NEWS

কাৰ্বি পাহাৰত তামোল খেতিৰে কৃষি বিপ্লৱ!

তামুলৰ খেতিৰে মুকলাইছে স্বাৱলম্বনৰ পথ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত তামোল খেতিৰ প্ৰয়োভৰ ৷ সেউজ পাহাৰে শোভাবৰ্ধন কৰি থকা পাৰ্বত্য জিলাখনৰ সুউচ্চ পাহাৰত একাংশ বনদস্যুৱে চলাই অহা দৌৰাত্ম্যৰ বিপৰীত স্থানীয় লোক সকলে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ বিশেষভাৱে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি জনগোষ্ঠীয় গাঁও সমূহৰ বাসিন্দা সকলে পৰ্যটন ব্যৱসায়ক আঁকোৱালি ল’বলৈ আৰম্ভ কৰাৰ লগতে তামোলৰ খেতিৰে মোকলাইছে স্বাৱলম্বনৰ পথ ৷ মন কৰিব লগীয়া যে পৰিকল্পিতভাৱে কৰা তামোলৰ খেতিয়ে কৃষক সকলক লাভাম্বিত কৰাৰ ওপৰি ইয়াৰ সুন্দৰতা পৰ্যটকৰ বাবে হ’ব পাৰে আন এক আকৰ্ষণ ৷ প্ৰায় প্ৰতিটো পৰিয়ালে কৰা তামোলৰ খেতিৰ যোগদি লাভৰ মুখ দেখাৰ পাছত কেইবা বিঘা মাটি সামৰি কৰিবলৈ আৰম্ভ কৰিছে তামোলৰ খেতি ৷ সুখবৰ যে উৎপাদিত তামোলে অসমৰ বজাৰ দখল কৰাৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে কৃষক সকল ৷ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আন এক দিশ হ’ল পাহাৰ সংৰক্ষণ ৷ বৰ্তমান সময়ত পাহাৰৰ খহনীয়াই বহু স্থানত লৈছে ভয়াবহ ৰূপ ৷ বিশেষজ্ঞৰ মতে ইয়াৰ অন্যতম কাৰণ পাহাৰত চলোৱা মানুহৰ বৰ্বৰোচিত কামকাজ ৷ গতিকে পাহাৰৰ ওপৰত কৰা তামুলৰ খেতিয়ে পাহাৰৰ খহনীয়াক কিছু পৰিমাণে হ’লে লাঘৱ কৰাৰ পৰিকল্পনাৰে কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগে তামুলৰ খেতিৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াইছে কৃষক সকলক ৷কৃষক সকলৰ এই প্ৰদক্ষেপে পৰোক্ষ ভাৱে হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ বাবে সহায়ক হ’ব বুলি আশাবাদী সচেতন মহল৷ অসমৰ বাতৰি / খবৰ / Kaziranga / Karbi Hills: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত তামোল খেতিৰ মোকলাইছে স্বালম্বনৰ বাট Karbi Hills: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত তামোল খেতিৰ মোকলাইছে স্বালম্বনৰ বাট তামুলৰ খেতিৰে মুকলাইছে স্বাৱলম্বনৰ পথ ৷ পৰিকল্পিত ভাৱে কৰা তামোলৰ খেতিয়ে কৃষক সকলক লাভাম্বিত কৰাৰ ওপৰি ইয়াৰ সুন্দৰতা পৰ্যটকৰ বাবে হ’ব পাৰে আন এক আকৰ্ষণ৷ অধিক পঢ়ক … 1-MIN READ local18 Assam Last Updated : June 19, 2024, 10:47 am IST Whatsapp Facebook Telegram Twitter Published By : kangkan deka Reported By : Sri Piush Das সম্পৰ্কীয় বাতৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশৰ কাৰ্বি পাহাৰত তামোল খেতিৰ প্ৰয়োভৰ ৷ সেউজ পাহাৰে শোভাবৰ্ধন কৰি থকা পাৰ্বত্য জিলাখনৰ সুউচ্চ পাহাৰত একাংশ বনদস্যুৱে চলাই অহা দৌৰাত্ম্যৰ বিপৰীত স্থানীয় লোক সকলে আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ বিশেষভাৱে কাজিৰঙাৰ দাঁতি কাষৰীয়া কাৰ্বি জনগোষ্ঠীয় গাঁও সমূহৰ বাসিন্দা সকলে পৰ্যটন ব্যৱসায়ক আঁকোৱালি ল’বলৈ আৰম্ভ কৰাৰ লগতে তামোলৰ খেতিৰে মোকলাইছে স্বাৱলম্বনৰ পথ ৷ মন কৰিব লগীয়া যে পৰিকল্পিতভাৱে কৰা তামোলৰ খেতিয়ে কৃষক সকলক লাভাম্বিত কৰাৰ ওপৰি ইয়াৰ সুন্দৰতা পৰ্যটকৰ বাবে হ’ব পাৰে আন এক আকৰ্ষণ ৷ বিজ্ঞাপন প্ৰায় প্ৰতিটো পৰিয়ালে কৰা তামোলৰ খেতিৰ যোগদি লাভৰ মুখ দেখাৰ পাছত কেইবা বিঘা মাটি সামৰি কৰিবলৈ আৰম্ভ কৰিছে তামোলৰ খেতি ৷ সুখবৰ যে উৎপাদিত তামোলে অসমৰ বজাৰ দখল কৰাৰ লগতে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে কৃষক সকল ৷ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আন এক দিশ হ’ল পাহাৰ সংৰক্ষণ ৷ বৰ্তমান সময়ত পাহাৰৰ খহনীয়াই বহু স্থানত লৈছে ভয়াবহ ৰূপ ৷ বিশেষজ্ঞৰ মতে ইয়াৰ অন্যতম কাৰণ পাহাৰত চলোৱা মানুহৰ বৰ্বৰোচিত কামকাজ ৷ বিজ্ঞাপন গতিকে পাহাৰৰ ওপৰত কৰা তামুলৰ খেতিয়ে পাহাৰৰ খহনীয়াক কিছু পৰিমাণে হ’লে লাঘৱ কৰাৰ পৰিকল্পনাৰে কাৰ্বি আংলং ভূমি সংৰক্ষণ বিভাগে তামুলৰ খেতিৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়াইছে কৃষক সকলক ৷কৃষক সকলৰ এই প্ৰদক্ষেপে পৰোক্ষ ভাৱে হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ বাবে সহায়ক হ’ব বুলি আশাবাদী সচেতন মহল৷ Whatsapp Facebook Telegram Twitter অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম অসমত। Tags: Agriculture , local18 First Published : June 19, 2024, 10:47 am IST অধিক পঢ়ক None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.