NEWS

Dr. Hiren Gohain : ‘বৰ্তমান চাৰ্কাছলৈ পৰিণত হৈছে অসম সাহিত্য সভা, মানুহ হাঁহে অসম সাহিত্য সভাক’ - ড০ হীৰেন গোহাঁই

“চিৰ চেনেহী মোৰ ভাষা জননী”, অসম সাহিত্য সভাৰ আদৰণি এই গীতটো প্ৰতিগৰাকী অসমীয়াৰ বাবে তেনেই আপোন এটি গীত। ঠিক তেনেদৰে স্বদেশক ভাল পোৱা, গুণৰ কোনোদিন শেষ নোহোৱা ৰূপহী অসমক ভালপোৱা প্ৰতিগৰাকী লোকৰ শিৰাই শিৰাই আছে অসম সাহিত্য সভাৰ প্ৰতি অসীম দৰদ। অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯১৭চনত জন্ম হৈছিল অসম সাহিত্য সভাৰ। বৰ্তমান অসমৰ লগতে বহিঃৰাজ্যত আছে ইয়াৰ হাজাৰৰ অধিক শাখা। কিন্তু, প্ৰতিগৰাকী অসমীয়াৰ দাপোন স্বৰূপ অসম সাহিত্য সভাৰ ভিতৰ চ’ৰাত ক্ৰমান্বয়ে যেন সংঘটিত হ’বলৈ ধৰিছে বিভিন্ন বিক্ষিপ্ত ঘটনা। যিবোৰ ঘটনাৰ কথা অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত কেতিয়াও গ্ৰহণযোগ্য নহয়, বা ই আমাৰ বাবে, প্ৰতিগৰাকী অসমীয়াৰ বাবে খুৱেই এক দুৰ্ভাগ্যৰ বিষয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ডালিমচন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মাৰ দৰে যিসকল পুৰোধা ব্যক্তিয়ে অসম সাহিত্য সভাৰ মজিয়া শুৱনি কৰি ৰাখিছিল, সেই অসম সাহিত্য সভাৰ মজিয়াতে এতিয়া ইটোৰ পিছত আনটো বিতৰ্কই লগ নেৰা হৈছে। কিয়নো, আকৌ এক বিতৰ্কৰ মাজত সোমাই পৰিছে অসম সাহিত্য সভা। সেই বিতৰ্ক হৈছে - অসম সাহিত্য সভাৰ সভাপতি পদক লৈ। অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই জাতীয় অনুষ্ঠানটোক লৈ চলিছে বিতৰ্ক। বিশেষকৈ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি গঠন কৰা ৭জনীয়া উচ্চস্তৰীয় কমিটিৰে দুই সদস্য ক্ৰমে ডা° গিৰিশ সন্দিকৈ আৰু ড° নাহেন্দ্ৰ পাডুনৰ নাম পৰৱৰ্তী সভাপতি নিৰ্বাচনৰ তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈয়ে অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে তীব্ৰ বাকবিতণ্ডাৰ। আৰু সেই সকলো খবৰ সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পিছতে বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। যিবোৰ কাৰণত, ৰাজ্যৰ গৰিষ্ঠসংখ্যক তথা সুপ্ৰতিষ্ঠিত সাহিত্যিকে গা এৰাই চলিব খোজে অসম সাহিত্য সভাৰ পৰা। এইবাৰো এই জাতীয় প্ৰতিষ্ঠানৰ ভিতৰচ’ৰাত সভাপতি পদক লৈ আৰম্ভ হোৱা লেতেৰা কাৰবাৰক লৈ আৰম্ভ লেতেৰা কাৰবাৰ। অসম NE ৰ সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক তথা সমালোচক ড০ হীৰেন গোঁহাইয়ে। সাক্ষাৎকাৰত ড০ হীৰেন গোঁহাইয়ে কয়- “অসম সাহিত্য সভাক লৈ মোৰ বৰ বেছি ভাল ভাৱ নাই। আজিৰ দিনত অসম সাহিত্য সভা চাৰ্কাছত পৰিণত হৈছে। মানুহ হাঁহে অসম সাহিত্য সভাক। বৰ্তমানৰ অসম সাহিত্য সভাক লৈ বৰ গম্ভীৰভাৱে মন্তব্য কৰাৰ কোনো প্ৰয়োজন নাই। অসম সাহিত্য সভাত এক টুলুঙা কাৰবাৰ বৰ্তমান চলি আছে। যিসকল বেপাৰী মনোবৃত্তিৰ অধিকাৰী হৈছে, তেওঁলোকে অসম সাহিত্য সভাৰ ভিতৰচ’ৰাত এইবোৰ কাম কৰিছে। মুঠতে, অসম সাহিত্য সভাই তাৰ গৌৰৱ আৰু মৰ্যদা ইতিমধ্যে হেৰুৱাইছে।” None

About Us

Get our latest news in multiple languages with just one click. We are using highly optimized algorithms to bring you hoax-free news from various sources in India.