চিত্ৰকলাৰ জড়িয়তে উজ্জ্বলিছে মৰাণৰ এগৰাকী অসাধাৰণ যুৱতী। চিত্ৰকলাৰ জড়িয়তে উজ্জ্বলিছে মৰাণৰ এগৰাকী অসাধাৰণ যুৱতী। অংকনা মহত্বৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে ৰাস্তাই ঘাটে পৰি থকা বিভিন্ন শিল। পথত পৰি থকা শিলগুটিক প্ৰাণ দিয়া এগৰাকী অসাধাৰণ যুৱতী। যাৰ হাতৰ পৰশত ৰাস্তাই ঘাটে পৰি থকা শিলে বিভিন্নৰূপ পাবলৈ সক্ষম হয়। পৰিত্যক্ত শিলসমূহত যুৱতী গৰাকীয়ে এক অনন্য ৰূপ দি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। মৰাণৰ অংকনা মহত্বৰ হাতৰ যেন আছে যাদু। পথৰ কাষত পৰি থকা সৰু সৰু চেপেটা শিলবিলাকত জৱাহৰলাল নেহেৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, মামনি ৰয়ছম গোস্বামী, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আদি বৰণ্য ব্যক্তি সকলৰ প্ৰতিচ্ছবি অংকন কৰি ডিব্ৰুগড় জিলাখনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীৰ কয়লাগড়া গাঁৱৰ অংকনা মহত্বই সৰু সৰু শিলত অসমৰ বিখ্যাত ব্যক্তিসকৰ ছবি অংকন কৰি ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ড ২০২৩’ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে এতিয়া অংকনাৰ শিলত অংকিত ছবি সমূহে চৰ্চা লাভ কৰিছে। চিত্ৰকলাৰ জড়িয়তে আকাশ চোৱাৰ সপোন দেখিছে মৰাণৰ অংকনাই। দৰিদ্ৰ পৰিয়ালৰ অংকনাই চিত্ৰ কলাৰ জৰিয়তে এতিয়া উজ্জ্বলি উঠিছে বিভিন্ন স্থানত। অংকনাৰ পিতৃ পোনা মহত্ব এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষক আৰু মাতৃ মীনা চুতীয়া এগৰাকী অংগনবাডী সহায়িকা কৰ্মী হিচাপে কৰ্মৰত। আৰ্থিক দীনতাই অংকনাহঁতক চেপি খুন্দি ধৰিলেও কিন্তু অংকনা থমকি ৰোৱা নাই। অংকনাই একো একোটা শিলত আঁকি গৈছে মহান মনিষী সকলৰ ছবি। মৰাণৰ প্ৰতিভাৱান অংকনাৰ ছবি আঁকি ভাল পায়। সৰুৰে পৰাই ছবি আকি ভালপাইছিল অংকনাই। সৰুতে চৰাই এজনীৰ ছবি আঁকি থকা দেখি অংকনাৰ মাতৃয়ে চিত্ৰকলাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিছিল। কিন্তু আৰ্থিক অনাটনৰ বাবে সেয়া আধাতে এৰিবলগীয়া হৈছিল অংকনাই। ২০২২ চনৰ পৰা পুনৰ নিজে নিজে ছবি আকিবলৈ আৰম্ভ কৰে প্ৰতিভাবান যুৱতীগৰাকীয়ে। সকলো প্ৰত্যহবান নেওচি অংকনাই অংকন কৰি গৈছে বিভিন্ন ছবি। None
Popular Tags:
Share This Post:
Allu Arjun: বিপদে লগ এৰা নাই আল্লু অৰ্জুনৰ! পুনৰ আল্লু অৰ্জুনৰ বিৰুদ্ধে দাখিল এজাহাৰ!
December 24, 2024What’s New
Spotlight
Today’s Hot
-
- December 20, 2024
-
- December 20, 2024
-
- December 20, 2024
Featured News
Indore Airport : ইন্দোৰ বিমানবন্দৰ হ’ব দেশৰ প্ৰথমটো আৱৰ্জনা শূন্য বিমানবন্দৰ
- By Sarkai Info
- December 20, 2024
অসম-অৰুণাচল সীমান্তত আঘোণৰ শেষত ন-খোৱা পৰ্ব, সকলোৱে মিলি ন-চাউলেৰে খালে এসাঁজ
- By Sarkai Info
- December 20, 2024
Latest From This Week
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক আটক, হাতীগাঁও থানাৰ সন্মুখৰ পৰা আটক কৰিলে আৰক্ষীয়ে
NEWS
- by Sarkai Info
- December 20, 2024
Subscribe To Our Newsletter
No spam, notifications only about new products, updates.