্ৰস্তুত কৰি গঢ়িছে এটা উদ্যোগ, বৰপেটাৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ

স্বাৱলম্বীতাৰ বাট মুকলি বৰপেটাৰ এগৰাকী উদ্যমী যুৱতী স্ব-নিযুক্তিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ এক উদাহৰণ দাঙি ধৰিছে বৰপেটাৰ দীপশিখা পাঠকে। চাবোনৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ কেৱল নিজকে স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ বহু কেইজন নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰিছে। ২০২০ চনত প্ৰথমতে ইণ্টাৰনেটৰ সহায়ত চাবোন প্ৰস্তুত কৰাৰ প্ৰাথমিক জ্ঞান আহৰণ কৰি যাত্ৰা আৰম্ভ কৰিছিল দীপশিখা পাঠকে। পিছত ২০২১ চনত তেওঁ কেইবাখনো চাবোন প্ৰস্তুতকৰণৰ কৰ্মশালাত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা বৃদ্ধি কৰে আৰু উন্নত মানৰ চাবোন প্ৰস্তুত কৰিবলৈ সক্ষম হয়। মাত্ৰ ২-৩ হাজাৰ টকাৰ মূলধনেৰে আৰম্ভ কৰা এই ব্যৱসায়ে চাৰি বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত বৰ্তমান লক্ষাধিক টকাৰ কাৰবাৰ কৰিবলৈ সক্ষম হৈছে। স্বামী মাধৱ পাঠকৰ নিৰন্তৰ সহযোগিতাত তেওঁৰ প্ৰস্তুত কৰা সামগ্ৰীসমূহ এতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়। সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে দীপশিখাই নিবনুৱা যুৱক-যুৱতীসকলক চাবোন প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কেঁচামাল সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থাও কৰিছে। বৰ্তমান তেওঁলোকৰ প্ৰতিষ্ঠানে অসমৰ লগতে পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহলৈও চাবোন প্ৰস্তুতকৰণৰ কেঁচামাল যোগান ধৰি আহিছে। বৰ্তমান সময়ত তেওঁলোকৰ প্ৰতিষ্ঠানত ছয়-সাতজন লোকে প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিছে। নিজৰ অভিজ্ঞতাৰ পৰা দীপশিখাই নিবনুৱা যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ আহ্বান জনাইছে। অসমৰ বাতৰি / খবৰ / অসম / Barpeta News: ঘৰতেই চাবোন প্ৰস্তুত কৰি গঢ়িছে এটা উদ্যোগ, বৰপেটাৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ Barpeta News: ঘৰতেই চাবোন প্ৰস্তুত কৰি গঢ়িছে এটা উদ্যোগ, বৰপেটাৰ এগৰাকী মহিলাই দেখুৱাইছে আদৰ্শ স্বাৱলম্বীতাৰ বাট মুকলি বৰপেটাৰ এগৰাকী উদ্যমী যুৱতী স্ব-নিযুক্তিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ এক উদাহৰণ দাঙি ধৰিছে বৰপেটাৰ দীপশিখা পাঠকে। চাবোনৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ কেৱল নিজকে স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ বহু কেইজন নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰিছে। অধিক পঢ়ক … 1-MIN READ local18 Barpeta,Barpeta,Assam Last Updated : November 5, 2024, 4:21 pm IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Jilious Das সম্পৰ্কীয় বাতৰি স্ব-নিযুক্তিৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ এক উদাহৰণ দাঙি ধৰিছে বৰপেটাৰ দীপশিখা পাঠকে। চাবোনৰ ব্যৱসায়ৰ জৰিয়তে তেওঁ কেৱল নিজকে স্বাৱলম্বী কৰাই নহয়, অঞ্চলটোৰ বহু কেইজন নিবনুৱা যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগো প্ৰদান কৰিছে। ২০২০ চনত প্ৰথমতে ইণ্টাৰনেটৰ সহায়ত চাবোন প্ৰস্তুত কৰাৰ প্ৰাথমিক জ্ঞান আহৰণ কৰি যাত্ৰা আৰম্ভ কৰিছিল দীপশিখা পাঠকে। পিছত ২০২১ চনত তেওঁ কেইবাখনো চাবোন প্ৰস্তুতকৰণৰ কৰ্মশালাত অংশগ্ৰহণ কৰি নিজৰ দক্ষতা বৃদ্ধি কৰে আৰু উন্নত মানৰ চাবোন প্ৰস্তুত কৰিবলৈ সক্ষম হয়। মাত্ৰ ২-৩ হাজাৰ টকাৰ মূলধনেৰে আৰম্ভ কৰা এই ব্যৱসায়ে চাৰি বছৰৰ কঠোৰ পৰিশ্ৰমৰ অন্তত বৰ্তমান লক্ষাধিক টকাৰ কাৰবাৰ কৰিবলৈ সক্ষম হৈছে। স্বামী মাধৱ পাঠকৰ নিৰন্তৰ সহযোগিতাত তেওঁৰ প্ৰস্তুত কৰা সামগ্ৰীসমূহ এতিয়া অসমৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰা হয়। বিজ্ঞাপন সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে দীপশিখাই নিবনুৱা যুৱক-যুৱতীসকলক চাবোন প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কেঁচামাল সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থাও কৰিছে। বৰ্তমান তেওঁলোকৰ প্ৰতিষ্ঠানে অসমৰ লগতে পাৰ্শ্বৱৰ্তী ৰাজ্যসমূহলৈও চাবোন প্ৰস্তুতকৰণৰ কেঁচামাল যোগান ধৰি আহিছে। বৰ্তমান সময়ত তেওঁলোকৰ প্ৰতিষ্ঠানত ছয়-সাতজন লোকে প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিছে। নিজৰ অভিজ্ঞতাৰ পৰা দীপশিখাই নিবনুৱা যুৱক-যুৱতীসকলক কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সফলতা অৰ্জন কৰিবলৈ আহ্বান জনাইছে। বিজ্ঞাপন Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Barpeta , local18 First Published : November 5, 2024, 4:21 pm IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.