বিষ্ণু শইকীয়াঃ খাৰুৱা তেলৰ বাবে চহকী মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ দাবানল। সমগ্ৰ মধ্যপ্ৰাচ্যত অস্থিৰতাৰ সৃষ্টি কৰি ইটোৰ পাছত সিটো শক্তিৰ সৈতে যুদ্ধত লিপ্ত হৈছে ইজৰাইল। পাৰমাণৱিক শক্তিধৰ দেশ হৈও সৰু সৰু শক্তিৰ সৈতে নিৰৱিচ্ছিন্ন যুঁজত লিপ্ত হ’বলগীয়া ইজৰাইলৰ যুদ্ধোন্মাদ চৰিত্ৰই কেৱল মধ্যপ্ৰাচ্যতে বিশ্বৰ আন প্ৰান্ততো ইয়াৰ প্ৰভাৱ পেলাইছে। মানৱীয় আৰু ভূ-ৰাজনৈতিক দিশৰ পৰা ইজৰাইলৰ এই যুদ্ধই ভৱিষ্যত দিনবোৰত আৰু অধিক অশান্ত কৰি তুলিব বিশ্বৰ পৰিস্থিতি। ২০২৩ চনৰ ৭অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সংঘাতে মধ্যপ্ৰাচ্যৰ বহুকেইখন দেশলৈ সম্প্ৰসাৰিত হ’ল। হামাছৰ পাছত য়েমেনৰ ইৰাণ সমৰ্থিত মিলিচীয়া গোট হুথি বিদ্ৰোহী, তাৰ পাছত লেবাননৰ হিজবুল্লা, এইবাৰ ইৰাণ পালেগৈ ইজৰাইলৰ আক্ৰমণে। মাতৃভূমি উদ্ধাৰৰ বাবে কেইবাটাও দশক ধৰি যুঁজ দি অহা পেলেষ্টাইনী জনতাৰ প্ৰতিবাদক মষিমূৰ কৰাই লক্ষ্য আছিল ইজৰাইলৰ। আদিৰে পৰা ইজৰাইলে নিজকে সুৰক্ষিত কৰাৰ স্বাৰ্থত ইৰাণ আৰু বিদ্ৰোহী শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ নিজকে সাজু কৰি তুলিছিল। পৃথিৱীৰ মুক্ত কাৰাগাৰ সদৃশ গাজাক এক প্ৰকাৰ বন্দী ভূমিলৈ পৰ্যবেশিত কৰা ইজৰাইলৰ বিৰুদ্ধে হামাছ অথবা পেলেষ্টাইনী জনতাৰ ক্ষোভ আজিৰ নহয়। যোৱা তিনিটা দশক ধৰি ইৰাক, ইৰাণ, লেবানন, য়েমেন, ছিৰিয়াই ইজৰাইলৰ বিৰুদ্ধে মিলিত শক্তি হিচাপে নিজৰ অস্তিত্ব আৰু সুৰক্ষাৰ প্ৰতি একত্ৰিত হৈ আহিছে, সেয়া বিগত দশকৰ ইতিহাস চালে গম পোৱা যায়। আঞ্চলিক পৰিৱৰ্তন, ইছলামিক ৰাষ্ট্ৰসমূহৰ প্ৰতি ইজৰাইলৰ আক্ৰমণাত্মক মনোভাৱে মিলিচীয়া, হামাছ, হিজবুল্লাৰ দৰে শক্তিসমূহক একত্ৰিত হোৱাত অৰিহণা যোগাই আহিছে। মধ্যপ্ৰাচ্যত নিজকে অন্যতম শক্তি হিচাপে পৰিচয় দিবলৈ চেষ্টা কৰি আহিছে ইৰাণৰ দৰে পাৰমাণৱিক শক্তিধৰ দেশে। ইছলামিক বিদ্ৰোহী শক্তিসমূহক ধনবল, মনোবল, আশ্ৰয় দিয়াই নহয় বিদ্ৰোহী সংগঠনসমূহৰ শীৰ্ষ নেতৃত্বক আশ্ৰয় দি বিগ ব্ৰাডাৰ হ’বলৈও চেষ্টা কৰি আহিছে ইৰাণে। আজিৰ তাৰিখত ইৰাণ হৈছে হামাছ, হিজবুল্লা অথবা হুথি বিদ্ৰোহীৰ দৰে গোটসমূহৰ বাবে অন্যতম নিৰাপদ আশ্ৰয়স্থল আৰু অভিভাৱকস্বৰূপ। ছিৰিয়াৰ কথা নক’লেও হ’ব যে ইৰাণৰ সুৰতে সুৰ মিলাই ছিৰিয়াৰ দৰে কট্টৰ ইছলামিক দেশেও যোগাইছে ইন্ধন। হিজবুল্লা কোন? কেনেকৈ হিজবুল্লাৰ জন্ম হ’ল? মধ্যপ্ৰাচ্যত অন্যতম শক্তিশালী স্থিতি থকা হিজবুল্লা হৈছে এক প্ৰভাৱশালী ছিয়া মুছলমান বিদ্ৰোহী গোট। হিজবুল্লাৰ অৰ্থ হৈছে ঈশ্বৰৰ দল। ইজৰাইলৰ মূৰৰ কামোৰণি স্বৰূপ হিজবুল্লা কেৱল সশস্ত্ৰ সংগঠনেই নহয় ইয়াৰ এটা ৰাজনৈতিক গোটো আছে। লেবাননৰ সাংসদ আৰু চৰকাৰ উভয়তে আছে হিজবুল্লাৰ শক্তিশালী উপস্থিতি। লেবাননৰ চৰকাৰত হিজবুল্লাৰ নিয়ন্ত্ৰণ সৰ্বাধিক। কেৱল ইমানেই নহয় লেবাননৰ শক্তিশালী সামৰিক বাহিনীও হিজবুল্লাৰ নিয়ন্ত্ৰণতে আছে। ১৯৯০চনত হোৱা গৃহযুদ্ধৰ সময়ত ইজৰাইলে দক্ষিণ লেবানন দখল কৰিবলৈ চেষ্টা চলাইছিল। সেই সময়ছোৱাতে জন্ম হৈছিল হিজবুল্লাৰ দৰে সংগঠনৰ। ১৯৮০চনত চালুকীয়াকৈ গঠন হোৱা হিজবুল্লাই পৰৱৰ্তী সময়ত লেবাননৰ লগতে ইছলামিক দেশসমূহত ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰে। কিয়নো পূৰ্বৰে পৰা বহুকেইখন ইছলামিক দেশৰ অন্যতম শত্ৰু আছিল ইজৰাইল। ইজৰাইলৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা হিজবুল্লাই লাভ কৰিছিল সকলো ধৰণৰ সমৰ্থন। ইৰাণৰ পৰা হিজবুল্লাই জন্মলগ্নৰ পৰাই অৰ্থনৈতিক আৰু সামৰিক দুয়োটা দিশতে লাভ কৰিছিল সমৰ্থন। ইয়াৰোপৰি ছিৰিয়াৰ দৰে কট্টৰ ইছলামিক দেশৰ সেই সময়ৰ ৰাষ্ট্ৰপতি বাছাৰ আছাদেও সহায়ৰ হাত আগবঢ়াইছিল হিজবুল্লালৈ। ২০০০চনত যেতিয়া ইজৰাইলৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই ইজৰাইলৰ দখলদাৰী বাহিনীক লেবাননৰ দক্ষিণ ভূখণ্ডৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰালে হিজবুল্লাই। লগে লগে হিজবুল্লা পূৰ্বতকৈ অধিক শক্তিশালী আৰু জনপ্ৰিয় হৈ পৰিল মধ্যপ্ৰাচ্যত। ২০০৬চনত ইজৰাইল আৰু হিজবুল্লাৰ পুনৰ সংঘাত হয়। এইবাৰ পূৰ্ণাংগ যুদ্ধৰ ৰূপ লয় দুয়োটা শক্তিৰ মাজত। হিজবুল্লাই নিজৰ সীমা অতিক্ৰম কৰি ইজৰাইলৰ ভূ-খণ্ড পৰ্যন্ত আক্ৰমণ কৰে। লগে লগে ইজৰাইল সেনাই সীমান্তৰ কাষতে থকা লেবাননৰ দক্ষিণ দিশত ভয়ংকৰ আক্ৰমণ কৰে। য’ত ১০০০ৰো অধিক সাধাৰণ নাগৰিকে মৃত্যুক সাৱটি লয়। এই যুদ্ধই ইজৰাইলক এশিকনি দিয়াই নহয়, এনেধৰণৰ শক্তিসমূহৰ বিৰুদ্ধে যুঁজিবলৈ ভৱিষ্যতৰ দিনবোৰত আৰু অধিক সষ্টম কৰি তোলে। সমান্তৰালভাৱে ইজৰাইল, কেইবাখনো পশ্চিমীয়া ৰাষ্ট্ৰ আৰু উপসাগৰীয় আৰৱ ৰাষ্ট্ৰই হিজবুল্লাক সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়ে বিশ্বৰ আগত। ১৯৯২চনৰ পৰাই লেবাননত ৰাজনৈতিক সক্ৰিয়তা দেখা যায় হিজবুল্লাৰ। লেবাননৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ হিজবুল্লা এক প্ৰধান ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। ২০২২ চনৰ নিৰ্বাচনত হিজবুল্লা আৰু ইয়াৰ মিত্ৰদলসমূহে সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাই। কিন্তু বৰ্তমান লেবাননত কোনো স্থায়ী চৰকাৰ নাই। এখন অন্তৱৰ্তীকালীন চৰকাৰেহে লেবাননৰ শাসন চলাই আছে। অৱশ্যে এই অন্তৱৰ্তীকালীন চৰকাৰখনত হিজবুল্লা আৰু ইয়াৰ মিত্ৰদলৰ সদস্যও মন্ত্ৰী হিচাপে আছে। হিজবুল্লাক লৈ লেবাননতে আছে দুটা ভাগ। বিৰোধী ৰাজনৈতিক দলসমূহে হিজবুল্লাৰ ৰাজনৈতিক গোটৰ বিৰুদ্ধে উত্থাপন কৰি আহিছে ব্যাপক দুৰ্নীতিৰ অভিযোগ। যাক লৈ দেশখনত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈ আহিছে। যদিও সন্ত্ৰাসবাদী সংগঠন হিচাপে অভিহিত কৰা হৈছে হিজবুল্লাক, লেবাননত হিজবুল্লাৰ ৰাজনৈতিক গোটে বিদ্যালয়, চিকিৎসালয়, সাংস্কৃতিক প্ৰতিষ্ঠান আৰু দাতব্য ন্যাস আদি চলাই আছে। সামৰিকভাৱে অত্যন্ত শক্তিশালী হিজবুল্লাবিশ্বৰ আন সন্ত্ৰাসবাদী সংগঠনৰ তুলনাত হিজবুল্লাৰ আছে বিশাল সামৰিক বাহিনী। দক্ষিণ লেবাননত হিজবুল্লাৰ আছে শ শ যুঁজাৰু বিমান, ক্ষেপণাস্ত্ৰ, পদাতিক সৈন্য আদি। নিজা বায়ুসেনাও আছে হিজবুল্লাৰ দৰে সংগঠনৰ। মধ্যপ্ৰাচ্যৰ ভিতৰতে অন্যতম শক্তিশালী সন্ত্ৰাসবাদী সংগঠন বুলি কোৱা হয় হিজবুল্লাক। ইৰাণৰ সমৰ্থন আৰু অৰ্থনৈতিক, সামৰিক সাহায্যত হিজবুল্লা গঢ়ি তুলিছিল শক্তিশালী ভেটি। কোৱা হয় যে, হিজবুল্লাৰ এক লাখতকৈও অধিক যোদ্ধা আছে। ইয়াৰ ভিতৰত ২০ৰ পৰা ৫০হাজাৰ স্বতন্ত্ৰ যোদ্ধা আছে। অত্যাধুনিক শিক্ষাৰে শিক্ষিত, সু-প্ৰশিক্ষিত হিজবুল্লাৰ যোদ্ধাই ছিৰিয়াৰ গৃহযুদ্ধতো ভাগ লৈছিল। চেণ্টাৰ ফৰ ষ্ট্ৰেটেজিক এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ মতে হিজবুল্লাৰ হাতত ১লাখ ২০ হাজাৰৰ পৰা ২লাখ ৰকেট আৰু মিছাইল মজুত আছে। ধাৰণা কৰা হয় যে, বিমান বিৰোধী, জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰৰ লগতে ইজৰাইলৰ ভূখণ্ডৰ মাজভাগলৈকে আক্ৰমণ কৰিব পৰা গাইডেড মিছাইলো মজুত আছে হিজবুল্লাৰ হাতত। এক অৰ্থত হামাছৰ তুলনাত অধিক শক্তিশালী হিজবুল্লা সন্ত্ৰাসবাদী। হিজবুল্লাৰ সৈতে ইজৰাইলৰ সংঘাতৰ কাৰণকাহিনী যদিও নতুন, আঁত বিচাৰিলে ঘুৰি যাব লাগিব ১৯৭৫চনলৈ। যিকি নহওক হামাছ আৰু ইজৰাইলৰ সংঘাতত সাৰপানী যোগাই ইজৰাইলক আক্ৰমণ কৰাৰ বাবেই হিজবুল্লাৰ বিৰুদ্ধে আৰম্ভ হৈছিল নতুন সংঘাত। ২০২৩চনৰ ৮অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ সময়ত হিজবুল্লাইও দক্ষিণ প্ৰান্তৰ পৰা ইজৰাইললৈ শ শ ৰকেট, মিছাইল নিক্ষেপ কৰি হামাছৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল। হামাছৰ অৱস্থা তথৈৱচ হোৱাৰ পাছতো হিজবুল্লাই এৰি দিয়া নাছিল ইজৰাইলক। হামাছৰ শ শ যোদ্ধা ৰণত পৰিল, এক প্ৰকাৰ গাজাষ্ট্ৰীপ মৰিশালীত পৰিণত হ’ল। হামাছৰ স্থল আৰু ৰকেট, মিছাইল আক্ৰমণত ইজৰাইলত ১৬০০ৰো অধিক লোকৰ মৃত্যু হ’ল, এতিয়াও ডেৰ শতাধিক লোক সন্ধানহীন হৈ আছে। গাজাষ্ট্ৰীপতো হাজাৰ হাজাৰ লোকৰ প্ৰাণ হানি হ’ল। ৰাষ্ট্ৰ সংঘৰ কেইবাজনো কৰ্মী, সাংবাদিক, চিকিৎসাকৰ্মী নিহত হ’ল। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যাপক সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো যুদ্ধ বন্ধ নকৰি দুগুণ উৎসাহেৰে গাজাক ধ্বংসস্তুপলৈ পৰিণত কৰাত লাগি থাকিল ইজৰাইল। হামাছৰ লগে লগেই হিজবুল্লাইও ইজৰাইলক ব্যতিব্যস্ত কৰি তুলিছিল। ইজৰাইলৰ আকাশলৈ লক্ষ্য কৰি হিজবুল্লাই এৰিছিল শ শ ৰকেট, গাইডেড মিছাইল। হিজবুল্লাই উত্তৰ ইজৰাইল আৰু গোলান হাইটছত ৮ হাজাৰৰো অধিক ৰকেট নিক্ষেপ কৰিছিল। কেৱল আকাশ মাৰ্গেৰেই নহয়, সামৰিক বাহন, টেংকবিৰোধী ক্ষেপণাস্ত্ৰৰে স্থলভাগেৰেও আক্ৰমণ কৰিছিল ইজৰাইলক। ইজৰাইলৰ কেইবাটাও সামৰিক ঘাটিত আক্ৰমণ চলোৱা হিজবুল্লাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু। আক্ৰমণ প্ৰত্যাক্ৰমণত বিধ্বস্ত দক্ষিণ লেবানন। বেইৰুটত এই পৰ্যন্ত শতাধিক মাৰাত্মক আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল ডিফেঞ্চ ফৰ্চে। এজন এজনকৈ হিজবুল্লাৰ আটাইকেইজন সামৰিক প্ৰধানক হত্যা কৰা হৈছে। শেহতীয়াকৈ হিজবুল্লাৰ প্ৰধান তথা অন্যতম প্ৰতিষ্ঠাপক সদস্য হাছান নাছাৰুল্লাক ভূ-গৰ্ভস্থিত গোপন কাৰ্যালয়ত আমেৰিকাৰ দ্বাৰা নিৰ্মিত অতি বিধ্বংসী বাংকাৰা ব্লাষ্টাৰ বোমাৰে হত্যা কৰে। লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণে ডাহিয়েহত মূল ভূখণ্ডৰ পৰা প্ৰায় ৮০ফুট তলত থকা হিজবুল্লাৰ মুখ্য কাৰ্যালয়ত চলি থকা এখন গুৰুত্বপূৰ্ণ বৈঠকৰ সময়তে ইজৰাইলে হত্যা কৰে হাছান নাছাৰুল্লাক। ইজৰাইলৰ আক্ৰমণ ইমানেই বিধ্বংসী আছিল যে, ৬টা অট্টালিকা নিমিষতে মাটিৰ সৈতে মিহলি হৈ গৈছিল। এই ঘটনাৰ মাত্ৰ ৮ দিনৰ পাছত পুনৰবাৰ হিজবুল্লাই হত্যা কৰিলে হাছান নাছাৰুল্লাৰ উত্তৰাধিকাৰী তথা হিজবুল্লাৰ নতুন প্ৰধান হাছেম ছাফিদ্দিনক। সমগ্ৰ মধ্যপ্ৰাচ্যত প্ৰভাৱ থকা হাছান নাছাৰুল্লাৰ হত্যাই হিজবুল্লাক যথেষ্ট ক্ষতিসাধন কৰিছে সেয়া নিশ্চিত। তিনি দশকৰো অধিক সময় হিজবুল্লাক মধ্যপ্ৰাচ্যত শক্তিশালী কৰাত অন্যতম ভূমিকা লৈছিল হাছান নাছাৰুল্লাই। আৰু এটা কাৰণে আছে ইজৰাইলে লেবানন আক্ৰমণ কৰাৰ। সেইটো হৈছে পেলেষ্টাইনী মুক্তি বাহিনী পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যন(PLO)ৰ বহুসংখ্যক নেতাক লেবাননে আশ্ৰয় দিয়াটোত ক্ষুন্ন হৈছিল ইজৰাইল। ১৯৬০চনৰ পৰাই পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্যনৰ বহু নেতাই থিতাপি লৈছিল লেবাননত। তাৰ পৰাই ইজৰাইলৰ বিৰুদ্ধে চলাই গৈছিল আক্ৰমণৰ ৰূপৰেখা। যুদ্ধ হৈ থাকিলে লাভান্বিত হ’ব আমেৰিকামধ্যপ্ৰাচ্যত ইজৰাইল আৰু হিজবুল্লাৰ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত। শ শ লোকৰ মৃত্যু হৈছে লেবাননত। সংখ্যাৰ হিচাপত নিৰ্দিষ্টকৈ একো ক’ব পৰা নাযায়, কিয়নে প্ৰতিদিনেই নিহতৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। তাৰমাজতে সুযোগ সন্ধানী আমেৰিকাই ইজৰাইলক নিজৰ স্বাৰ্থ পূৰণৰ বাবে প্ৰতিনিয়ত আগবঢ়াই আছে সমৰ্থন। শেহতীয়াকৈ আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে ইজৰাইললৈ আগবঢ়াইছে ১৫৭মিলিয়ন ডলাৰৰ সাহায্য ঘোষণা কৰিছে। মধ্যপ্ৰাচ্যৰ ভূ-ৰাজনীতি নিজৰ নিয়ন্ত্ৰণৰ ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে আমেৰিকাই। শান্তি সম্প্ৰীতিৰ বিপৰীতে আমেৰিকাৰ চকু মধ্যপ্ৰাচ্যৰ তেলৰ ভাণ্ডাৰসমূহত। যাৰ বাবে বিগত কেইবাটাও দশক ধৰি ইছলামিক ৰাষ্ট্ৰসমূহৰ বিৰোধ কৰা শক্তিসমূহক আমেৰিকাই সদায়েই উচতনি দি আহিছে। প্ৰয়োজনত সামৰিক আৰু আৰ্থিক সাহায্যও প্ৰদান কৰিছে। এফালে মধ্যপ্ৰাচ্যৰ তেলৰ বজাৰ নিয়ন্ত্ৰণৰ দুৰ্বাৰ হেপাঁহ, আনফালে অস্ত্ৰৰ বজাৰখন সুকলমে চলাই নিয়াৰ স্বাৰ্থতে শান্তিৰ সলনি আমেৰিকাই সংঘাত নিৰসনৰ পৰিৱৰ্তে উচতাই অহা দেখা গৈছে। কূটনৈতিক অদূৰদৰ্শিতা, নিজৰ মাজতে থকা গোষ্ঠীগত সংঘাত, ৰাজনৈতিক নেতৃত্বৰ ভূ-ৰাজনৈতিক অদক্ষতা আৰু সন্ত্ৰাসবাদৰ মেৰপেচত বহুকেইখন ইছলামিক ৰাষ্ট্ৰই আজি অস্থিৰতাৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। ইছলামিক ৰাষ্ট্ৰসমূহৰ তুলনাত ইজৰাইলৰ অন্যতম শক্তিশালী অস্ত্ৰ হৈছে মোছাদৰ দৰে বিশ্বৰ ভিতৰতে অদ্বিতীয় চোৰাংচোৱা সংস্থা। যিয়ে বিশ্বৰ যিকোনো দেশতে অকল্পনীয়, অভাৱনীয়ভাৱে সফল অভিযান চলাব পাৰে। তাৰ প্ৰমাণ ইতিমধ্যে আমি দেখিছো শেহতীয়াকৈ লেবাননত কৰা পেজাৰ আৰু ৱাকী টকী বিস্ফোৰণ, হামাছৰ ৰাজনৈতিক মুৰব্বী ইছমাইল হানিয়েহক ইৰাণৰ ৰাজধানী তেহৰাণত কৰা হত্যা। ৰাষ্ট্ৰসংঘইও তলাব নোৱাৰা ইজৰাইলক ক্ষান্ত কৰিব নোৱাৰিলে ভৱিষ্যতৰ দিনসমূহত মধ্যপ্ৰাচ্যৰ পৰিস্থিতি আৰু অধিক ভয়ংকৰ হৈ উঠিব যে তাত কোনো সন্দেহ নাই। কাৰণ ইজৰাইলে যদি এইবাৰ ইৰাণ আক্ৰমণ কৰে তেনেহ’লে পৰিস্থিতি আৰু অধিক বেয়াৰ ফাললৈ ঢাল খাব। কাৰণ ইৰাণৰ লগতে ছিৰিয়া, য়েমেনেও উভতি ধৰিব ইজৰাইলক। None
Popular Tags:
Share This Post:
What’s New
Spotlight
CRPFৰ পৰৱৰ্তী সঞ্চালক প্ৰধান জি পি সিং! কোন হ'ব অসম আৰক্ষীৰ পৰৱৰ্তী DGP?
- by Sarkai Info
- December 20, 2024
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Featured News
Latest From This Week
Benefits of Curd: নিয়মিতভাৱে খাবলৈ আৰম্ভ কৰক দৈ, এমাহৰ ভিতৰতে লাভ কৰিব ফলাফল
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.